ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া অতি সন্মানীয় বিশ্ব অৰ্থনৈতিক মঞ্চত (ডব্লিউ ই এফ) ভাৰতৰ হৈ অসমক প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰে এক বিৰল সুযোগ প্ৰদান কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বাবে অসমক মনোনীত কৰাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডাভোছ অভিমুখে যাত্ৰা কৰে। উল্লেখ্য যে বিশ্ব অৰ্থনৈতিক মঞ্চত অংশ লোৱা ড° শৰ্মাই হ’ব প্ৰথমগৰাকী অসমীয়া। চাৰিদিনীয়া ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে বিশ্বৰ অগ্ৰণী উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ দৰে সংস্থাৰ মুৰব্বীসকলৰ সৈতে মত-বিনিময় কৰিব। তেওঁ ১৭খনতকৈও অধিক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ ভৱিষ্যতৰ কৰ্মশক্তিৰ সুৰক্ষা, পৰ্যটনৰ ১০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় চাৰিখন বিশেষ আলোচনা সত্ৰত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি অসমৰ সম্ভাৱনাসমূহ দাঙি ধৰিব।
এই সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতিসহ বিশ্বৰ ৫০খন দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাসকল উপস্থিত থাকিব। ভাৰতৰ পৰা অসমৰ লগতে আন নখন ৰাজ্যক এই সুযোগ প্ৰদান কৰা হৈছে, য’ত পাঁচগৰাকী মুখ্যমন্ত্ৰী আৰু চাৰিজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। ‘স্পিৰিট অৱ ডায়লগ’ বিষয়বস্তুৰে আয়োজিত এই সন্মিলনত অসমে ছেমি কণ্ডাক্টৰৰ দৰে নতুন প্ৰকল্প আৰু ডিজিটেল বিপ্লৱৰ জৰিয়তে কেনেকৈ এক ‘গ্লোবেল ইনভেষ্টমেণ্ট হাব’ হিচাপে গঢ়ি উঠিছে, সেই সফল চিত্ৰখন দাঙি ধৰিব। মুখ্যমন্ত্ৰীৰ এই অংশগ্ৰহণে অসমৰ অৰ্থনীতি আৰু নিয়োগ সৃষ্টিৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি চৰ্চা চলিছে। এডভাণ্টেজ আছামৰ সফল সামৰণিৰ পাছত বিশ্ব মঞ্চত অসমৰ এনে সৱল উপস্থিতিয়ে বিদেশী বিনিয়োগকাৰীসকলক ৰাজ্যখনলৈ আকৰ্ষণ কৰাত সহায় কৰিব। ইয়াৰ ফলত অনাগত দিনত অসমত বৃহৎ উদ্যোগিক বিপ্লৱৰ সূচনা হোৱাৰ লগতে যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ নতুন পথ প্ৰশস্ত হ’ব বুলি আশা কৰা হৈছে।
