অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সমাজৰ সৰ্বস্তৰতে ব্যাপক পথ-সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত এই ব’হাগত কুৰিৰো অধিক বিহু মঞ্চত পঞ্চাশ হাজাৰৰো অধিক ৰাইজৰ সন্মুখত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহুৰ বিগত সময়চোৱাত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত হেঙেৰাবাৰী সাৰ্বজনীন ৰঙালী বিহু, গণেশগুৰি ৰঙালী বিহু, পাঞ্জাবাৰী বাঘৰবৰি বিহু সন্মিলনী, নাৰেংগী কেন্দুগুৰি ৰঙালী বিহু, চন্দ্ৰপুৰ আঞ্চলিক ৰঙালী বিহু, বৃহত্তৰ ডিমৰীয়া ৰঙালী বিহু, পাটৰকুছি ৰঙালী বিহু সন্মিলনী, চিৰিয়াখানা আঞ্চলিক ৰঙালী বিহু, চন্দ্ৰপুৰ ঠাকুৰকুছি ব’হাগী উৎসৱ, তেতেলীয়া গান্ধী নগৰ ৰঙালী বিহু সন্মিলন, দুৰুং আঞ্চলিক ৰঙালী বিহু সন্মিলনকে ধৰি কুৰিৰো অধিক বিহুৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। পথ-সুৰক্ষাৰ গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনাসমূহ সকলোৰে সহজতে মনত ৰৈ যোৱাকৈ বিশেষভাৱে প্ৰস্তুত কৰা সজাগতা গীত-নাট-বিহুহুচৰিৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ মাধ্যমেৰে বিহু সন্মিলনীসমূহত সমবেত বিভিন্ন শ্ৰেণীৰ পঞ্চাশ হাজাৰৰো অধিক লোকৰ দ্বাৰা সমাজৰ সৰ্বস্তৰতে ব্যাপকভাৱে পথ-সুৰক্ষা সজাগতা সৃষ্টি কৰা হয়।
ইফালে মহানগৰ জিলাখনৰ লগতে ইয়াৰ সমীপৱৰ্তী শতাধিক বিহু মঞ্চলৈ “আহক আমি সকলোৱে পঞ্চসূত্ৰ মানি বিহু উদযাপন কৰোঁ” শীৰ্ষক আহ্বানেৰে বিহুৰ আনন্দ উপভোগৰ সময়চোৱাত সততে মানি চলিবলগীয়া নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা হয়। ব্যতিক্ৰমী পথ-সুৰক্ষা সজাগতাৰ নেতৃত্ব বহন কৰাৰ লগতে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহ উদ্বোধন কৰি আগবঢ়োৱা সাৰগৰ্ভ ভাষণৰ মাজতে উপস্থিত ব্যাপকসংখ্যক ৰাইজক উদ্যেশি পথ-সুৰক্ষা সজাগতা বিষয়ক নীতি-নিৰ্দেশনাৰ কথা উল্লেখ কৰে। “সজাগতাই সুৰক্ষা” বুলি উল্লেখ কৰি বিহুৰ মঞ্চসমূহত তেওঁ কয় যে প্ৰতিগৰাকী যানবাহন ব্যৱহাৰকাৰীয়ে এতিয়া পথ-সুৰক্ষাৰ সজাগতাক সকলো সময়তে অভ্যাসত পৰিণত কৰি ৰাখিব পাৰিব লাগিব। “অভ্যাসে নৰ, কৰ্ণপথে মাৰে শৰ” বুলি উল্লেখ কৰি তেওঁ কয় যে যানবাহন চলাওঁতে মানি চলিবলগীয়া সজাগতাক অভ্যাসত পৰিণত কৰিব পাৰিলে হাজাৰ ভীৰৰ মাজতো প্ৰত্যেকেই নিজকে সুৰক্ষিতভাৱে আগবঢ়াই নিয়াৰ লগতে আনকো সুৰক্ষা দিব পাৰিব ৷ অনাগত দিনত পথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ বাবে যানবাহন চালনাৰ নীতি-নিয়মসমূহেই প্ৰধান অৱলম্বন বুলি উল্লেখ কৰি তেওঁ কয় যে পথ-দুৰ্ঘটনাত নিহতৰ সংবাদ এতিয়া কেবল এটা বা ততোধিক পৰিয়াললৈ নামি অহা ধুমুহা নহয়।
ই সমাজ তথা ৰাজ্যৰ অৰ্থনীতিতে এক বৃহৎ কুঠাৰঘাত। সেয়েহে দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ লগতে কোনো সৰুসুৰা দুৰ্ঘটনাই যাতে আমাৰ অমূল্য মানৱ সম্পদত আঘাত কৰিব নোৱাৰে তাৰবাবে পথ-সুৰক্ষা সজাগতাক নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিবলৈ সকলোৰে প্ৰতি তেওঁ আহ্বান জনায়৷ উল্লেখ্য যে বিহু মঞ্চৰ ব্যতিক্ৰমী পথ-সুৰক্ষা সজাগতাৰ অনুষ্ঠানসমূহত উপস্থিত ৰাইজৰ সহযোগিতা আছিল বিশেষভাৱে মনকৰিবলগীয়া। শিল্প-সাংস্কৃতিক মাধ্যমেৰে পথ-সুৰক্ষাৰ নিৰ্দেশনাসমূহ আগবঢ়াই নিয়াত সকলো শ্ৰেণীৰ ৰাইজেই উপকৃত হোৱা বুলি উল্লেখ কৰি বিপুল সহযোগিতা আগবঢ়াই আৰু অনাগত দিনত পথত সুৰক্ষিত যাতায়াত গঢ়ি তোলাৰ বাবে অঙ্গীকাৰবদ্ধ হয়। সেয়ে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে দুচকীয়া বাহনৰ চালক-আৰোহী উভয়কে হেলমেট, চাৰিচকীয়া বাহনত সকলোকে বাধ্যতামূলকভাৱে ছীটবেল্ট ব্যৱহাৰ কৰিবলৈ উল্লেখ কৰাৰ লগতে কোনোৱে যাতে ৰাগীয়াল দ্ৰৱ্য সেৱন কৰি বাহন নচলায় আৰু দ্ৰুতগতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতীতহে বাহন চলাই তাৰ প্ৰতিও সদায়ে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায়।