ভাৰতীয় চিনেমাৰ ইতিহাসত উপাৰ্জনৰ সকলো অভিলেখ ভংগ কৰি বলীউডৰ শেহতীয়া ছবি ‘ধুৰন্ধৰ’-এ এতিয়া এক অনন্য উচ্চতা স্পৰ্শ কৰিছে। এমাহ পূৰ্বে চিত্ৰগৃহত মুক্তি লাভ কৰা এই ছবিখনে ৩২ সংখ্যক দিনত ভাৰতীয় বক্স অফিচত ব্যৱসায়ৰ এক নতুন কীৰ্তিচিহ্ন স্থাপন কৰে। এই বৃহৎ সফলতাৰ লগে লগে ছবিখনে দেশৰ আটাইতকৈ বেছি ধন উপাৰ্জন কৰা হিন্দী ছবিৰ স্বীকৃতি লাভ কৰিছে। ৰণবীৰ সিং, অক্ষয় খান্না আৰু সঞ্জয় দত্তৰ দৰে তাৰকা অভিনীত ছবিখনে ভাৰতীয় বজাৰত ৩২ দিনত মুঠ ৮৩১.৪০ কোটি টকা সংগ্ৰহ কৰিছে। যোৱা ৬ জানুৱাৰীত ছবিখনে ভাৰতত ৫.৭০ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে বিশ্বজুৰি ১২৫৩.৮৩ কোটি টকাৰ বিশাল ব্যৱসায় কৰিবলৈ সক্ষম হয়। এই ধাৰাবাহিক সফলতাই ছবিখনক বিশ্ব দৰবাৰতো এক শক্তিশালী স্থিতি প্ৰদান কৰিছে।
উল্লেখ্য যে ইয়াৰ জৰিয়তে ‘ধুৰন্ধৰ’-এ অল্লু অৰ্জুনৰ অভিনীত ‘পুষ্পা-২’ ছবিখনৰ হিন্দী সংস্কৰণৰ পূৰ্বৰ অভিলেখ ধূলিসাৎ কৰে। ইয়াৰ পূৰ্বে পুষ্পা-২ ছবিয়ে ভাৰতৰ বক্স অফিচত ৮২১ কোটি টকাৰ ব্যৱসায় কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। কিন্তু এতিয়া সেই গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম নহ’ল ছবিখনে। বৰ্তমানৰ এই অগ্ৰগতিৰ পাছত ছবিখনে আগন্তুক দিনত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব পাৰিব নেকি, তাক লৈ চিনেমা প্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। এই সফলতাই বলীউডৰ বাণিজ্যিক দিশটোত যে এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিছে, সেয়া নিশ্চিত হৈ পৰিছে।
