গণৰাজ্য দিৱস উপলক্ষে মালিগাঁৱত আৰক্ষী – নাগৰিক কমিটিৰ চাফাই অভিযান

জালুকবাৰী ,২২ জানুৱাৰী : আগন্তুক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি গু টিভিৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষী থানা আৰু জালুকবাৰী  থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ যৌথ উদ্যোগত ১৯ জানুৱাৰীত মালিগাঁও অঞ্চলত এক চাফাই অভিযান চলোৱা হয়।

জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কংকিন মহন্ত আৰু জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটিৰ অধ্যক্ষ দ্বিজেন লহকৰৰ নেতৃত্বত চলোৱা চাফাই অভিযানত ভাগ লোৱা সকলোৱে হাতে হাতে ঝাৰু লৈ জালুকবাৰী থানাৰ সন্মূখত থকা তথা আগন্তক গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন কৰিবলগীয়া পিয়লি ফুকন চকৰ বাকৰিকে ধৰি দাঁতি কাষৰীয়া স্থানখিনী চাফ – চিকুণ কৰে।

চাফাই অভিযানত নিতাই চন্দ্ৰ দে, কাৰ্তিক কলিতা, চেলিমউদ্দিন আহমেদকে ধৰি নাগৰিক কমিটিৰ কেবাজনো কৰ্মকৰ্তা আৰু কেবাজনো আৰক্ষী বিষয়া – কনিষ্টবল উপস্থিত আছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *