ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

২৫ জানুৱাৰীত উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, জানক দিনটোৰ মহত্ব

২৫ জানুৱাৰীত উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, জানক দিনটোৰ মহত্ব

ভোটদান সকলোৰে গণতান্ত্ৰিক অধিকাৰ। দেশত যেতিয়াই কোনো নিৰ্বাচনী প্ৰক্ৰিয়া অনুষ্ঠিত হয় তেতিয়াই সকলোকে গণতন্ত্ৰৰ উৎসৱত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। নিজৰ মূল্যৱান ভোটদান আৰু জনপ্ৰতিনিধি নিৰ্বাচন কৰি ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোৰ অধিকাৰ প্ৰতিজন নাগৰিকৰে আছে। যুৱক-যুৱতীসকলকো ভোট দিবলৈ উৎসাহিত কৰা হয়। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰতি বছৰে ২৫ জানুৱাৰীত এক বিশেষ উদ্দেশ্যেৰে পালন কৰা হয়। ২৫ জানুৱাৰীত সমগ্ৰ দেশতে উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। এই দিনটোৰ এক বিশেষ তাৎপৰ্য আছে। ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হয়। ২০১১ চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। নিঃসন্দেহে এয়া ভোটাধিকাৰ আৰু গণতন্ত্ৰ উদযাপনৰ দিন। কিন্তু এই দিনটো পালন…
Read More
থু পেলোৱাৰ বাবেই ৫ মাহাৰ কাৰাবাস খাটিবলগীয়া হ’ল এজন মুছলমান যুৱকে, ভাঙি পেলোৱা হ’ল বাসগৃহ

থু পেলোৱাৰ বাবেই ৫ মাহাৰ কাৰাবাস খাটিবলগীয়া হ’ল এজন মুছলমান যুৱকে, ভাঙি পেলোৱা হ’ল বাসগৃহ

ঘৰৰ সন্মুখৰ ৰাস্তাৰে পাৰ হৈ যোৱা হিন্দু ধৰ্মীয় শোভাযাত্ৰাৰ সময়তে থু পেলোৱাৰ অভিযোগত ৫ মাহ কাৰাবাস খাটিবলগীয়া হ’ল এজন ১৮ বৰ্ষীয় যুৱকে। একেটা অপৰাধতে বুলডোজাৰ লগাই ভাঙি পেলোৱা হয় যুৱকজনৰ বাসগৃহও। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনীত। অৱশ্যে ১৫১ দিনৰ দীঘলীয়া কাৰাবাসৰ অন্তত অৱশেষত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জামিনত মুকলি কৰি দিয়া হয় যুৱকজনক। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত বৰ্ষৰ ১৭ জুলাইত আদনান মনছুৰী নামৰ যুৱকজনৰ ঘৰৰ সন্মুখৰ পথেৰে বাহিৰ কৰা হৈছিল শিৱ পূজাৰ এক শোভাযাত্ৰা। সেই সময়ত আদনান, তেওঁৰ কনিষ্ঠ ভাতৃ আৰু আন এজন সম্পৰ্কীয় ভাতৃ থিয় হৈ শোভাযাত্ৰা চাই আছিল ঘৰৰ চাদৰ পৰা। আৰু তেতিয়াই শোভাযাত্ৰাৰ মাজৰ…
Read More
বিবাহ বিচ্ছেদ কৰিব নেকি ছানিয়া মিৰ্জাই? ছ’চিয়েল মিডিয়াৰ পোষ্টক লৈ পুনৰ চৰ্চা…

বিবাহ বিচ্ছেদ কৰিব নেকি ছানিয়া মিৰ্জাই? ছ’চিয়েল মিডিয়াৰ পোষ্টক লৈ পুনৰ চৰ্চা…

পাকিস্তানী ক্ৰিকেটাৰ স্বামী শ্বোয়েইব মালিকৰ পৰা পৃথক হ’ব নেকি ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা? ২০২২ চনৰ পৰাই চৰ্চিত হৈ অহা তাৰকা দম্পতীহালৰ বিবাহ বিচ্ছেদৰ উৰা বাতৰিত এইবাৰ পুনৰ ইন্ধন যোগাইছে ছানিয়া মিৰ্জাৰ আন এক ছ’চিয়েল মিডিয়া পোষ্টে। পূৰ্বেও সামাজিক মাধ্যমত বিবাহ বিচ্ছেদ সম্পৰ্কীয় বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকক বিবাহ বিচ্ছেদৰ খবৰক ৰহস্যঘন কৰি তোলা ছানিয়াৰ আন এক পোষ্টে এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে যথেষ্ট চৰ্চা। বুধবাৰে পুৱা ছানিয়াই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এটা পোষ্ট শ্বেয়াৰ কৰে। এই পোষ্টটোত লিখা আছে- “বিবাহ কঠিন। বিবাহ বিচ্ছেদ কঠিন। আপোনাৰ কঠিনতম বাছি লওক। মেদবহুলতা কঠিন। ফিট হৈ থকাটো কঠিন। আপোনাৰ কঠিনতম বাছি লওক। ঋণগ্ৰস্ত হোৱাটো…
Read More
ৰাম মন্দিৰৰ অভিষেকৰ পূৰ্বে ৰাম ৰাজ্যত ভয়ংকৰ অগ্নিকাণ্ড, ফটকাৰ ট্ৰাকত বিস্ফোৰণ…

ৰাম মন্দিৰৰ অভিষেকৰ পূৰ্বে ৰাম ৰাজ্যত ভয়ংকৰ অগ্নিকাণ্ড, ফটকাৰ ট্ৰাকত বিস্ফোৰণ…

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বেই ৰাম ৰাজ্যত সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে নিশা অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত ব্যৱহাৰৰ বাবে আমদানি কৰা ফটকাত হঠাৎ সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনু্ষ্ঠানত ব্যৱহাৰৰ বাবে তামিলনাডুৰ এটা ফটকা কাৰখানাৰ পৰা এখন ট্ৰাকেৰে লৈ যোৱা হৈছিল ফটকাখিনি। ট্ৰাকখন উত্তৰ প্ৰদেশৰ উন্নাও পোৱাৰ সময়তে এটা সৰু দুৰ্ঘটনা সংঘটিত আৰু ইয়াৰ পিছতে ট্ৰাকখনত থকা ফটকাত ইটোৰ পিছত সিটোকৈ সংঘটিত বিস্ফোৰণে সমগ্ৰ অঞ্চলটো কঁপাই তোলে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, তিনি ঘণ্টা ধৰি ট্ৰাকখনত একেৰাহে সংঘটিত হয় বিস্ফোৰণ। পিছত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনৰ জুই নিৰ্বাপণ কৰে। অৱশ্যে ট্ৰাকখনত কেনেকৈ…
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক পশ্চিম বংগ ভ্ৰমণক লৈ জল্পনা-কল্পনা, পালে নেকি বিশেষ দায়িত্ব?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক পশ্চিম বংগ ভ্ৰমণক লৈ জল্পনা-কল্পনা, পালে নেকি বিশেষ দায়িত্ব?

লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগ বিজেপিৰ কাণ্ডাৰীৰ ৰূপত দেখা যাব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গেৰুৱা শিৱিৰৰ কেন্দ্ৰীয় সমিতিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত পশ্চিমবংগৰ প্ৰাৰ্থী বাছনিৰ ভাৰ অৰ্পণ কৰিব পাৰে শীৰ্ষ নেতৃত্বই। উল্লেখ্য যে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও নেতা, মন্ত্ৰী, বিধায়ক তথা সাংসদে বিজেপিত যোগদান কৰিছিল। এই যোগদানে গেৰুৱা শিৱিৰক শক্তিশালী কৰিব বুলিও আশা কৰা হৈছিল। আন দলৰ পৰা বেছিভাগ নেতাকেই টিকট প্ৰদান কৰি নিৰ্বাচণী ৰণাঙ্গনত নমাইছিল বিজেপিয়ে। ইয়াৰোপৰি অভিনয় জগতৰ সৈতে জড়িত কেইবাজনকো গেৰুৱা বসন পিন্ধাই প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। ৰাজ্যখনত বিজেপিৰ এই 'যোগদান মেলা’ৰ নেতৃত্ব দিছিল মুকুল ৰায়ে।…
Read More
ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ বাবে বিশেষ মুদ্ৰা নিৰ্মাণ এটা মুছলমান পৰিয়ালৰ…

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ বাবে বিশেষ মুদ্ৰা নিৰ্মাণ এটা মুছলমান পৰিয়ালৰ…

২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উৎফুল্লিত হৈ পৰিছে দেশবাসী। এই ভব্য অনুষ্ঠানত ৭ হাজাৰ অতিথিয়ে অংশগ্ৰহণ কৰিব। কেৱল হিন্দু ধৰ্মাৱলম্বীয়েই নহয়, দেশৰ মুছলমান সম্প্ৰদায়ৰ লোকো উৎফুল্লিত হৈ পৰিছে ৰাম মন্দিৰৰ অভিষেকক লৈ। তেনে এক মুছলমান পৰিয়ালেই হ’ল মুম্বাইৰ নিৱাসী শ্বাহবাজ ৰাথোড়ৰ পৰিয়াল। ৰাম মন্দিৰৰ অভিষেকৰ আনন্দত শ্বাহবাজ ৰাথোড়ৰ পৰিয়ালে প্ৰস্তুত কৰি উলিয়াইছে এটা বিশেষ মুদ্ৰা। স্বৰ্ণ বৰণৰ মুদ্ৰাৰ এটা পিঠিত ৰাম মন্দিৰৰ প্ৰতিৰূপ থকাৰ বিপৰীতে আনটো পিঠিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম। এই পৰ্যন্ত ৩ হাজাৰ মুদ্ৰা প্ৰস্তুত কৰা মুছলমান পৰিয়ালটোৱে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ অহা বিশেষ ৰামভক্ত সকলৰ মাজত মুদ্ৰাখিনি বিতৰণ কৰাৰ ইচ্ছা ব্যক্ত…
Read More
কপালত ফোট, পিন্ধনত চুৰিদাৰ! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহি গ্ৰেপ্তাৰ হ’ল প্ৰেমিক যুৱক

কপালত ফোট, পিন্ধনত চুৰিদাৰ! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহি গ্ৰেপ্তাৰ হ’ল প্ৰেমিক যুৱক

যুৱতীৰ দৰে সাজি-কাছি প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক। এনে এক আজৱ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফৰিদকোটত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত অংগৰেজ সিং নামৰ যুৱকজনে যুৱতীৰ দৰেই ছেলোৱাৰ-কামিজ পৰিধান কৰি আৰু মেক-আপ লগাই প্ৰেয়সী পৰমজিৎ কৌৰৰ হৈ বাবা ফৰিদ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত বহুমুখী স্বাস্থ্য কৰ্মী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ৭ জানুৱাৰীত কোটকাপুৰাৰ ডি এ ভি পাব্লিক স্কুলত অনুষ্ঠিত হোৱা এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আনকি যুৱতীৰ সাজত ফটো সম্বলিত ভুৱা আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডো ব্যৱহাৰ কৰিছিল অংগৰেজ সিঙে। কিন্তু পৰীক্ষা হলৰ বায়’মেট্ৰিক মেছিনত প্ৰকৃত প্ৰাৰ্থী অৰ্থাৎ প্ৰেয়সী পৰমজিৎ কৌৰৰ আঙুলিৰ ছাপৰ…
Read More
মোদীক পৰাজিত কৰিবলৈ হ’লে প্ৰয়োজন মমতা বেনাৰ্জীৰ ৰাজনৈতিক কৌশল! স্পষ্ট কৰিলে মল্লিকাৰ্জুন খাৰ্গেয়ে

মোদীক পৰাজিত কৰিবলৈ হ’লে প্ৰয়োজন মমতা বেনাৰ্জীৰ ৰাজনৈতিক কৌশল! স্পষ্ট কৰিলে মল্লিকাৰ্জুন খাৰ্গেয়ে

ইণ্ডিয়া মিত্ৰজোঁটত প্ৰয়োজন মমতা বেনাৰ্জীৰ। ইণ্ডিয়া এলায়েন্সৰ অধ্যক্ষ তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে স্পষ্টভাৱে কয় যে বিজেপিক পৰাস্ত কৰিবলৈ হ’লে মমতাৰ কৌশল বাদ দিব নোৱাৰি। মমতাৰ ৰাজনৈতিক অভিজ্ঞতা আৰু ৰাষ্ট্ৰীয় ক্ষেত্ৰখনত গুৰুত্বৰ বাবে বংগত বিজেপিক বাধা দিবলৈ কংগ্ৰেছক প্ৰয়োজন। খবৰ অনুসৰি খাৰ্গেয়ে দলৰ বৈঠকত সেই কথা বুজাই দিছিল। নিজৰ কথাৰ ব্যাখ্যা দি এআইচিচিৰ এজন নেতাই কয় যে খৰ্গেজীয়ে দুই এটা শব্দৰে বুজাই দিলে যে মমতা বেনাৰ্জীয়ে বিজেপি বিৰোধী যুঁজত মমতা বেনাৰ্জীয়ে তেওঁলোকৰ সৈতে যোগদান কৰাটো বিচাৰিছে, জাতীয় যুঁজত মমতাৰ ৰাজনৈতিক কৌশলৰ প্ৰয়োজন। নেতাগৰাকীৰ মতে, আসনৰ আপোচ সন্দৰ্ভত মমতাৰ স্থিতি জানিও হাইকমাণ্ডে বংগত মিত্ৰতা ত্বৰান্বিত কৰিব বিচাৰিছে ঠিক এই কাৰণেই। শনিবাৰে…
Read More
গোৱা বিজেপিত সংঘাত! প্ৰাক্তন মুখ্যমন্ত্ৰীক দুৰ্নীতিগ্ৰস্ত আখ্যা দলৰে বিধায়কৰ

গোৱা বিজেপিত সংঘাত! প্ৰাক্তন মুখ্যমন্ত্ৰীক দুৰ্নীতিগ্ৰস্ত আখ্যা দলৰে বিধায়কৰ

গোৱাৰ ৰাজহ মন্ত্ৰী তথা বিজেপি নেতা বাবুছে নিজৰ দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মনোহৰ পাৰিকৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰয়াত মনোহৰ পাৰিকাৰৰ ২৫ বছৰীয়া কৰ্ম আৰু উত্তৰাধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰি বাবুছে কয় যে মনোহৰ পাৰিকৰে ২৫ বছৰীয়া ৰাজনীতিৰ সময়ছোৱাত পানাজী চহৰ ধ্বংস কৰিছিল। কিন্তু ইাতেই ক্ষান্ত নহ’ল বাবুছ। প্ৰশ্ন কৰি তেওঁ কয় – ‘পানাজীৰ প্ৰাক্তন বিধায়ক মনোহৰ পাৰিকৰে ২৫ বছৰ ধৰি কি কৰিলে কওকচোন, তেওঁৰ আত্মীয়ই মোক এটা প্ৰকল্প দেখুৱাব লাগে যিটো পানাজীৰ জনসাধাৰণৰ বাবে কৰা হৈছে।’ বাবুছৰ এই বক্তব্যৰ পিছত বিতৰ্ক বৃদ্ধি হোৱাটো স্বাভাৱিক আছিল। ততাতৈয়াকৈ বাবুছৰ বক্তব্যক আগত লৈ বিৰোধীয়েও ৰাজ্যখনৰ বিজেপি চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰে।…
Read More
দুৰ্ঘটনাত পতিত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন, কেনে আছে নেত্ৰীগৰাকী…

দুৰ্ঘটনাত পতিত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন, কেনে আছে নেত্ৰীগৰাকী…

বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হয় জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন। অনন্তনাগলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, পিডিপিৰ মুৰব্বীগৰাকীৰ এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে। জানিব পৰা মতে, খানাবলত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাতৰ বাবে মেহবুবা মুফতীয়ে গৈ থকাৰ সময়তে তেওঁলোকৰ বাহনখনে আন এখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। সংবাদ সংস্থা পিটিআইয়ে দাবী কৰা মতে, এই দুৰ্ঘটনাত মুফতীৰ নিৰাপত্তাৰক্ষী সামান্য আঘাতপ্ৰাপ্ত হয়। ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা তথা জম্মু-কাশ্মীৰৰ আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই মুফতীৰ গাড়ী দুৰ্ঘটনাৰ খবৰ পাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই দুৰ্ঘটনাত নেত্ৰীগৰাকী আহত হোৱা নাই, এই খবৰত তেওঁ সুখী বুলি মন্তব্য কৰে…
Read More