শালি ধানৰ খেতিৰ সফলতাৰ পাছত বিগত বৰ্ষৰ দৰে এইবেলিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰীত অন্তৰ্ভুক্ত হোৱা আজাৰা ৰাজহ চক্ৰ এলেকাৰ বিভিন্ন প্ৰান্তত একাংশ কৃষকে বৰো ধানৰ খেতিত মনোনিবেশ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি আৰু উদ্যমী কৃষক , দীপৰ বিলৰ কাষৰীয়া দেউছতালৰ বাসিন্দা বলেশ্বৰ ৰংপীয়ে শালি ধানৰ পাছত বৰো ধানৰ খেতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২০২৩ চনত প্ৰথমবাৰৰ বাবে দীপৰ বিলৰ কাষৰীয়া দেউছতাল অঞ্চলত পতিত আৰু বহুদিন খেতি বাতি তথা কৃষিকৰ্ম নকৰা মাটিত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ আৰম্ভ কৰিছিল বলেশ্বৰ ৰংপীয়ে। বিগত দুটা বৰ্ষৰ সফলতাৰ পাছত এইবেলি তৃতীয়বাৰৰ বাবে দেউছতালৰ নিজ ঘৰৰ সমীপত থকা দীপৰ বিলৰ কাষৰীয়া গড়চুক – ৰাণীগেট সংযোগী পথৰ দাঁতিত আৰু আজাৰা- কামাখ্যা সংযোগী ৰেলপথৰ মাজত থকা প্ৰায় পাঁচ বিঘা ম্যাদি পট্টাৰ মাটিত বৰো ধানৰ খেতি কৰাৰ লক্ষ্যৰে কঠীয়া সিচা পৰ্ব আৰম্ভ কৰিছে।
সকলো ঠিকে থাকে থাকিলে জানুৱাৰী মাহৰ শেষত বা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত কঠীয়া পূৰঠ হোৱাৰ পাছত ৰুৱ পৰা হব। উল্লেখ্য যে ২০২৪ বৰ্ষত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘজীৱন কামনা কৰি মুখ্যমন্ত্ৰী গৰাকীৰ পহিলা ফেব্ৰুৱাৰীৰ জন্মদিনত বৰো ধানৰ কঠীয়া ৰোৱা আৰু খেতিত সফলতা লাভ কৰা বাবে মুখ্যমন্ত্ৰীৰ পৰা প্ৰশংসাসূচক পত্ৰ লাভ কৰিছিল বুলি বলেশ্বৰ ৰংপীয়ে জানিবলৈ দিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ‘আত্মনিৰ্ভৰ অসম’ৰ আহ্বানৰ প্ৰতি সহাৰি জনাই শালি আৰু বৰো ধানৰ খেতিত নিজকে নিয়োজিত কৰি আহিছে । উল্লেখযোগ্য যে কৃষি কৰ্মৰ লগত জড়িত আগ্ৰহী ব্যক্তি হোৱা বাবে বলেশ্বৰ ৰংপীয়ে বিজেপিৰ দলীয় কাম কাজত সক্ৰিয়ভাৱে জড়িত থকাৰ উপৰিও কৃষিকৰ্মত নিয়োজিত হৈ পশ্চিম গুৱাহাটীৰ কিছু আওহতীয়া অঞ্চলত বহু নিবনুৱা যুৱকক বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানৰ কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱাৰ বাবে মাৰ্গ দৰ্শন দি আহিছে।
ইয়াৰ বাবে বিভিন্ন দল – সংগঠনে তেওঁক মাজে সময়ে ৰাজহুৱাভাবে সম্বৰ্দ্ধনা জনাই অহা পৰিলক্ষিত হৈছে। উল্লেখ্য ঘৰৰ পৰা কিছু নিলগৰ ৰাণীৰ আন্ধেৰিজুলীত থকা নিজৰ মাটিত বিগত কেবা বছৰ ধৰি শালি ধানৰ খেতি কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে। সম্প্ৰতি শালি ধান কটা পৰ্ব শেষ হোৱাৰ পাছত পথাৰত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত মৰণা মৰা যন্ত্ৰৰ সহায়ত মৰণা মৰা পৰ্বয়ো শেষ হৈছে। অহা কিছুদিনৰ ভিতৰতে অৰ্থাৎ আঘোণ মাহ শেষ নৌহওতেই নখোৱা পৰ্ব আৰম্ভ কৰিব বুলি বলেশ্বৰ ৰংপীয়ে জানিবলৈ দিছে।
