ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি ; কৰ্মফল নাট মঞ্চস্থ

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী নাট্য গোষ্ঠী ‘অঙ্গনা’ই বিগত বৰ্ষৰ দৰে এইবেলিও ১০ জুলাইৰ পৰা  ১৫ দিনীয়া  কাৰ্যসূচীৰে অনুষ্ঠিত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ ২৫ জুলাইত  সামৰণি পৰে। ১৫ দিনীয়া নাট কৰ্মশালাখন জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আজাৰা ৰাজহ চক্ৰ এলেকাৰ ধাৰাপুৰ চাৰিআলিস্থিত  ভৱেন ঠাকুৰীয়া কমপ্লেক্সত  ১০ জুলাইৰ দিনা  শুভ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে  কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত নৱজ্যোতি নাথ ,  বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি  তপন চন্দ্ৰ দাস ,  ১নং ৰাণী চাপৰি জিলা পৰিষদৰ সদস্য কুশল দাসে  ভাগ লৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।

আনহাতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ স্নাতক তথা খানামুখৰ জীয়ৰী উজ্জ্বলা বৰ্মন ( পিংকী) ৰ তত্বাবধানত অনুষ্ঠিত কৰ্মশালাখনত নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ প্ৰায় ৪০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল । আনহাতে কৰ্মশালাত প্রশিক্ষক হিচাপে ভাগ লৈছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক উজ্বলা বৰ্মন আৰু অমিত পাঠক, গুনাকৰ দেৱগোস্বামী, কমল কৃষ্ণ গোস্বামী , কল্পনা দাস। কৰ্মশালাত  অভিনয়ৰ উপৰিও সংলাপ প্ৰক্ষেপণ, নাট্য খেল, সাধু কথা আৰু গল্প কথন ,  নৃত্য, সংগীত, যোগাভ্যাস আদি বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান কৰি শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ ওপৰত প্ৰশিক্ষণ  প্ৰদান কৰা হয় । কৰ্মশালাখন সফলভাৱে অনুষ্ঠিত কৰাত সকলো দিশতে সহযোগিতা আগবঢ়াইছিল অংগনাৰ শিল্পী ক্ৰমে – ৰূপশ্ৰী ঠাকুৰীয়া , ককংন  দাস, তৃষান বৰ্মন আৰু ৰাজেশ বৰ্মনে। তেনেদৰে ২৫ জুলাইৰ দিনা পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সভাগৃহত  সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনীষা ভট্টাচাৰ্য , বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সাংস্কৃতিক উন্নয়ন বিষয়াদ্বয়  জিতেন কুমাৰ দাস আৰু অংগনা খাটনিয়াৰ, ৰাণী চাপৰি জিলা পৰিষদৰ সদস্য কুশল দাসে ভাগ লৈ অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে।  আনহাতে সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি উজ্বলা বৰ্মনৰ পৰিচালনাত শিক্ষাৰ্থী সকলৰ  দ্বাৰা  “কৰ্মফল” নামৰ এখন নাটক  মঞ্চস্থ কৰা হয় । ইয়াৰ উপৰিও শিক্ষাৰ্থী সকলে বাৰে ৰহনীয়া নৃত্য – গীত পৰিৱেশন কৰে । অনুষ্ঠানত  কৰ্মশালাত ভাগ লোৱা শিক্ষাৰ্থী সকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত শিক্ষাৰ্থী সকলৰ অভিভাৱককে ধৰি সাংস্কৃতিক জগতৰ লগত জড়িত কেবাজনো ব্যক্তি উপস্থিত আছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *