জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী। পুৱা ৮ বজাৰ পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী সকলে।
উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগত ১৭ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ আয়োজন কৰা “জুবিন সপ্তাহ ২০২৫” ৰ আজি সামৰণি পৰে। প্ৰতিবাদী জুবিন গাৰ্গজনক স্মৰণ কৰি তেখেতৰ ন্যায়ৰ দাবীত এই অনশন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
