ডিব্ৰুগড়–ধুবুৰীত শুল্ক আৰু অভিবাসন চৌহদ মুকলি, জল পৰিবহণৰ কেইবাটাও প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

ব্ৰহ্মপুত্ৰৰ জল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে শুকুৰবাৰে ডিব্ৰুগড় আৰু ধুবুৰীত দুটাকৈ অত্যাধুনিক শুল্ক তথা অভিবাসন চৌহদ মুকলি কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰকল্পসমূহৰ উদ্বোধন ভাৰ্চুৱেল পদ্ধতিৰে কৰে। বগীবিলত ৫১ কোটি টকাৰ ব্যয়ে নিৰ্মাণ কৰা আন্তঃগাঁথনি পৰ্যটন আৰু বাণিজ্যিক যাত্ৰী আৰু সামগ্ৰী পৰীক্ষাত সহজতাই আনিব।

উদ্বোধনী ভাষণত মন্ত্ৰী সোণোৱালে জল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ পৰিসংখ্যা দাঙি ধৰে, জানাইছে যে আগেয়ে দেশত মাত্ৰ ৫ খনৰাষ্ট্ৰীয় জলপথ আছিল, বৰ্তমান ১১১ খনলৈ বৃদ্ধি পাইছে। পূৰ্বৰ ৩ খন ক্ৰুছৰ স্থানত বৰ্তমান ১৫ খন ক্ৰুছ চলি আছে। অসমৰ ২০ খন নদী এতিয়া ৰাষ্ট্ৰীয় জলপথ হিচাপে চিহ্নিত হৈছে, যাৰ জৰিয়তে বাংলাদেশৰ সৈতে বাণিজ্যিক সংযোগ স্থাপন হ’ব।

ডিব্ৰুগড়ৰ আন এটা ঐতিহ্যমণ্ডিত ভৱনো মুকলি কৰা হৈছে, য’ত ৰাজ্যিক মন্ত্ৰী বিমল বৰা, যোগেন মহন, বিধায়ক প্ৰশান্ত ফুকন আৰু জলপথ প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বগীবিলত নিৰ্মাণ হোৱা নতুন বন্দৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *