ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

৮ বছৰীয়া শিশুক যৌন নিৰ্যাতন! বিজেপি বিধায়কৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা আদালতৰ…

৮ বছৰীয়া শিশুক যৌন নিৰ্যাতন! বিজেপি বিধায়কৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা আদালতৰ…

৮ বছৰীয়া শিশুক ধৰ্ষণৰ গোচৰত উত্তৰ প্ৰদেশৰ বিজেপিৰ বিধায়ক ৰামদুলাৰৰ বিৰুদ্ধে সোণভদ্ৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। দুধী সমষ্টিৰ বিধায়কগৰাকীয়ে নাবালিকা ছোৱালীক ভাবুকি দি বাৰে বাৰে ধৰ্ষণ কৰাৰ অভিযোগ। ২০১৪ চনৰ নৱেম্বৰ মাহত ভুক্তভোগীৰ ভাতৃয়ে বাৰে বাৰে চমন দিয়াৰ পিছতো আদালতত হাজিৰ নোহোৱাৰ বাবে ৱাৰেণ্ট জাৰি কৰিছিল।
Read More
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল পৰ্যটকভৰ্তি বাছ, ২০ জন আহত

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল পৰ্যটকভৰ্তি বাছ, ২০ জন আহত

মুম্বাইৰ থানেৰ পৰা পৰ্যটক কঢ়িয়াই অনা এখন মিনি বাছ কেৰালাৰ ইডুক্কিত ৫০ ফুট দ খাৱৈত বাগৰি পৰাত কমেও ২০জন লোক আহত হয়। তামোল গছত খুন্দা মৰাৰ ফলত চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা বুলি জানিব পৰা গৈছে। আহতসকলৰ ভিতৰত ৮ জনৰ অংগ-প্ৰত্যংগ ভঙাকে ধৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহত আটাইকেইজনক ততাতৈয়াকৈ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Read More
তীব্ৰ আৰ্থিক সংকট! মৃত্যুৰ পথ বাচি ল’লে এহাল দম্পতীয়ে…

তীব্ৰ আৰ্থিক সংকট! মৃত্যুৰ পথ বাচি ল’লে এহাল দম্পতীয়ে…

আৰ্থিক সমস্যাৰ বাবেই মৃত্যুৰ পথ বাচি ল’লে এহাল দম্পতীয়ে। হায়দৰাবাদৰ জগদগিৰিগুট্টাত এহাল দম্পতীয়ে স্বগৃহত আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা দম্পতীহালক ২৮ বৰ্ষীয় ভি ব্ৰহ্মচাৰী আৰু তেওঁৰ ২০ বৰ্ষীয় পত্নী মণিকা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ভি ব্ৰহ্মচাৰী সুৰাসক্ত হোৱাৰ উপৰিও বিগত কিছুদিন ধৰি তীব্ৰ আৰ্থিক সংকটত ভুগি আছিল। যাৰ বাবেই পতি-পত্নীয়ে এনেদৰে আত্মহত্যাৰ পথ বাছি লোৱাৰ সন্দেহ কৰা হৈছে।
Read More
লখিমপুৰ খেৰী কাণ্ডঃ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ জামিন আবেদনৰ বিৰোধিতা উত্তৰ প্ৰদেশ চৰকাৰৰ…

লখিমপুৰ খেৰী কাণ্ডঃ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ জামিন আবেদনৰ বিৰোধিতা উত্তৰ প্ৰদেশ চৰকাৰৰ…

২০২১ চনৰ অক্টোবৰ মাহৰ লখিমপুৰ খেৰী হিংসা কাণ্ডৰ অন্যতম অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষৰ জামিন আবেদনৰ উচ্চতম ন্যায়ালয়ত বৃহস্পতিবাৰে বিৰোধিতা কৰে উত্তৰ প্ৰদেশ চৰকাৰে। উত্তৰ প্ৰদেশৰ অতিৰিক্ত মহাধিবক্তা গৰিমা প্ৰসাদে ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ জে কে মহেশ্বৰীৰ বিচাৰপীঠৰ আগত কয় যে অপৰাধটো গুৰুতৰ। ‘এয়া এক গুৰুতৰ আৰু জঘন্য অপৰাধ আৰু ই সমাজলৈ ভুল সংকেত দিব।’ লখিমপুৰ খেৰীৰ হিংসা গোচৰৰ সৈতে জড়িত আশীষ মিশ্ৰই জামিন অস্বীকাৰ কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ সংৰক্ষিত কৰে। উত্তৰ প্ৰদেশ আৰক্ষীৰ এফআইআৰৰ মতে, চাৰিজন কৃষকক এখন এছ ইউ ভিৰ দ্বাৰা মহটিয়াই নিয়া হৈছিল,…
Read More
বিমানৰ ভিতৰত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ! এয়াৰ ইণ্ডিয়াই ৪ মাহৰ বাবে নিষিদ্ধ কৰিলে অভিযুক্ত শংকৰ মিশ্ৰক…

বিমানৰ ভিতৰত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ! এয়াৰ ইণ্ডিয়াই ৪ মাহৰ বাবে নিষিদ্ধ কৰিলে অভিযুক্ত শংকৰ মিশ্ৰক…

বিমানৰ ভিতৰত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰা মুম্বাইৰ শংকৰ মিশ্ৰক চাৰি মাহৰ বাবে নিষিদ্ধ কৰিলে বিমান সংস্থা এয়াৰ ইণ্ডিয়াই। বৃহস্পতিবাৰে বিমান সংস্থাটোৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি এই বাতৰি প্ৰকাশ কৰিছে এএনআইয়ে। উল্লেখ্য যে, ২০২২ৰ ২৬ নৱেম্বৰত এগৰাকী বৃদ্ধ মহিলা সহযাত্ৰীৰ গাৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল শংকৰ মিশ্ৰ নামৰ যুৱকজনে। নিউয়ৰ্কৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ ভিতৰত সংঘটিত হৈছিল এই নিৰ্লজ্জ ঘটনা। সেই সময়ত সুৰাপান কৰি আছিল শংকৰ মিশ্ৰই।
Read More
পেৰ’লত মুকলি উন্নাও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত! ভীতিগ্ৰস্ত হৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীলৈ চিঠি ভুক্তভোগীৰ পৰিয়ালৰ…

পেৰ’লত মুকলি উন্নাও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত! ভীতিগ্ৰস্ত হৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীলৈ চিঠি ভুক্তভোগীৰ পৰিয়ালৰ…

উন্নাও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত কুলদীপ সিং চেংগাৰক কন্যাৰ বিবাহ অনুষ্ঠান উপলক্ষে পেৰ’লত মুকলি কৰি দিয়া হয়। বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীৰ পেৰ’লৰ কথা শুনি প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো লোকলৈ পত্ৰ প্ৰেৰণ কৰিছে উন্নাওৰ ভুক্তভোগীয়ে। কুলদীপে গোচৰৰ সাক্ষীক ভয় দেখুৱাই প্ৰভাৱিত কৰিব বুলি ভয় খাই তেওঁ এই চিঠিখন প্ৰেৰণ কৰিছে। ইয়াৰ সমান্তৰালকৈ দিল্লী আৰক্ষী আৰু চিবিআইৰ কঠোৰ তত্বাৱধানত কুলদীপক জেলৰ পৰা ওলাই যাবলৈ দিব লাগে বুলি দাবী জনায় ভুক্তভোগীয়ে। প্ৰসংগক্ৰমে দিল্লী উচ্চ ন্যায়ালয়ে কুলদীপক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। ইয়াৰ পিছত উন্নাও ভুক্তভোগীয়ে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, উচ্চতম ন্যায়ালয়কে ধৰি কেইবাটাও স্থানলৈ চিঠি লিখিছে। তেওঁলোকে কয়- কুলদীপ সিং চেংগাৰ জেলৰ পৰা ওলাই আহিছে। কিন্তু দিল্লী আৰক্ষীৰ…
Read More
শোকাবহ! অট্টালিকাৰ ২১ মহলাৰ পৰা বাগৰি মৃত্যু ঘৰুৱা সহায়কৰ…

শোকাবহ! অট্টালিকাৰ ২১ মহলাৰ পৰা বাগৰি মৃত্যু ঘৰুৱা সহায়কৰ…

মুম্বাইত শোকাবহ ঘটনা। মুম্বাইৰ হিৰণানন্দনী গাৰ্ডেনৰ এটা অট্টালিকাৰ ২১ মহলাৰ পৰা বাগৰি মৃত্যু এজন ১৭ বৰ্ষীয় ঘৰুৱা সহায়কৰ। প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া এক আত্মহত্যা বুলি মন্তব্য কৰিছে। একাংশৰ মতে, ২১ মহলাৰ খিৰিকি চাফা কৰি থাকোতেই পিছলি তলত পৰে যুৱকজন। অৱশ্যে পৰিয়ালে এই দাবী অস্বীকাৰ কৰি এয়া হত্যাকাণ্ড বুলি দাবী কৰিছে। যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া মতে, অহা বছৰ বিয়া ঠিক হৈছিল যুৱকজনৰ। এনে পৰিপ্ৰেক্ষিতত যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
Read More
কোভিড মহামাৰীৰ পিছত বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ অৱতাৰ-২ৰ…

কোভিড মহামাৰীৰ পিছত বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ অৱতাৰ-২ৰ…

জেমছ কেমেৰনৰ অৱতাৰ ২ ছবিয়ে স্পাইডাৰ মেন: ন’ ৱে হোমৰ উপাৰ্জন অতিক্ৰম কৰি বিশ্বজুৰি ১.৯ বিলিয়ন ডলাৰৰ অধিক উপাৰ্জনেৰে মহামাৰীৰ পিছৰ যুগত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও এই চিনেমাখন সৰ্বকালৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জনকাৰী হিচাপে পৰিগণিত হৈছে। টাইটানিক আৰু অৱতাৰৰ পিছত ২ বিলিয়ন ডলাৰ উপাৰ্জন কৰা কেমেৰনৰ একেৰাহে তৃতীয়খন সফল ছবি হ’ব অৱতাৰ ২।
Read More
বিজেপিৰ প্ৰাক্তন মন্ত্ৰী চৌধুৰী লাল সিঙক ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ অনুমতি প্ৰদানৰ পিছতে কংগ্ৰেছৰ পৰা পদত্যাগ মুখপাত্ৰ দীপিকা পুষ্কৰ নাথৰ…

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী চৌধুৰী লাল সিঙক ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ অনুমতি প্ৰদানৰ পিছতে কংগ্ৰেছৰ পৰা পদত্যাগ মুখপাত্ৰ দীপিকা পুষ্কৰ নাথৰ…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ মুখপাত্ৰ দীপিকা পুষ্কৰ নাথে কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভাৰত জোড়ো যাত্ৰাৰ দলৰ পৰা পদত্যাগ কৰে। ২০ জানুৱাৰীত জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিবলগীয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিবলৈ ৰাজ্যিক ইউনিটে বিজেপিৰ প্ৰাক্তন নেতা তথা মন্ত্ৰী চৌধুৰী লাল সিঙক অনুমতি দিয়াৰ পিছতে নাথে এই সিদ্ধান্ত গ্ৰহণ কৰে। টুইটাৰত তেওঁ লিখিছে “চৌধুৰী লাল সিঙে ভাৰত জোড়ো যাত্ৰাত যোগদান কৰাৰ প্ৰস্তাৱৰ প্ৰতি লক্ষ্য ৰাখি একেখিনি অনুমতি দিয়াৰ পৰিপ্ৰেক্ষিতত মোৰ হাতত কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। লাল সিঙে কাঠুৱা ধৰ্ষণ গোচৰত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ বাবে দায়ী আছিল ২০১৮ চনত ধৰ্ষণকাৰীক নিৰ্লজ্জভাৱে ৰক্ষা কৰিছিল।” “লাল সিঙে ধৰ্ষণকাৰীক সুৰক্ষা…
Read More
শোকাবহ! বাইক আৰু ল’ৰীৰ ভয়ংকৰ সংঘৰ্ষত মৃত্যু বাইক আৰোহী ২ যুৱক…

শোকাবহ! বাইক আৰু ল’ৰীৰ ভয়ংকৰ সংঘৰ্ষত মৃত্যু বাইক আৰোহী ২ যুৱক…

মঙলবাৰে কেৰালাৰ প’টাত এখন বাইক আৰু এখন ল’ৰীৰ সংঘৰ্ষত দুই বাইক আৰোহী যুৱকৰ মৃত্যু ঘটে। মৃত যুৱক দুজনক ভেট্টুকাডাভুৰ বাসিন্দা শ্বিনোজ (২৪) আৰু কুন্নাথাংগাডীৰ বাসিন্দা ব্ৰাইট (২৩) বুলি চিনাক্ত কৰা হৈছে। গীৰ্জাঘৰত ভোজৰ দিনত অংশগ্ৰহণ কৰি উভতি আহি থকা অৱস্থাত প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি তেওঁলোকৰ বাইকখনে ল’ৰীখনৰ পিছফালে খুন্দা মাৰে। দুৰ্ঘটনাত বাইকখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
Read More