গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে প্ৰায় চাৰি হাজাৰ কোটি টকা ব্যয়ৰে বৰ্তমানৰ বিমানবন্দৰটোৰ টাৰ্মিনেল ভৱনটোৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত মিৰ্জাপুৰত বৰ্ত্তমানতকৈ কেবাগুণ ডাঙৰ এটা টাৰ্মিনেল ভৱন নিৰ্মাণ কৰিছে। আনকি প্ৰায় দুটা মাহ পূৰ্বে বিগত ২০২৫ বৰ্ষৰ ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱনিৰ্মিত টাৰ্মিনেল ভৱনটো উদ্ধোধন কৰিছিল । সেই সময়ত বিমানবন্দৰটোৰ পৰিচালনাৰ দায়িত্বত থকা আদনি গ্ৰুপৰ ফালৰ পৰা চলিত বৰ্ষৰ ১১ জানুৱাৰীৰ পৰা নতুন টাৰ্মিনেল ভৱনৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা হব বুলি কোৱা হৈছিল। কিন্তু ১১ জানুৱাৰী পাৰ হোৱাৰ পাঁচোটা সপ্তাহ পাৰ হোৱাৰ পাছতো এই পৰ্যন্ত নতুন টাৰ্মিনেল ভৱনৰ পৰা বিমান সেৱা আৰম্ভ কৰিব পৰা হোৱা নাই। আনকি অভিযোগ অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালনা কৰাৰ দায়িত্বত থকা গুৱাহাটী আদানি এয়াৰপৰ্ট হল্ডিং লিমিটেড ( এ এ এইচ এল ) ৰ ফালৰ পৰা ভাৰত চৰকাৰ আৰু অসম চৰকাৰক বিপথে পৰিচালিত কৰি যাবতীয় আন্তঃগাঁথনি সম্পূৰ্ণ নকৰাকৈয়ে নতুন টাৰ্মিনেল ভৱনটো স্বয়ং প্ৰধানমন্ত্ৰীৰ দ্বাৰা উদ্ধোধন কৰা হৈছিল তাক ওলাই পৰিছে। শেহতীয়াকৈ এ এ এইচ এলে ২২ ফেব্ৰুৱাৰীত নতুন টাৰ্মিনেল ভৱনৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা হব বুলি কোৱা হৈছে। কিন্তু টাৰ্মিনেল ভৱনটোৰ চৌহদত বৰ্তমান পাৰ্কিং স্থান , প্ৰৱেশ আৰু প্ৰস্থান পথ , নিৰাপত্তাৰক্ষীৰ চেকিং গেট , বিমান যাত্ৰীৰ বাবে টাৰ্মিনেল ভৱনৰ ভিতৰলৈ অহা – যোৱা কৰা পথ, পাৰ্কিং পৰিচালনা কৰা কৰ্মচাৰীৰ বাবে ইলেকট্ৰিক গেটকে ধৰি যাবতীয় কাম – কাজ সমূহ এতিয়াও সম্পূৰ্ণৰূপে সম্পন্ন হোৱা নাই। সেই কাম কেতিয়ালৈ সম্পূৰ্ণ হব তাকো নিশ্চিত কৰিব পৰা হোৱা নাই।
বৰ্ত্তমান চলি থকা কামৰ ধৰণ কৰণলৈ চাই যাবতীয় আন্তঃগাঁথনি সম্পূৰ্ণ হোৱালৈকে কমেও যে এক মাহ লাগিব সেয়া প্ৰায় নিশ্চিত । উল্লেখ্য যে বিগত বৰ্ষত পৰিবহণ ব্যৱস্থাৰ পৰিচালনাৰ লগতে নতুন টার্মিনেল ভৱনৰ ডিজাইনৰ বাবে দুটা সন্মানীয় আন্তর্জাতিক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল । জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰৰ বিমান বন্দৰ ব্যক্তিগতকৰণ কাৰ্যসূচীৰ আধাৰত ২০২১ চনৰ আগষ্ট মাহৰ পৰা বিমাবন্দৰটোৰ পৰিচালনাৰ দায়িত্ব আদানি গ্রুপক হস্তান্তৰ কৰা হৈছিল । ইফালে বিশ্বমানৰ আর্হিত নিৰ্মাণ কৰা টার্মিনেল ভৱনটোত অসমকে ধৰি উত্তৰ-পূৰ্বৰ কৃষ্টি সংস্কৃতি প্রতিফলিত কৰাৰো ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে যোগাযোগ, পর্যটন আৰু সর্বাংগীণ উন্নয়নক তৰান্বিত কৰি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যাত্ৰীৰ বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ২০১৮ চনত অৰ্থাৎ নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে এটা নতুন টাৰ্মিনেলৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। অবশেষত পলমকৈ হলেও নতুন টাৰ্মিনেলৰ নিৰ্মাণ কাৰ্য ২০২৫ বৰ্ষত সম্পূৰ্ণ কৰা হয় । বৰ্তমানৰ টাৰ্মিনেলতকৈ প্ৰায় ৭ গুণ ডাঙৰ ১.৪ লাখ বৰ্গ মিটাৰ এলেকাৰ নতুন টাৰ্মিনেলটোৱে বছৰি ১ কোটি ৩১ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সাজু কৰি তোলা হৈছে । নতুন টার্মিনেলটো উদ্বোধন কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিমান পৰিবহনৰ ক্ষেত্ৰত অসমত নতুন দিগন্তৰ সূচনা হ’ব। কিয়নো পুৰণি টার্মিনেলটোতকৈ নতুন টার্মিনেলটো প্রায় ৭ গুণ ডাঙৰকৈ নিৰ্মাণ কৰা হৈছে। টার্মিনেলটো উদ্ধোধন কৰাৰ পাছত বিমানবন্দৰটোৰ জৰিয়তে অধিক লোকৰ আকাশী পথেৰে পৰিবহনৰ সুযোগ সৃষ্টি হ’ব। তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে অসমত প্ৰথমবাৰৰ বাবে ‘এডভান্টেজ আছাম’ অনুষ্ঠিত কৰিছিল আৰু প্ৰথম এডভান্টেজ আছামৰ জৰিয়তে বৰঝাৰ বিমানবন্দৰত নতুন টার্মিনেলটো নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। বুজাবুজি চুক্তিমর্মেই ২০১৮ চনত নিৰ্মাণৰ শুভাৰম্ভ কৰা হৈছিল। উল্লেখ্য যে অসমসহ উত্তৰ পূবত উপলব্ধ হোৱা থলুৱা প্ৰজাতিৰ বাঁহেৰে বিশেষভাৱে সজাই-পৰাই তোলা কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা টার্মিনেলটো মুকলিৰ বাবে সাজু হৈ উঠিছে।
২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাৰ্মিনেলৰ সন্মুখৰ বাকৰিত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ২১ ফুট উচ্চতাৰ এক বিশাল প্রতিমূর্তিও উন্মোচন কৰিছিল । কিন্তু বিমানবন্দৰটোৰ টাৰ্মিনেল ভৱনৰ চৌহদৰ লগতে সন্মুখৰ বাকৰিত যাত্ৰীৰ সহায়ক হোৱাকৈ তথা যাত্ৰীৰ বাবে উপলব্ধ হবলগীয়া সা-সুবিধা সমূহ নোহোৱাকৈ বিমান সেৱা আৰম্ভ কৰিলে যাত্ৰীৰ লগতে, যাত্ৰীক থবলৈ বা নিবলৈ অহা লোক, দায়িত্ববাহী কৰ্মচাৰী – নিৰাপত্তাৰক্ষী অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত । ইফালে ২০২১ চনত বিমানবন্দৰৰ পৰিচালনা কৰাৰ দায়িত্ব আদানি গ্ৰুপ হস্তান্তৰ কৰাৰ পাছত বিমানবন্দৰত যাত্ৰীক থবলৈ অহা বাহনৰ পাৰ্কিং মাচুল পূৰ্বৰ আধাঘন্টাত ৩০ টকাৰ বিপৰীতে একেকোবে ৯০ টকালৈ বৃদ্ধি কৰা হয়।
