অসম- মেঘালয় আন্ত:ৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ পুনৰ এবাৰ বৈঠকত মিলিত হ’ল দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী। সোমবাৰে মহানগৰীৰ কইনাধৰাৰ অতিথি শালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বহু বিষয়ৰ ওপৰত আলোচনা কৰে। মহানগৰীৰ কৃত্ৰিম বান, সীমা বিবাদকে ধৰি বহু বিষয়ৰ ওপৰত আজিৰ বৈঠকত আলোচনা হয়। পূৰ্বে দুই পক্ষৰ মাজত হোৱা বৈঠকত এক সিদ্ধান্তত মিলিত হৈ ৬ টা স্পৰ্শকাতৰ অঞ্চলক লৈ চুক্তি স্বাক্ষৰ হৈছিল। সেই চুক্তি এতিয়া সাৰ্থক কৰাৰ দিশে আগবাঢ়িছে। এই সন্দৰ্ভত বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিবাদ মান ৬ টা অঞ্চলক লৈ স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি পিলিংকাতাক বাদ দি বাকী ৫ টা অঞ্চল অসমৰ তৰফৰ পৰা ১৫আগষ্টৰ পূৰ্বে সীমাৰ খুটা পুতা হ’ব।
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে আজিৰ বৈঠকত মেঘালয়ে অসমৰ পৰা কেইটমান অঞ্চল বিচাৰিছে। নতুন গাঁওৰ বাবে অসমৰ অঞ্চল বিচাৰিছে। তাৰ সমপৰিমাণৰ মাটি মেঘালয়ে অসমক দিব। তেওঁ অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে পাৰস্পৰিক সমিলমিলেৰে আগবাঢ়ি যোৱাত প্ৰাধান্য দি কাম কৰিব লাগিব৷ লগতে কয় যে অসম আৰু মেঘালয়ে কুলসীত জলসিঞ্চন প্ৰকল্পৰ বিকাশ ঘটাই আমাৰ কৃষকসকলক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব, যিটোৰ বাবে অসম চৰকাৰে পুঁজি আগবঢ়াব৷ স্থানীয় জনসাধাৰণৰ সৈতে হোৱা আলোচনাৰ অন্তত দুয়োখন ৰাজ্যই যৌথভাৱে ৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণ কৰিব৷
ইয়াৰ দ্বাৰা কামৰূপ আৰু গোৱালপৰাত জলসিঞ্চনৰ বাবে পানী পোৱা যাব। তেওঁ কয় যে সমাধান কৰা ৬টা সীমা বিবাদৰ ভিতৰত কিছু সৰু সৰু সমস্যা আছে, যিবোৰ সংশ্লিষ্ট পক্ষৰ মাজত আলোচনা আৰু সীমা চিহ্নিত হোৱাৰ পাছত অতি সোনকালে নিষ্পত্তি হ’ব৷ বাকী ৬টা বিবাদিত স্থান পাৰস্পৰিকভাৱে সমিলমিলেৰে নিৰ্ধাৰিত সময়ত সমাধান কৰা হ’ব৷ দুয়োখন ৰাজ্যই গুৱাহাটীৰ নগৰীয়া বান সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ সন্মত হয়, যাৰ ফলত দুয়োখন ৰাজ্যই লাভৱান হ’ব৷ আমি বানপ্ৰৱণ এলেকাৰ সঠিক উপগ্ৰহ মেপিং কৰিবলৈ নেছাকক অৰ্পণ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰোঁ৷ যাৰ পৰৱৰ্তী পৰ্যায়ত আই আই টি ৰুৰকিক এই সমস্যাৰ নিৰ্দিষ্ট সমাধানৰ পৰামৰ্শ দিবলৈ অনুৰোধ জনোৱা হ’ব ৷