শিখ ধৰ্মগুৰুক অৱমাননাৰ অভিযোগত উত্তপ্ত দিল্লী! আতিশীক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষীৰ কাষ চাপিল বিজেপি

দিল্লীৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত এতিয়া আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে। এইবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আপ নেত্ৰী আতিশী। শিখ ধৰ্মগুৰু গুৰু টেগ বাহাদুৰক লৈ অপমানজনক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে এতিয়া আতিশীক গ্ৰেপ্তাৰৰ দাবী জনাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা সাংসদ ৰমেশ বিধুৰীৰ নেতৃত্বত বুধবাৰে আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত এক আনুষ্ঠানিক অভিযোগ দাখিল কৰা হয়। বিজেপিৰ অভিযোগ অনুসৰি, বিধানসভাত গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক জন্মবার্ষিকী উপলক্ষে আয়োজিত এক বিশেষ অধিবেশনত আতিশীয়ে আপত্তিজনক মন্তব্য কৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ৰ উদ্ধৃতি দি বিজেপিয়ে দাবী কৰিছে যে আতিশীয়ে জানি-বুজি এই মন্তব্য কৰি শিখ সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগত আঘাত হানিছে। ইয়াৰ দ্বাৰা সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট হোৱাৰো আশংকা প্ৰকাশ কৰে দলটোৱে। বিজেপি নেত্ৰী তথা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই ঘটনাক লৈ বিধানসভাৰ অধ্যক্ষৰ ওচৰত আতিশীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আবেদন জনাইছে।

ইফালে, কেৱল দিল্লীতেই ক্ষান্ত নাথাকি এই বিষয়টোক লৈ বিজেপিৰ এটা সঁজাতী দল অমৃতসৰলৈ যোৱাৰ যোজা চলাইছে। জানিব পৰা মতে, দিল্লীৰ মন্ত্ৰী মজিন্দৰ সিং চিৰছা আৰু বিধায়ক অৰবিন্দৰ সিং লাভলীৰ সৈতে কৈলাশ গেহলট বৃহস্পতিবাৰে আকাল তখত চাহিবলৈ ৰাওনা হ’ব। ধৰ্মীয় মঞ্চতো এই বিবাদৰ প্ৰতিধ্বনি তোলাৰ লক্ষ্যৰে বিজেপিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে, নিজৰ বিৰুদ্ধে উঠা সকলো অভিযোগ অস্বীকাৰ কৰিছে আতিশীয়ে। তেওঁৰ মতে, বিজেপিৰ দ্বাৰা প্ৰচাৰিত এই ভিডিঅ’টো সম্পূৰ্ণ ভুৱা আৰু ইয়াত ভুল ছাবটাইটেল সংযোগ কৰি মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰা হৈছে। আপৰ মতে, দিল্লীৰ বায়ু প্ৰদূষণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈহে বিজেপিয়ে এই ষড়যন্ত্ৰ ৰচনা কৰিছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও এই ঘটনাক লৈ বিজেপিকে ওলোটাই শিখ-বিৰোধী বুলি আক্ৰমণ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *