বাংলাদেশৰ সাংসদ প্ৰাৰ্থী তথা ইনকিলাব মঞ্চৰ মুখপাত্ৰ শৰীফ ওছমান হাদিক হত্যা কৰা ঘটনাত জড়িত দুজন অভিযুক্ত হত্যাকাৰী অসমৰ গুৱাহাটীত আত্মগোপন কৰি আছে বুলি তথ্য প্ৰকাশ পাইছে। সামাজিক মাধ্যম, বিশেষকৈ ফেচবুকত প্ৰচাৰ হোৱা তথ্য মতে ঢাকাৰ সাংসদ প্ৰাৰ্থীগৰাকীৰ হত্যাৰ সৈতে জড়িত অভিযুক্ত দুজন ক্ৰমে ফয়ছাল কৰিম মাছুদ আৰু মঃ আলমগীৰ শ্বেখ, যিসকলে গুৱাহাটীত আশ্ৰয় লৈ আছে বুলি কোৱা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি বাংলাদেশৰ বিদেশ মন্ত্ৰ্যালয়ে আজি ঢাকাত নিযুক্ত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক তলৱ কৰে আৰু অভিযুক্ত দুজনক আটক কৰি বাংলাদেশলৈ ঘূৰাই পঠাবলৈ আহ্বান জনায়।
ঢাকাৰ সাংসদ প্ৰাৰ্থী হত্যাকাণ্ডঃ দুজন অভিযুক্ত গুৱাহাটীত আত্মগোপন, ভাৰতীয় উচ্চায়ুক্তক তলৱ
