বিগত কেইবা সপ্তাহত ছিংগাপুৰ আৰু হংকঙত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্য়া । এই খবৰ বিয়পি পৰাৰ পিছতেই সতৰ্ক হৈছে ভাৰত । সোমবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষই উল্লেখ কৰিছে যে দেশত বৰ্তমান ক’ভিড-১৯ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে । ছিংগাপুৰ আৰু হংকঙত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাৰ বাতৰি লাভ কৰা পিছতেই ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (NCDC), ইমাৰ্জেঞ্চী মেডিকেল ৰিলিফ (EMR) বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা কোষ, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) আৰু কেন্দ্রীয় চৰকাৰী চিকিৎসালয়ৰ বিশেষজ্ঞসকলে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকখন স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানৰ (DGHS)ৰ সভাপতিত্বত অনুষ্ঠিত হয় ।মুম্বাইত কৰ’না ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাইছে, যাৰ বাবে চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ। মুম্বাই পৌৰ নিগম এলেকাত ৫৩ জনতকৈ অধিক ক’ৰোনাত আক্ৰান্ত হৈছে যদিও এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। এলাৰ্ট মোডত ৰখা হৈছে চিকিৎসালয়সমূহ। Covid ৰোগীৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা।মুম্বাই পৌৰ নিগমৰ চিকিৎসালয়সমূহত ৰোগীসকলৰ বাবে বিশেষ বিচনা আৰু বিশেষ কোঠাৰ ব্যৱস্থা কৰা হৈছে। বৃহনমুম্বাই পৌৰ নিগমৰ স্বাস্থ্য বিভাগে ক’ভিড-19ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে নিৰন্তৰ নিৰীক্ষণ অব্যাহত ৰাখিছে। ২০২৫ চনৰ জানুৱাৰীৰ পৰা ২০২৫ চনৰ এপ্ৰিল মাহলৈ Covid ৰোগীৰ সংখ্যা অতি কম হোৱা বুলি ধৰা পৰিছে যদিও মে’ মাহৰ পৰা এই ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। নাগৰিকসকলক আতংকিত নহ’বলৈ আহ্বান জনাইছে পৌৰ নিগম প্ৰশাসনে।
আকৌ আহিছে ক’ভিড-১৯
