ইছলামীয় বিশ্বাস আৰু আধ্যাত্মিক পৰম্পৰাত এক পবিত্ৰ ধৰ্মীয় ক্ষণে সৃষ্টি কৰিছে বিশেষ তাৎপৰ্য। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ মুছলমান সমাজেও অহা ৩ ফেব্ৰুৱাৰীত উদযাপন কৰিব তওবা বা ক্ষমাৰ নিশা হিচাপে পৰিচিত শ্ববে বৰাত। কেন্দ্ৰীয় হিলাল সমিতি অসমে ইতিমধ্যে এই পবিত্ৰ দিনটোৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ইছলামিক কেলেণ্ডাৰ অনুসৰি শ্বাবান মাহৰ ১৪ আৰু ১৫ তাৰিখৰ মধ্যভাগত এই উৎসৱ পালন কৰা হয়। উল্লেখ্য যে, শ্ববে বৰাত শব্দৰ অৰ্থ হ’ল মুক্তি বা ক্ষমাৰ নিশা। ইছলাম ধৰ্মত ইয়াক এক অত্যন্ত মুকাদ্দছ বা পবিত্ৰ নিশা হিচাপে গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই নিশা আল্লাহৰ ওচৰত নিজৰ কৰ্মৰ বাবে আন্তৰিকতাৰে ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু বিশেষ নামাজ আদায় কৰিলে মানুহৰ প্ৰাৰ্থনা কবুল হয়। পবিত্ৰ এই নিশাই ইছলামধৰ্মী লোকসকলক তেওঁলোকৰ অতীতৰ পাপৰ পৰা মুক্ত হোৱাৰ এক আধ্যাত্মিক সুযোগ প্ৰদান কৰে।
ইফালে এই বিশেষ নিশা ইবাদত আৰু তিলাৱতৰ মাজেৰে অতিবাহিত কৰাৰ লগতে মৃত আত্মীয়-স্বজনৰ মোক্ষৰ বাবেও দুয়া কৰা হয়। পৰম্পৰা অনুসৰি মানুহে কবৰস্থানলৈ গৈ ফুল আৰু মমবাতি জ্বলাই পূৰ্বপুৰুষক স্মৰণ কৰে। শ্ববে বৰাতৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল নফল ৰোজা, যিটো পালন কৰা ধৰ্মীয়ভাৱে অতি ফলদায়ক বুলি গণ্য কৰা হয়। তদুপৰি ইছলামৰ চাৰিখন পবিত্ৰ নিশাৰ ভিতৰত অন্যতম হিচাপে বিবেচিত শ্ববে বৰাতে বিশ্বাসীসকলক ৰমজানৰ বাবেও মানসিকভাৱে প্ৰস্তুত কৰে। এই নিশাৰ ঠিক ১৫ দিনৰ পাছতেই পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি ঘটে। আধ্যাত্মিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ এই উৎসৱে সমাজত শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আনে।
