মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আগবঢ়োৱা মিঞামুক্ত অসমৰ ঘোষণাই এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে এক তীব্ৰ বিতৰ্কৰ। সোমবাৰে গুৱাহাটীত উপস্থিত হৈ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ণণদীপ সুৰজেৱালাই মুখ্যমন্ত্ৰীৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰি ইয়াক অসমীয়া পৰিচয়ৰ ওপৰত এক আক্ৰমণ বুলি অভিহিত কৰে। বিজেপি চৰকাৰে ষষ্ঠ অনুসূচীৰ সাংবিধানিক সুৰক্ষা উলংঘা কৰি একাংশ পুঁজিপতি গোষ্ঠীক ৰাজ্যৰ মাটি উপহাৰ দিয়া বুলিও তেওঁ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সুৰজেৱালাই মুখ্যমন্ত্ৰীৰ দাবীক মুঙেৰীলালৰ স্বপ্ন বুলি অভিহিত কৰি প্ৰশ্ন কৰে যে যোৱা ১১ বছৰ ধৰি শাসনত থকাৰ পাছত এতিয়াহে কিয় এনে ঘোষণা কৰিবলগীয়া হৈছে। তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা, সংস্কৃতি আৰু পৰম্পৰাক লক্ষ্য কৰি লৈছে আৰু আচলতে এই চৰকাৰে অসমৰ মাটিহে বিক্ৰী কৰিছে।” ষষ্ঠ অনুসূচীভুক্ত অঞ্চলৰ ৩০০০ বিঘা আদিবাসী লোকৰ ভূমি এটা চিমেণ্ট কোম্পানীক হস্তান্তৰ কৰা কাৰ্যক লৈ তেওঁ চৰকাৰক জবাবদিহি কৰে। এগৰাকী সাধাৰণ নাগৰিকে কিনিব নোৱাৰা সুৰক্ষিত ভূমি কেনেকৈ ব্যক্তিগত কোম্পানীক দিলে তাক লৈও তেওঁ সন্দেহ প্ৰকাশ কৰে।
ইয়াৰ উপৰিও কোকৰাঝাৰৰ ৩৪০০ বিঘা ভূমি আদানীক শক্তি প্ৰকল্পৰ বাবে দিয়াৰ বিৰুদ্ধেও সুৰজেৱালাই সৰব হৈ পৰে। দেশৰ আন ঠাইত বিদ্যুৎ মাচুল ৩.৫০ টকাৰ পৰা ৪ টকাৰ ভিতৰত থকাৰ বিপৰীতে অসমত আদানীক ৬.৩০ টকা দৰত বিদ্যুৎ যোগান ধৰিবলৈ সুবিধা কৰি দিয়াটোৱে জনসাধাৰণৰ ওপৰত ব্যাপক আৰ্থিক বোজা জাপি দিয়া বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। কংগ্ৰেছ সাংসদগৰাকীৰ মতে চৰকাৰৰ এনেবোৰ সিদ্ধান্তই সাংবিধানিক সুৰক্ষা কৱচ থকা জনজাতীয় লোকসকলক ভূমিহীন কৰাৰ লগতে অসমৰ স্বাৰ্থক জলাঞ্জলি দিছে। এই ভ্ৰমণকালত সুৰজেৱালাই বিজেপিৰ শাসনত অসমৰ পৰিচয় সংকটত পৰা বুলি দাবী কৰি কয় যে চৰকাৰে আচল সমস্যাৰ পৰা দৃষ্টি আঁতৰাবলৈহে সাম্প্ৰদায়িক মন্তব্যৰ আশ্ৰয় লৈছে। মুখ্যমন্ত্ৰীৰ এই মিঞা বিৰোধী স্থিতিৰ আঁৰত থকা ৰাজনৈতিক কৌশলক লৈ কংগ্ৰেছে আগন্তুক দিনত অধিক সৰব হোৱাৰ ইংগিত দিছে।
