পশ্চিমবংগৰ ৰাজ্যপালক হত্যাৰ ভাবুকি! ছল্টলেকৰ পৰা এজনক গ্ৰেপ্তাৰ

সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিৰ সুৰক্ষাক লৈ সৃষ্টি হোৱা শংকাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চুবুৰীয়া পশ্চিমবংগৰ প্রশাসনিক মহলত। পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুলৈ ই-মেইলযোগে প্ৰাণনাশৰ ভাবুকি প্ৰেৰণ কৰা এজন ব্যক্তিক শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰাজভৱনৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, যোৱা নিশা কলকাতাৰ সমীপৱৰ্তী ছল্টলেক অঞ্চলৰ পৰা অভিযুক্তজনক কৰায়ত্ত কৰা হয়।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ৰাজ্যপালগৰাকীয়ে এটা ই-মেইল লাভ কৰিছিল, য’ত তেওঁক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছিল। এই ঘটনাৰ পাছতে ৰাজভৱনত হুলস্থুলৰ সৃষ্টি হয় আৰু লগে লগে ৰাজ্যপালৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হয়। আশ্চৰ্যজনকভাৱে, ই-মেইল প্ৰেৰণ কৰা ব্যক্তিজনে তাৰ লগতে নিজৰ ম’বাইল নম্বৰো উল্লেখ কৰিছিল। উক্ত তথ্যৰ আধাৰতে আৰক্ষীয়ে অভিযান চলাই ছল্টলেকৰ পৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান ধৃত ব্যক্তিজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে। উল্লেখ্য যে ৰাজ্যপাল বসু বৰ্তমান ‘জেড প্লাছ’ শ্ৰেণীৰ সুৰক্ষাৰ অধীনত আছে। এই ভাবুকিৰ পাছত তেওঁৰ সুৰক্ষাত নিয়োজিত কেন্দ্ৰীয় বাহিনীৰ সদস্যৰ সংখ্যা ৬০-৭০ জনলৈ বৃদ্ধি কৰা হৈছে। কি কাৰণত ব্যক্তিজনে এনে ভাবুকি দিছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *