দিল্লীত বায়ু মান সূচাংকই ৪০০ৰ ঘৰ অতিক্রম কৰিছে

দেশৰ ৰাজধানী নতুন দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ পুনৰ এবাৰ বায়ু প্ৰদূষণৰ চৰম পৰ্যায়ত উপনীত হৈছে। শীতকালি সমাগত হোৱাৰ লগে লগে দিল্লীৰ বায়ুমণ্ডল বিষাক্ত হৈ পৰিছে, যাৰ ফলত জনস্বাস্থ্য আৰু দৈনন্দিন জীৱনৰ ওপৰত গভীৰ সংকট নামি আহিছে।শেহতীয়া তথ্য অনুসৰি, দিল্লীৰ কেইবাটাও অঞ্চলত একিউআই (Air Quality Index) অতি শোচনীয় হৈ পৰিছে। আজি দিল্লীত বায়ু মান সূচাংকই ৪০০ৰ ঘৰ অতিক্রম কৰিছে। ফলস্বৰূপে শ্বাস-প্ৰশ্বাসজনিত ৰোগী আৰু শিশুসকলৰ বাবে দিল্লীৰ পৰিৱেশ অত্যন্ত বিপজ্জনক হৈ পৰিছে।২৩ অনুৰ্ধ ক্রিকেটৰ সকলো মেচ স্থানান্তৰৰ সিদ্ধান্ত লৈছে বিচিচিআইয়ে। মুম্বাইলৈ স্থানান্তৰিত কৰা হ’ব সকলো মেচ। তাৰোপৰি শিক্ষা প্রতিষ্ঠানসমূহলৈও এই নিৰ্দেশনা প্রেৰণ কৰা হৈছে। সাধাৰণ লোকৰ মাজত উশাহ-নিশাহ লোৱাৰ অসুবিধা, চকু জ্বলা-পোৰা, হাঁপানী আৰু ব্ৰংকাইটিছৰ দৰে ৰোগৰ ঘটনা বৃদ্ধি পাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *