সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰক আই ইউ চি এন বঁটা প্ৰদান

প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত একনিষ্ঠ ভাবে কাম কৰি থকা অসমৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সচিৰ প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰক আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আই ইউ চি এন)ৰ “স্পেচিচ চাৰ্ভাইভেল কমিশ্যন” (এছ এছ চি)ৰ “দ্য হেৰী মেছেল”সংৰক্ষণ নেতৃত্ব বঁটা প্ৰদান কৰা হৈছে।

আবু ধাবিত চলি থকা আৰু জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিবৰ্তনৰ অংগাংগী সংকট মোচনৰ উপায় বিষয়ক আলোচনাৰ বাবে বিশ্বৰ প্ৰায় ৩০০ সংৰক্ষণ বিশেষজ্ঞ সমবেত হোৱা পঞ্চম “আই ইউ চি এন এছ এছ চি লীডাৰ্চ” বৈঠকত শুকুৰবাৰে ড: তালুকদাৰক এই বঁটাটো প্ৰদান কৰা হয়।

“স্পেচিচ চাৰ্ভাইভেল কমিশ্যন”ৰ কৰ্মৰ অংশহিচাপে বিভিন্ন প্ৰজাতিৰ সংৰক্ষণৰ দিশত নেতৃত্ব বহন কৰি আগবঢ়োৱা ক্ষেত্ৰভিত্তিক অবদানৰ স্বীকৃতিস্বৰুপে ড: তালুকদাৰক বঁটাটো প্ৰদান কৰা হৈছে ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *