ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

পুনৰ এবছৰ বৃদ্ধি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল…

পুনৰ এবছৰ বৃদ্ধি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল…

অহা বছৰৰ জুন মাহলৈকে বৃদ্ধি কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল। মঙলবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে। শ্বাহে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি নড্ডাৰ অধীনত ২০১৯ চনৰ তুলনাত বৃহৎ জনাদেশেৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলে জয়ী হ’ব বুলি মোৰ বিশ্বাস আছে।’ বিজেপিৰ অধ্যক্ষ হিচাপে নাড্ডাৰ তিনি বছৰীয়া কাৰ্যকাল ২০ জানুৱাৰীত সমাপ্ত হ’ব লাগিছিল।
Read More
দিল্লীত আপৰ কাউন্সিলাৰ আক্ৰমণত বিজেপিৰ মহিলা কাউন্সিলাৰ আহত হোৱাৰ অভিযোগ…

দিল্লীত আপৰ কাউন্সিলাৰ আক্ৰমণত বিজেপিৰ মহিলা কাউন্সিলাৰ আহত হোৱাৰ অভিযোগ…

দিল্লীৰ এমচিডি নিৰ্বাচনক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে আপ নেতাৰ আক্ৰমণত বিজেপিৰ দুগৰাকী মহিলা কাউন্সিলাৰ আহত হোৱাৰ দাবী বিজেপিৰ। এমচিডি হাউছত শুকুৰবাৰে সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজত মহিলা কাউন্সিলাৰ দুগৰাকী আহত হোৱাৰ অভিযোগ কৰিছে বিজেপিয়ে। বিজেপিৰ অভিযোগ অনুসৰি, আম আদমী পাৰ্টীৰ পুৰুষ কাউন্সিলাৰৰ এটা দলে ঘেৰি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে মহিলা কাউন্সিলাৰ দুগৰাকীক। যাৰ ফলত অনিতা আৰু ইন্দৰ কৌৰ নামৰ মহিলা কাউন্সিলাৰ দুগৰাকী আহত হয়।
Read More
২০৪৭ৰ ভিতৰত ২০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হ’ব ভাৰতঃ প্ৰধানমন্ত্ৰীৰ আৰ্থিক উপদেষ্টাৰ দাবী

২০৪৭ৰ ভিতৰত ২০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হ’ব ভাৰতঃ প্ৰধানমন্ত্ৰীৰ আৰ্থিক উপদেষ্টাৰ দাবী

স্বাধীনতাৰ শতবাৰ্ষিকীত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব। ভাৰতৰ জিডিপি ২০ ট্ৰিলিয়ন ডলাৰ হ’ব। কেৱল সেয়াই নহয়, জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ অন্যতম শক্তিশালী দেশক পৰাস্ত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখ্য বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ে এই দাবী কৰে। আচলতে কেন্দ্ৰীয় চৰকাৰে এই বছৰ ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। সেই উদ্দেশ্যে মোডী চৰকাৰে বহু প্ৰচাৰ কৰিছে। কিন্তু কোভিডৰ প্ৰভাৱে ভাৰতক সেই লক্ষ্যৰ পৰা বহু দূৰলৈ ঠেলি দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কেতিয়া পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হ’ব পাৰিব তাৰ কোনো নিৰ্দিষ্ট সময়সীমা দিব পৰা নাই। কিন্তু লাখ লাখ টকাৰ সপোন দেখাৰ দৰেই মোডীৰ…
Read More
উত্তৰাখণ্ডৰ হালদ্বাণীৰ ৫০ হাজাৰ লোকক উচ্ছেদৰ নিৰ্দেশত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উত্তৰাখণ্ডৰ হালদ্বাণীৰ ৫০ হাজাৰ লোকক উচ্ছেদৰ নিৰ্দেশত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উত্তৰাখণ্ডৰ হালদ্বাণীত ভাৰতীয় ৰে’লৱেৰ অন্তৰ্গত ভূমিত নিৰ্মিত ঘৰত থকা হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰিবলৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছে। খবৰ অনুসৰি মাটি খালী কৰাৰ নিৰ্দেশ কাৰ্যকৰী হ’লে প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈ পৰিব। উচ্চতম ন্যায়ালয়ে কয় যে এই লোকসকলক "এদিনতে উচ্ছেদ নোৱাৰি"।
Read More
উত্তৰাখণ্ডত ৫ শতাধিক ঘৰত সৃষ্টি হৈছে ফাটৰ, কাৰণ…

উত্তৰাখণ্ডত ৫ শতাধিক ঘৰত সৃষ্টি হৈছে ফাটৰ, কাৰণ…

উত্তৰাখণ্ডৰ যোশীমঠ চহৰৰ ৫৫০ টাতকৈও অধিক ঘৰত সৰু-ডাঙৰ ফাট মেলিছে। যাৰ ফলত উত্তৰ ভাৰতত ঠাণ্ডাৰ ঢৌৰ মাজতে শ শ বাসিন্দাই বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে। ভূমি ডুব যোৱাৰ বাবে ফাটবোৰৰ সৃষ্টি হোৱাৰ লগতে বহু অঞ্চলত এই ফাটেৰে পানীৰ ফোৱাৰ ওলোৱা পৰিলক্ষিত হৈছে। ফাট মেলাৰ পিছতে চহৰখনত মানুহে টৰ্চৰ পোহৰত প্ৰতিবাদ সাব্যস্ত কৰে।
Read More
৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

৬৮ বছৰীয়া হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ১৯৫৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৫ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল মমতা বেনাৰ্জীয়ে। বংগৰ বাঘ হিচাপে পৰিচিত মুখ্যমন্ত্ৰীৰ জন্মদিনক লৈ আনন্দৰ জোৱাৰ তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত। অতি ধুমধামেৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত তৃণমূলৰ নেতা-কৰ্মীয়ে উদযাপন কৰিছে মমতা বেনাৰ্জীৰ জন্মদিন। কেক কাটি উদযাপন কৰা হৈছে জন্মদিন।
Read More
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। বুধবাৰে উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত চামিল হয় ভূপেন বৰা। ভূপেন বৰাৰ লগতে এই পদযাত্ৰাত অংশগ্ৰহণ অসমৰ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ। উল্লেখ্য যে, কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাই মঙলবাৰে প্ৰৱেশ কৰে উত্তৰ প্ৰদেশত। দেশৰ বহু বিশিষ্ট ব্যক্তিয়ে উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা।
Read More
যুৱকক মৰিয়াই মৰিয়াই হত্যা ৮ যুৱকৰ, ৫ জনক গ্ৰেপ্তাৰ…

যুৱকক মৰিয়াই মৰিয়াই হত্যা ৮ যুৱকৰ, ৫ জনক গ্ৰেপ্তাৰ…

গুৰুগ্ৰামৰ ৪৬ নং ছেক্টৰৰ জল বিহাৰত এজন লোকক দোকানৰ পৰা টানি উলিয়াই কমেও ৮ জন লোকে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ৫জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বাকী কেইজন পলাতক অৱস্থাত আছে। যোৱা বছৰ সংঘটিত হোৱা এক কাণ্ডৰ প্ৰতিশোধ ল’বলৈ অভিযুক্তই ভুক্তভোগী সোণু কুমাৰ (২৮)ক আক্ৰমণ কৰিছিল।
Read More
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ফাৰুক আব্দুল্লাৰ…

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ফাৰুক আব্দুল্লাৰ…

জম্মু কাশ্মীৰ নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই মঙলবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰত জোড়ো যাত্ৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে যোগদান কৰে। দিল্লীৰ কাশ্মীৰ গেটৰ পৰা আজি পুনৰ আৰম্ভ হোৱা এই যাত্ৰাই উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে আজি ৰিচাৰ্চ এণ্ড এনালাইছিছ উইঙৰ প্ৰাক্তন মুৰব্বী এ এছ দুলাটেও এই পদযাত্ৰাত যোগদান কৰিছিল।
Read More
গ’ ফাৰ্ষ্টৰ বিমানত চৰাইৰ খুন্দা, সুৰক্ষিতভাৱে অৱতৰণ…

গ’ ফাৰ্ষ্টৰ বিমানত চৰাইৰ খুন্দা, সুৰক্ষিতভাৱে অৱতৰণ…

মঙলবাৰে পাটনা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত বেংগালুৰুৰ পৰা ১৪২ জন যাত্ৰী আৰু ছয়জন ক্ৰু মেম্বাৰ থকা গ’ ফাৰ্ষ্ট বিমানখনত চৰাইৰ জাকে খুন্দা মাৰে। খবৰ অনুসৰি পাইলটসকলে বিমানখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ লগতে সকলো যাত্ৰী নিৰাপদে অৱতৰণ কৰে। দিল্লীলৈ উৰা মাৰিব লগা বিমানখন বাতিল কৰা হৈছে।
Read More