পৰুপল্লী কাশ্যপৰে পৃথক হোৱাৰ ঘোষণা ছাইনা নেহৱালৰ

ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱাল আৰু তেওঁৰ স্বামী পৰুপল্লী কাশ্যপে পাৰস্পৰিক সন্মতি সাপেক্ষে পৃথক হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে।দেওবাৰে ছাইনাই ইনষ্টাগ্ৰামত এটা ব্যক্তিগত আপডেট শ্বেয়াৰ কৰিছিল, যিয়ে ক্ৰীড়া জগতখনত বৃহৎ চৰ্চা লাভ কৰিছে।

দুবাৰৰ কমনৱেলথ গেমছ চেম্পিয়ন ছাইনাই লিখিছে, জীৱনে কেতিয়াবা আমাক বিভিন্ন দিশলৈ লৈ যায়। বহু বিবেচনাৰ অন্তত কাশ্যপ পাৰুপল্লী আৰু মই বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছো। আমি নিজৰ আৰু ইজনে আনজনৰ বাবে শান্তি, বৃদ্ধি আৰু নিৰাময় বাছি লৈছো।

স্মৃতিবোৰৰ বাবে মই কৃতজ্ঞ আৰু ভৱিষ্যতলৈ শুভকামনা জনাইছো।  ২০১৮ চনৰ ডিচেম্বৰ মাহত ছাইনা আৰু প্ৰাক্তন শ্বাটলাৰ কাশ্যপৰ বিবাহ হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *