অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবীক চৰকাৰে উপেক্ষা কৰাৰ প্ৰতিবাদত অহা ৯ ফেব্ৰুৱাৰীত বঙাইগাঁও আৰু চিৰাং জিলাত এক বিশাল পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে অনুসূচিত জনজাতি মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত দেখুওৱা বিফলতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সংগঠনটোৱে আজি এই ঘোষণা কৰে। বঙাইগাঁৱত আয়োজিত এক সংবাদমেলত আক্রাছুৰ নেতাসকলে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠীটোক প্ৰতাৰণা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।
সংগঠনটোৰ নেতৃত্বই জানিবলৈ দিয়া মতে, ২০২৫ চনৰ ২৯ নৱেম্বৰত বিধানসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পিছত তেওঁলোকে আশাবাদী হৈ পৰিছিল যদিও চৰকাৰে পৰৱৰ্তী সময়ত ভুৱা আশ্বাসৰে তেওঁলোকক বিপথে পৰিচালিত কৰিছে। চৰকাৰৰ এই উদাসীনতাৰ প্ৰতিবাদত অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ দিনটোত সমগ্ৰ জিলাখনতে ক’লা পতাকা উত্তোলন কৰিব বুলিও সন্থাই হুংকাৰ দিছে। নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক মুনাফা লাভৰ বাবে হিন্দু-মুছলমানৰ ৰাজনীতি কৰা চৰকাৰখনে খিলঞ্জীয়া হিন্দু জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰ কিয় প্ৰদান কৰা নাই বুলিও সংবাদমেলত প্ৰশ্ন উত্থাপন কৰা হয়।
আক্রাছুৱে কোচ-ৰাজবংশী সমাজক বিজেপিক ভোটদান নকৰিবলৈ আহ্বান জনাই কয় যে চৰকাৰে আলোচনাৰ নামত কেৱল ‘ললীপপ’হে আগবঢ়াই আহিছে। বিধানসভাত গৃহীত হোৱা বিধেয়কখন এমাহৰ ভিতৰতে কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল যদিও চৰকাৰে এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ তথ্য পোহৰলৈ আহিছে। যাৰ বাবে এইবাৰ কোনো ধৰণৰ আপোচ নকৰাকৈ আন্দোলন তীব্ৰতৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে সংগঠনটোৱে।
ইফালে, কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকেই লোকসভাত কালি এক তথ্য সদৰী কৰি জনাইছে যে টাই আহোম, চুতীয়া, মটক, মৰাণ, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে লাভ কৰিছে। বৰ্তমান এই প্ৰস্তাৱ ভাৰতৰ পঞ্জীয়ক প্ৰধান আৰু ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ দ্বাৰা পৰীক্ষা কৰি থকা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
