ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ১৯৫৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৫ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল মমতা বেনাৰ্জীয়ে। বংগৰ বাঘ হিচাপে পৰিচিত মুখ্যমন্ত্ৰীৰ জন্মদিনক লৈ আনন্দৰ জোৱাৰ তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত। অতি ধুমধামেৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত তৃণমূলৰ নেতা-কৰ্মীয়ে উদযাপন কৰিছে মমতা বেনাৰ্জীৰ জন্মদিন। কেক কাটি উদযাপন কৰা হৈছে জন্মদিন।
Read More
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। বুধবাৰে উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত চামিল হয় ভূপেন বৰা। ভূপেন বৰাৰ লগতে এই পদযাত্ৰাত অংশগ্ৰহণ অসমৰ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ। উল্লেখ্য যে, কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাই মঙলবাৰে প্ৰৱেশ কৰে উত্তৰ প্ৰদেশত। দেশৰ বহু বিশিষ্ট ব্যক্তিয়ে উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা।
Read More
যুৱকক মৰিয়াই মৰিয়াই হত্যা ৮ যুৱকৰ, ৫ জনক গ্ৰেপ্তাৰ…

যুৱকক মৰিয়াই মৰিয়াই হত্যা ৮ যুৱকৰ, ৫ জনক গ্ৰেপ্তাৰ…

গুৰুগ্ৰামৰ ৪৬ নং ছেক্টৰৰ জল বিহাৰত এজন লোকক দোকানৰ পৰা টানি উলিয়াই কমেও ৮ জন লোকে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ৫জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বাকী কেইজন পলাতক অৱস্থাত আছে। যোৱা বছৰ সংঘটিত হোৱা এক কাণ্ডৰ প্ৰতিশোধ ল’বলৈ অভিযুক্তই ভুক্তভোগী সোণু কুমাৰ (২৮)ক আক্ৰমণ কৰিছিল।
Read More
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ফাৰুক আব্দুল্লাৰ…

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ফাৰুক আব্দুল্লাৰ…

জম্মু কাশ্মীৰ নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই মঙলবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰত জোড়ো যাত্ৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে যোগদান কৰে। দিল্লীৰ কাশ্মীৰ গেটৰ পৰা আজি পুনৰ আৰম্ভ হোৱা এই যাত্ৰাই উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে আজি ৰিচাৰ্চ এণ্ড এনালাইছিছ উইঙৰ প্ৰাক্তন মুৰব্বী এ এছ দুলাটেও এই পদযাত্ৰাত যোগদান কৰিছিল।
Read More
গ’ ফাৰ্ষ্টৰ বিমানত চৰাইৰ খুন্দা, সুৰক্ষিতভাৱে অৱতৰণ…

গ’ ফাৰ্ষ্টৰ বিমানত চৰাইৰ খুন্দা, সুৰক্ষিতভাৱে অৱতৰণ…

মঙলবাৰে পাটনা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত বেংগালুৰুৰ পৰা ১৪২ জন যাত্ৰী আৰু ছয়জন ক্ৰু মেম্বাৰ থকা গ’ ফাৰ্ষ্ট বিমানখনত চৰাইৰ জাকে খুন্দা মাৰে। খবৰ অনুসৰি পাইলটসকলে বিমানখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ লগতে সকলো যাত্ৰী নিৰাপদে অৱতৰণ কৰে। দিল্লীলৈ উৰা মাৰিব লগা বিমানখন বাতিল কৰা হৈছে।
Read More
চাঞ্চল্যকৰ! ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ ১৬ বছৰীয়া কিশোৰৰ, গ্ৰেপ্তাৰ…

চাঞ্চল্যকৰ! ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ ১৬ বছৰীয়া কিশোৰৰ, গ্ৰেপ্তাৰ…

উত্তৰ প্ৰদেশৰ বুদৌনত ‘জাগৰণ’ৰ পৰা ঘৰলৈ উভতি অহা এগৰাকী ৭ম শ্ৰেণীৰ ছাত্ৰীক ১৬ বছৰীয়া ল’ৰাৰ হাতত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক গ্ৰেপ্তাৰ কৰি জুভেনাইল হোমলৈ প্ৰেৰণ কৰা হৈছে। চুপাৰিৰ পথাৰত অচেতন অৱস্থাত পৰি থকা ১৩ বছৰীয়া কিশোৰীগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Read More
উত্তৰাখণ্ডত শোকাবহ দুৰ্ঘটনা! নৈত যাত্ৰীবাহী বাহন বাগৰি ৯ জনৰ কৰুণ মৃত্যু

উত্তৰাখণ্ডত শোকাবহ দুৰ্ঘটনা! নৈত যাত্ৰীবাহী বাহন বাগৰি ৯ জনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ নাইনিতাল জিলাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৯ জনকৈ লোকে। জিলাখনৰ ৰামনগৰত এখন যাত্ৰীবাহী এৰটিগা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ঢেলা নৈত বাগৰি পৰাত নিহত হয় বাহনখনৰ ৯ গৰাকী যাত্ৰী। ইফালে দুৰ্ঘটনাৰ পিছত স্থানীয় ৰাইজে এগৰাকী মহিলা যাত্ৰীক বাহনখনৰ ভিতৰৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, অধিক দ্ৰুতবেগত আহি থকা বাহনখন নৈত বাগৰি পৰাৰ পিছতে নৈৰ কোবাল সোঁতত উটি যায়। বাহনখনৰ ভিতৰৰ পৰা ইতিমধ্যে ৭ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহত সকলক ভিতৰত আছে ৩ জন পুৰুষ আৰু ৬ গৰাকী মহিলা। নিহত পুৰুষ তিনিজনৰ ঘৰ পঞ্জাৱৰ পাটিয়ালাত বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে…
Read More
কোভিড ভেকচিন বাধ্যতামূলক নহয়; উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰীয় চৰকাৰে

কোভিড ভেকচিন বাধ্যতামূলক নহয়; উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰীয় চৰকাৰে

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ঘৰে-ঘৰে গৈ বিভিন্নজনক তেওঁলােকৰ ইচ্ছাৰ বিপৰীতে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰধান কৰিছে। ইতিমধ্যে এনে বহু ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ইয়াৰ লগতে অসম চৰকাৰৰ তথা দেশৰ অন্য কেবাখনাে ৰাজ্যৰ চৰকাৰেও ক’ভিড-১৯ৰ ভেকচিন নােলােৱা লােকসকলক বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ কথা ঘােষণা কৰিছে। অসম চৰকাৰে ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে তেনে লােকৰ ওপৰত জৰিমনা বিহাৰ কথাও ঘােষণা কৰিছে। তেনে সময়তে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক শপতনামাই চৰকাৰৰ এনে ব্যৱস্থাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কৈছে যে কোভিড প্ৰতিষেধক লােৱাটাে বাধ্যতামূলক নহয় আৰু কোনো ব্যক্তিক তেওঁলোকৰ ইচ্ছাৰ…
Read More
এসপ্তাহৰ বাবে স্থগিত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন, কাৰণ…

এসপ্তাহৰ বাবে স্থগিত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন, কাৰণ…

পঞ্জাৱৰ ৰাজনৈতিক দলসমূহৰ আহ্বানৰ পিছতে এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন। নিৰ্বাচন আয়োগে সোমবাৰে ঘোষণা কৰা অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন পূৰ্বৰ ১৪ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব। গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক এসপ্তাহৰ বাবে ভোটদান স্থগিত ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতে পিছুৱাই দিয়া হয় ভোটগ্ৰহনৰ তাৰিখ। পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক ভোটদানৰ তাৰিখ বৃদ্ধি কৰিবলৈ নিৰন্তৰ আহ্বান জনাই আহিছিল। নিৰ্বাচন আয়োগে সোমবাৰে এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত নিৰ্বাচন আয়োগে গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভা নিৰ্বাচনৰ ভোটদান ৬ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।…
Read More
কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজ আৰু নাই!

কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজ আৰু নাই!

ভাৰতৰ কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজৰ সোমবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। প্ৰখ্যাত নৃত্যশিল্পীগৰাকীৰ নাতিনী ৰাগিনী মহাৰাজে প্ৰকাশ কৰা মতে, নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে অন্তক্ষৰী' খেলি থকাৰ সময়তে অসুস্থ হৈ পৰে বিৰ্জু মহাৰাজ। ভাৰতৰ অন্যতম জনপ্ৰিয় কথক নৃত্যশিল্পীগৰাকী বৃক্কৰ ৰোগত আক্ৰান্ত আছিল আৰু ডায়েলাইচিছ চিকিৎসাধীন আছিল। উল্লেখ্য যে, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত বিৰ্জু মহাৰাজৰ জন্ম হৈছিল ১৯৩৭ চনৰ ৪ ফেব্ৰুৱাৰীত। তেওঁৰ প্ৰকৃত নাম আছিল ব্ৰজ মোহন নাথ মিশ্ৰ। কিন্তু কথক নৃত্যক বিশ্বমুখী মাত্ৰা প্ৰদান কৰি তেওঁ বিৰ্জু মহাৰাজ নামেৰে পৰিচিত হৈ পৰে। আনহাতে…
Read More