বিশিষ্ট শ্ৰমিক নেতা খৰ্গেশ্বৰ দাসৰ মৃ*ত্যু ; শঙ্কৰদেৱ নেত্ৰালয়ক দান কৰিলে চকুজুৰি

ৰাজ্যৰ এজন  বিশিষ্ট শ্ৰমিক নেতা , ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী  খৰ্গেশ্বৰ দাসৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ । মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ, বোৱাৰীকে ধৰি বহু আত্মীয় স্বজন এৰি থৈ যায়। উল্লেখ্য যে ৰাজ্যৰ ৰাজহুৱা পৰিবহণ সেৱাৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী সকলৰ একমাত্ৰ ট্ৰেড ইউনিয়ন ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ ১৯৮৫ চনৰ পৰা সম্পাদকৰ দায়িত্বত থকাৰ লগতে তেওঁ আই এন টি ইউ চিৰ ৰাজ্যিক সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিছিল।

সততে শ্ৰমিকৰ হৈ মাত মাতি অহা খৰ্গেশ্বৰ দাসৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বৰ্তমানৰ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰে। পাছত ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বিজেন লহকৰৰ নেতৃত্বত সন্থাৰ প্ৰাক্তন বিষয়ববীয়া আৰু বহু সহকৰ্মী তেওঁৰ চচলস্থিত বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা তৰ্পণ কৰে।

আনহাতে পূৰ্বতে চকু দুটিজুৰি দান কৰি যোৱা ঘোষণা অনুসৰি গুৱাহাটীৰ শঙ্কৰদেৱ নেত্ৰালয়ৰ এটি চিকিৎসকৰ দলে বাসগৃহলৈ আহি দাসৰ চকুজুৰি  লৈ যায়। তাৰ পাছত তেওঁৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ অনা হয়। তাত বহু গুণমুগ্ধ লোকে শেষ শ্ৰদ্ধা জনোৱাৰ পাছত শেষকৃত্য সম্পন্ন কৰা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *