প্ৰথম ৰাউণ্ডতে পৰাজিত হৈ উইম্বলডনৰ পৰা বাহিৰ কোকো গ’ফ

আমেৰিকাৰ ২ নং স্থানৰ গ’ফক ইউক্ৰেইনৰ অছিড দায়ানা য়াষ্ট্ৰেমস্কাই ৭-৬ (৩), ৬-১ ছেটত পৰাস্ত কৰে। কালি প্ৰতিষ্ঠিত ১ নং ক’ৰ্টত অনুষ্ঠিত হয় এই খেলখন।

এই পৰাজয়ৰ লগে লগে ২১ বছৰীয়া গ’ফে ফ্ৰেন্স অ’পেন জয় কৰাৰ পিছত গ্ৰেণ্ড শ্লেম ইভেণ্ট উইম্বলডনৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱা অ’পেন যুগৰ  তৃতীয়গৰাকী মহিলা তাৰকা হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে জাষ্টিন হেনেন (২০০৫) আৰু ফ্ৰান্সেস্কা শ্বিয়াভনে (২০১০) এই দুৰ্ভাগ্যৰ সন্মুখীন হৈছিল। এই মেচখন গ’ফৰ বাবে আছিল অতি হতাশাজনক। মাত্ৰ কেইসপ্তাহমানৰ আগতে ৰোনাল্ডো গাৰোছৰ ৰঙা মাটিত ১ নং আৰিনা চাবালেংকাক পৰাস্ত কৰি গ’ফে দ্বিতীয়বাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰিছিল।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ইউ এছ অ’পেনতো খিতাপ দখল কৰিছিল। কিন্তু ২০১৯ চনত ১৫ বছৰ বয়সত ভেনাছ উইলিয়ামছক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰা উইম্বলডনত এতিয়ালৈকে তেওঁৰ আটাইতকৈ দুৰ্বল গ্ৰেণ্ড শ্লেম হিচাপে প্ৰমাণিত হৈছে। ইয়াত এতিয়াও ছেমি ফাইনেলত প্ৰৱেশ কৰিব পৰা নাই আৰু যোৱা তিনি বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *