ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত। শেহতীয়া চৰকাৰী তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা চাহ ৰপ্তানি ২.৮৫% বৃদ্ধি পাইছে। দেশৰ পৰা চাহ ৰপ্তানি ২৫০.৭৩ মিলিয়ন ।শেহতীয়া চাহ ব’ৰ্ডৰ তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ ১৬১.২০ মিলিয়ন কিলোগ্ৰাম স্পৰ্শ কৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত ১৪৯.০৫ মিলিয়ন কিলোগ্ৰামৰ তুলনাত ৮.১৫ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰে। একেদৰে দক্ষিণ ভাৰতৰ পৰা ৰপ্তানি ৪.৯২% হ্ৰাস পাই ২০২৪-২৫ চনত ৯৬.৬৮ মিলিয়ন কিলোগ্ৰাম হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষত ১০১.৬৮ মিলিয়ন কিলোগ্ৰাম আছিল।২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষত উত্তৰ ভাৰতৰ পৰা ৰপ্তানি ১৫.৪৯ মিলিয়ন কিলোগ্ৰাম হোৱাৰ বিপৰীতে দক্ষিণ ভাৰতৰ পৰা ১০০.৬৮ মিলিয়ন কিলোগ্ৰাম, ক্ৰমে ১০.২৮% আৰু ১১.০২% বৃদ্ধি পঞ্জীয়ন কৰা বুলি ব’ৰ্ডৰ তথ্যত আৰু কোৱা হৈছে।
ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত
