ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হ’ল চিৰাঙৰ চি আৰ পি এফ জোৱান

ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত  চিৰাঙ জিলাৰ চিআৰপিএফ জোৱান এজন শ্বহীদ হৈছে ৷ শ্বহীদ হোৱা জোৱানজন জিলাখনৰ কাকাৰাগাঁও ভাটিপাৰা নিবাসী লম্বোধৰ সিংহ ৷ ২০১১চনত চি আৰ পি এফৰ চাকৰিত যোগদান কৰিছিল লম্বোধৰ সিংহই ৷ ইপিনে শ্বহীদগৰাকীৰ গৃহত বুধবাৰে  উপস্থিত হয় চি আৰ পি এফৰ লৱাৰ আছাম ডিভিজনৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়াৰ লগতে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা ৷ চি আৰ পি এফৰ বিষয়াগৰাকীয়ে আনুষ্ঠানিকভাৱে পৰিয়ালৰ লোকক এই দুখবৰটো অৱগত কৰে আৰু পৰিয়ালৰ লোকসকলক গভীৰ সমবেদনা জনায় ৷

ইপিনে চি আৰ পি এফৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বুধবাৰে নিশা শ্বহীদ জোৱানজনৰ মৃতদেহ গুৱাহাটী আহি পাব ৷ তাৰ পাছত তাতে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তত গৃহলৈ অনা হ’ব ৷ ইয়াত বৃহস্পতিবাৰে চি আৰ পি এফৰ তৰফৰ পৰা বিভাগীয় নীতি নিয়মৰ মাজেৰে শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তত শেষকৃত সম্পন্ন কৰা হ’ব ৷ তেওঁ কয় যে আমাৰ সতীৰ্থগৰাকীয়ে দেশৰ বাবে প্ৰাণ দিছে ৷ পৰিয়ালটোৱে যে পুত্ৰক হেৰুৱাইছে সেয়া সাধাৰণভাৱে হোৱা মৃত্যু নহয় ৷ শ্বহীদ হৈছে ৷ যি শ্বহীদ হয় তেওঁৰ প্ৰতি বেলেগ সন্মান প্ৰদৰ্শন কৰা হয় ৷ শ্বহীদগৰাকীৰ পৰিয়ালটোৰ সৈতে সমগ্ৰ দেশবাসী, গৃহমন্ত্ৰণালয়, চি আৰ পি এফ, অসম চৰকাৰ জড়িত হৈ পৰিল আৰু জড়িত হৈ থাকিব ৷

এয়া আমাৰ নিয়ম ৷ শ্বহীদ হোৱাটো এটা গৌৰৱৰ বিষয় ৷ এয়া দুখৰ কথা নহয় ৷ সেয়ে গৌৰৱৰ বিষয় বাবে আমি দুখ নকৰো ৷ চি আৰ পি এফৰ বিষয়াগৰাকীয়ে শ্বহীদগৰাকীৰ শেষকৃত অনুষ্ঠানত শীৰ্ষ বিষয়াসকলো উপস্থিত থাকিব বুলি  কয় ৷ উল্লেখ্য যে শ্বহীদ লম্বধৰ সিংহৰ পৰিয়ালত পিতৃ তুলেন সিংহৰ লগতে পত্নী আৰু এজনী ন বছৰীয়া কন্যা সন্তান আছে ৷ ইপিনে এই দুখজনক খবৰে অঞ্চলবাসীৰ মাজত শোকৰ ছাঁ পেলাইছে ৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *