ছিংগাপুৰত ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাৰে বৈঠক মুখ্যমন্ত্ৰীৰ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সফল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলে ইয়াক লৈ দেশৰ বিভিন্ন প্ৰান্তত ৰোড শ্ব উলিওৱাৰ ওপৰিও বিদেশতো তাৰ প্ৰচাৰ চলাইছে। আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ লগতে বিদেশৰ বিনিয়োগকাৰীক সাক্ষাৎ কৰি এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰত অংশগ্ৰহণ কৰিবলৈ আৰু অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে।

এতিয়া মুখ্যমন্ত্ৰীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰত আছে। মঙলবাৰে তেওঁ ছিংগাপুৰত ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকলৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই সন্দৰ্ভত তেওঁ কয় যে ছিংগাপুৰত ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকলৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হৈ দিনটোৰ আৰম্ভণি কৰোঁ৷ ছেমিকণ্ডাক্টৰ হৈছে ভাৰত-ছিংগাপুৰৰ পাৰস্পৰিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ দিশ৷

মই তেখেতসকলক জাগীৰোডত হ’বলগীয়া ইলেক্ট্ৰনিক চিটীত আমাৰ সৈতে অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনাইছোঁ। আজিৰ বৈঠকত যোগদান কৰাৰ বাবে এ এছ এম পি টি, এ ই এম, বেছি, টামাছেক, ছিলিকন বক্স, নিট্টো ডেংকো কৰ্প, হেলাৰ ইণ্ডাষ্ট্ৰিজ আৰু মেইনধাৰ্ট গ্ৰুপৰ নেতাসকলক মই কৃতজ্ঞতা কৰিছোঁ।এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে আমি অসমক আৰু অধিক গতিশীলতা প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছোঁ৷

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *