গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কিন্তু মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈৰ নাম পোনপটীয়াকৈ নোলোৱাকৈ লোকসভা সমষ্টিৰ কথা উল্লেখ কৰি তেওঁক লক্ষ্য কৰি লয়৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই মঙলবাৰে ছ’চিয়েল মিডিয়া এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি গৌৰৱ গগৈক অসমৰ বাবে অপমানজনক বুলি আখ্যা দিয়ে।

সোমবাৰে সংসদত আমাৰ ৰাজ্যৰ সাংসদগৰাকীয়ে দিয়া ভাষণে তেওঁ যে পাকিস্তানৰ হৈ কাম কৰে সেয়া নিঃসন্দেহে প্রমাণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে৷ তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী শাসকৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয়। যিহেতু তেওঁৰ পত্নী আৰু দুয়োটা সন্তানৰ বিদেশী নাগৰিকত্ব আছে, সেয়েহে তেওঁ যিকোনো সময়তে ভাৰত এৰি যাব পাৰে। তেওঁ অসমৰ বাবে কলংক।

উল্লেখযোগ্য যে সংসদত গৌৰৱ গগৈয়ে চৰকাৰক সোধা প্ৰশ্ন আৰু তেওঁৰ দ্বাৰা উত্থাপিত অভিযোগৰ ওপৰত চুবুৰীয়া দেশ পাকিস্তানৰ সংবাদ মাধ্যমে ব্যাপকভাৱে প্ৰচাৰ কৰে। গৌৰৱ গগৈৰ এই বক্তব্যক পাকিস্তানৰ সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *