পৰিয়ালৰ বিৰুদ্ধে অনা ভূমি কেলেংকাৰীৰ অভিযোগৰ এতিয়া আইনী প্ৰত্যুত্তৰ দি জীতেন্দ্ৰ সিং, ভূপেশ বাঘেল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজীৱ ভৱনত সংবাদমেল পাতি কংগ্ৰেছৰ এই তিনি জ্যেষ্ঠ নেতাই মুখ্যমন্ত্ৰীৰ পৰিয়ালে ১২ হাজাৰ বিঘা ভূমি ক্ৰয় কৰা বুলি যি দাবী কৰিছিল, তাক ভিত্তিহীন আৰু কুৎসা ৰটনা আখ্যা দি এই পদক্ষেপ গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে মিছা অভিযোগেৰে কাৰোবাৰ ভাবমূৰ্তি নষ্ট কৰি সাৰি যোৱাৰ দিন এতিয়া শেষ হৈছে।
চ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছী নেতাসকলক প্ৰত্যাহ্বান জনাই কয় যে যদি তেওঁলোকৰ হাতত কণমানো প্ৰমাণ আছে, তেন্তে সেইয়া আদালতৰ মজিয়াত প্ৰমাণ কৰি দেখুৱাওক। কোনো ধৰণৰ অপপ্ৰচাৰ বা ৰাজনৈতিক নাটকৰ ওচৰত তেওঁ নতিস্বীকাৰ নকৰে বুলিও তেওঁ হুংকাৰ দিয়ে। এই গোচৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এতিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক তেওঁলোকৰ মন্তব্যৰ বাবে জবাবদিহি কৰিব বিচাৰিছে।
ইফালে, দিছপুৰৰ ৰাজপথত আজি কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে এই আইনী কাৰ্যব্যৱস্থাই বিষয়টোক নতুন মোৰ দিছে। মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এপাচিচিয়ে বিক্ষোভ প্ৰদৰ্শন কৰি সম্পত্তিৰ স্বচ্ছতা আৰু জবাবদিহিতাৰ দাবী তুলিছে। অৱশ্যে ৫০০ কোটি টকাৰ এই বৃহৎ অংকৰ মানহানিৰ গোচৰৰ পাছত কংগ্ৰেছ দলৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া অহা নাই। এতিয়া ৰাজনৈতিক বাকযুদ্ধৰ পৰিৱৰ্তে এই যুঁজখন আদালতৰ মজিয়াত কিদৰে আগবাঢ়ে, সেয়া লক্ষ্যণীয় হ’ব।
