বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰণহুংকাৰঃ মহাত্মা গান্ধীৰ নাম বিলোপৰ চক্ৰান্তৰ বিৰোধিতাৰে ডিগবৈত উত্তাল প্ৰতিবাদ

গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন চমুকৈ এমজিএনৰেগাৰ নাম সলনি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰচেষ্টাৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে শ শ কংগ্ৰেছ কৰ্মী। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে ডিগবৈৰ টিংৰাই বজাৰত ডিগবৈ ব্লক কংগ্ৰেছে সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। ‘মনৰেগা বচাওঁ সংগ্ৰাম’ শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে দলটোৱে চৰকাৰী আঁচনিসমূহৰ সুৰক্ষাৰ দাবী জনায়।

টিঙৰাই বজাৰৰ পূজা মণ্ডপত সমবেত হোৱা কংগ্ৰেছ কৰ্মীসকলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি বিভিন্ন শ্ল’গান দিয়ে। প্ৰতিবাদকাৰীসকলৰ মতে, কংগ্ৰেছ চৰকাৰৰ দিনৰ এই জনহিতকৰ আঁচনিখনৰ নাম সলনি কৰাৰ আঁৰত ইয়াৰ আইনী মৰ্যাদা হ্ৰাস কৰাৰ এক গভীৰ চক্ৰান্ত নিহিত হৈ আছে। এই ব্যৱস্থাই গ্ৰাম্য শ্ৰমিকসকলক পুনৰ ঠিকাদাৰৰ কবললৈ ঠেলি দিব বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে।

ডিগবৈ ব্লক কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি বিষ্ণু জয়ছোৱালে জনসভাক সম্বোধন কৰি কয় যে মনৰেগা কোনো দান-দক্ষিণা নহয়, ই হ’ল দুখীয়া মানুহৰ কাম কৰাৰ সাংবিধানিক অধিকাৰ। দেশৰ দৰিদ্ৰ পৰিয়ালসমূহৰ মৰ্যাদাৰ সৈতে জড়িত এই আইনখনৰ অস্তিত্ব মচিবলৈ চৰকাৰে কৰা যিকোনো প্ৰচেষ্টাক কংগ্ৰেছে গাঁৱে গাঁৱে গৈ তীব্ৰ বিৰোধিতা কৰিব বুলি তেওঁ হুংকাৰ দিয়ে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতৃবৃন্দই নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু কৃষি সংকটৰ বাবেও চৰকাৰক সমালোচনা কৰে। উজনি অসমৰ চাহ শ্ৰমিক আৰু খেতিয়কসকলৰ সমস্যা সমাধানত বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি দাবী কৰি কংগ্ৰেছে আগন্তুক নিৰ্বাচনত গ্ৰাম্য নিযুক্তিৰ বিষয়টোকেই মূল ইছ্যু হিচাপে গ্ৰহণ কৰাৰ ইংগিত দিয়ে।

এই প্ৰতিবাদী সভাত তিনিচুকীয়া জিলা কংগ্ৰেছৰ উপ-সভাপতি ভাস্কৰ জীৱন বৰুৱা, এপিসিসিৰ ৰাজীৱ মৰাণ, এআইচিচিৰ ৰুণাশ্ৰী শৈলীয়াৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱা এই কাৰ্যসূচীয়ে নিৰ্বাচনৰ পূৰ্বে ডিগবৈৰ ৰাজনৈতিক পৰিৱেশ যথেষ্ট উত্তপ্ত কৰি তুলিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *