ধুবুৰী জিলাৰ গৌৰীপুৰত ১৪ টাকৈ উট জব্দ

ধুবুৰী জিলাৰ গৌৰীপুৰত ১৪ টাকৈ উট জব্দ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৌৰীপুৰৰ চাৰালদাঙাৰ এটা ইটাভাটাৰ সমীপত ট্ৰাকৰ পৰা উট কেইটা নমোৱাৰ সময়তে ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে গৌৰীপুৰ আৰক্ষীক।ইফালে, আৰক্ষী অহাৰ উমান পাই ট্ৰাকৰ চালক আৰু চোৰাং উট সৰৱৰাহকাৰীৰ দলটো উট আৰু ট্ৰাক খন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অভিযোগ অনুসৰি, চাৰালদাঙা অঞ্চলৰ পৰা আলমগঞ্জ হৈ চৰ অঞ্চলেৰে বাংলাদেশ প্ৰেৰণ কৰাৰ সন্দেহ সৰবৰাহকাৰীৰ বিৰুদ্ধে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *