কেন্দ্ৰীয় চৰকাৰে বুধবাৰে সংসদত অৱগত কৰে যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছৰ মুঠ ৯৩,১৩৯টা পদ খালী হৈ আছে। এই তথ্য গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে লিখিত উত্তৰত দিছে। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ত সৰ্বাধিক ২৮,৩৪২টা আৰু সৰ্বনিম্ন সংখ্যক অসম ৰাইফলছত ৩,৭৪৯টা পদ খালী হোৱা বুলি উল্লেখ কৰে।
তেওঁ কয় যে নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত কৰ্মচাৰী বাছনি আয়োগৰ জৰিয়তে বাৰ্ষিক কনিষ্টবল নিযুক্তি, প্ৰমুখ ৰেংকৰ বাবে ন’ডেল বাহিনী স্থাপন, শাৰীৰিক পৰীক্ষাত ৰেডিঅ’ ফ্ৰিকুৱেন্সি চিনাক্তকৰণ প্ৰযুক্তিৰ ব্যৱহাৰ আদি অন্যতম।
চৰকাৰৰ তথ্য অনুসৰি চি এ পি এফৰ পদত্যাগৰ সংখ্যা বৃদ্ধি পাইছে। ২০২১ চনত ১২৫৫ জন জোৱানে পদত্যাগ কৰাৰ বিপৰীতে ২০২৫ চনত ২,৩৩৩ জন জোৱানে পদত্যাগ কৰিছিল, যিটো প্ৰায় ৮৬ শতাংশ বৃদ্ধি। আত্মহত্যা, হত্যা, স্বেচ্ছামূলক অৱসৰৰ ঘটনা হ্ৰাস পাইছে।
