ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

IPS অনুৰাগ আগৰাৱালক চিআৰপিএফৰ মহাপৰিদৰ্শক নিযুক্তি

IPS অনুৰাগ আগৰাৱালক চিআৰপিএফৰ মহাপৰিদৰ্শক নিযুক্তি

ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে অৱগত কৰে যে আই পি এছ বিষয়া অনুৰাগ আগৰৱালক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক (আই জি) হিচাপে নিযুক্তি দিয়া হৈছে। অসম চৰকাৰৰ মুখ্য সচিবলৈ লিখা এখন পত্ৰত ভাৰত চৰকাৰৰ সচিবগৰাকীয়ে কেন্দ্ৰত এই ভূমিকা গ্ৰহণ কৰাৰ স্বাৰ্থত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীক তৎক্ষণাত নিযুক্তিৰ পৰা সকাহ দিবলৈ অনুৰোধ জনাইছে। ইয়াত লগতে কোৱা হৈছে যে, “ৰাজ্য চৰকাৰক অনুৰোধ কৰা হৈছে যে অনুৰাগ আগৰৱালা, আই পি এছ (এ এম: ১৯৯৮)ক তৎকালীনভাৱে সকাহ দিয়ক যাতে তেওঁ কেন্দ্ৰত নতুন নিযুক্তি গ্ৰহণ কৰিব পাৰে।”
Read More
বিদ্যালয়ৰ অনুশাসন বজাই ৰাখিবলৈ শিক্ষাৰ্থীক শাস্তি বিহিলে সেয়া অপৰাধ নহয়ঃ বোম্বে উচ্চ ন্যায়ালয়

বিদ্যালয়ৰ অনুশাসন বজাই ৰাখিবলৈ শিক্ষাৰ্থীক শাস্তি বিহিলে সেয়া অপৰাধ নহয়ঃ বোম্বে উচ্চ ন্যায়ালয়

বিদ্যালয়ত অনুশাসন বজাই ৰাখিবলৈ যদি কেতিয়াবা শিক্ষকে শিক্ষাৰ্থীক গালি দিব পৰা শাস্তি প্ৰদান কৰিবলগীয়া হয় তেন্তে সেয়া অপৰাধ নহয়। এই ৰায় বোম্বে উচ্চ ন্যায়ালয়ৰ। বোম্বাই উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰপীঠে শুকুৰবাৰে প্ৰদান কৰে এই ৰায়। দুই শিশুক প্ৰহাৰ কৰাৰ অভিযোগত এদিন কাৰাদণ্ড আৰু ১ লাখ জৰিমনা বিহা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দোষী সাব্যস্ত হোৱা ৰায় বাতিল কৰে আদালতে।
Read More
কৰ্কট ৰোগত আক্ৰান্ত গেং লীডাৰৰ চিকিৎসাৰ খৰছৰ বাবে গাড়ী চুৰি কৰি গ্ৰেপ্তাৰ ৪ চোৰ

কৰ্কট ৰোগত আক্ৰান্ত গেং লীডাৰৰ চিকিৎসাৰ খৰছৰ বাবে গাড়ী চুৰি কৰি গ্ৰেপ্তাৰ ৪ চোৰ

কৰ্কট ৰোগত আক্ৰান্ত গেং লীডাৰৰ চিকিৎসাৰ বাবে গাড়ী চুৰি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ ৪ চোৰক। দিল্লী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চোৰ কেইটাক। জানিব পৰা মতে, চোৰৰ এই গেংটোৰ লীডাৰজন কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান এখন ব্যক্তিগত হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে। লীডাৰজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ১০ লাখ টকা যোগাৰ কৰিবলৈকে গাড়ী চুৰি কৰিছিল চোৰ কেইজনে।
Read More
পাকিস্তানৰ মছজিদত আত্মঘাতী বিস্ফোৰণ, ৫০ৰো অধিক আহত

পাকিস্তানৰ মছজিদত আত্মঘাতী বিস্ফোৰণ, ৫০ৰো অধিক আহত

পাকিস্তানৰ পেছাৱাৰৰ পুলিচ লাইনচ এলেকাত এটা ভয়ংকৰ বিস্ফোৰণ খবৰ পোৱা গৈছে। বিস্ফোৰণটো এটা মছজিদত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে সোমবাৰে দুপৰিয়া মছজিদত প্ৰাৰ্থনাৰ কৰি থকা সময়ত এটা বিস্ফোৰণ হয় য’ত বহু লোক আহত হয়। তথ্য অনুসৰি এই বিস্ফোৰণটো আত্মঘাটি বিস্ফোৰণ আছিলে। য’ত ৫০ জনৰো অধিক লোক আহত হৈছে। আহত সকলক পেছাৱাৰৰ এখন হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে দিয়া তথ্য আত্মঘাতী বোমাৰুজনে প্ৰাৰ্থনাৰ সময়ত সাধাৰণ লোক সকলৰ সন্মুখৰ শাৰীতে আছিল। আৰু সেই সময়তে তেওঁ বিস্ফোৰণটো সংঘটিত হৈছিল। চিকিৎসকে জানিবলৈ দিয়া মতে আহতসকলৰ ১৩ জনৰ অৱস্থা অতি সংকটজনক।
Read More
বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোডীৰ…

বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোডীৰ…

বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খবৰ অনুসৰি এই বৈঠকত কেইবাটাও মন্ত্ৰালয়ৰ কাম-কাজৰ পৰ্যালোচনা কৰা হৈছে। ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা হ’ব ২০২৩-২৪ চনৰ কেন্দ্ৰীয় বাজেট, আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এইখন হ’ব পিএম মোডী নেতৃত্বাধীন চৰকাৰৰ শেষ পূৰ্ণাংগ বাজেট।
Read More
৩০ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই NDTV ত্যাগ জ্যেষ্ঠ সাংবাদিক শ্ৰীনিবাসন জৈনৰ…

৩০ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই NDTV ত্যাগ জ্যেষ্ঠ সাংবাদিক শ্ৰীনিবাসন জৈনৰ…

সাংবাদিক শ্ৰীনিবাসন জৈনে প্ৰায় ৩০ বছৰৰ অন্তত এনডিটিভিৰ পৰা পদত্যাগ কৰিছে। তেওঁ টুইট কৰি কয় যে পদত্যাগ কৰাৰ সিদ্ধান্ত সহজ নাছিল, কিন্তু…যি আছে সেয়াই হৈছে। এনডিটিভিৰ সাংবাদিকসকলক কথিত আদানী কেলেংকাৰীৰ বিষয়ে কথা নক’বলৈ কোৱাৰ পিছত তেওঁ পদত্যাগ কৰা বুলি দাবী কৰা টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ উত্তৰ দিছিল, “সম্পূৰ্ণ আৱৰ্জনা”। ২০২২ চনৰ নৱেম্বৰ মাহত সাংবাদিক ৰবিশ কুমাৰে এন ডি টি ভি ত্যাগ কৰে।
Read More
চৰকাৰে গেংগষ্টাৰ, অপৰাধীক মুকলি কৰি দিব পাৰে, কেৱল সিদ্ধুকহে নোৱাৰেঃ সিদ্ধুৰ পত্নী নৱজোৎ কৌৰ

চৰকাৰে গেংগষ্টাৰ, অপৰাধীক মুকলি কৰি দিব পাৰে, কেৱল সিদ্ধুকহে নোৱাৰেঃ সিদ্ধুৰ পত্নী নৱজোৎ কৌৰ

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধুৰ পত্নী নৱজোত কৌৰে কয় যে কঠোৰ অপৰাধী, গেংষ্টাৰ আৰু ধৰ্ষণকাৰীয়ে "চৰকাৰী নীতিৰ দ্বাৰা সকাহ পাব পাৰে" কিন্তু সিদ্ধুক এনে কোনো সকাহৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁক "সত্যবাদী" ব্যক্তি বুলি অভিহিত কৰি পত্নীয়ে লগতে কয় যে তেওঁ নকৰা অপৰাধৰ বাবেই তেওঁ কষ্ট পাইছে। উল্লেখ্য যে, ১৯৮৮ চনৰ এটা গোচৰত এবছৰৰ কাৰাদণ্ড ভুগি আছে প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছৰ নেতাগৰাকীয়ে।
Read More
প্ৰেমিকাৰ সৈতে কাজিয়া লাগি নিজৰ বিলাসী মাৰ্চিডিজত অগ্নিসংযোগ চিকিৎসকৰ…

প্ৰেমিকাৰ সৈতে কাজিয়া লাগি নিজৰ বিলাসী মাৰ্চিডিজত অগ্নিসংযোগ চিকিৎসকৰ…

তামিলনাডুৰ কাঞ্চীপুৰমত প্ৰেয়সীৰ সৈতে কাজিয়াত লিপ্ত হোৱা ২৮ বছৰীয়া চিকিৎসকে নিজৰ মাৰ্চিডিজ বেঞ্জ গাড়ীত জুই লগাই দিয়াৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। পথচাৰীয়ে অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ সেৱাৰ কৰ্মীসকলক অৱগত কৰে আৰু এটা দলে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অৱশ্যে গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি যায়। জানিব পৰা মতে, শুকুৰবাৰে প্ৰেমিকাৰ সৈতে লং ড্ৰাইভত গৈছিল চিকিৎসকজনে। কিন্তু তাতেই দুয়োৰে মাজত কোনো কাৰণত কাজিয়াৰ সূত্ৰপাত ঘটাত খঙতে নিজৰ বিলাসী বাহনখন জুই লগাই দিয়ে যুৱকজনে।
Read More
তিহাৰ জেলৰ ভিতৰত মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল সুকেশ চন্দ্ৰশেখৰেঃ অভিনেত্ৰী চাহট খান্না…

তিহাৰ জেলৰ ভিতৰত মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল সুকেশ চন্দ্ৰশেখৰেঃ অভিনেত্ৰী চাহট খান্না…

সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সৰু পৰ্দাৰ অভিনেত্ৰী চাহট খান্নাৰ। তিহাৰ জে’লৰ ভিতৰত অভিনেত্ৰীক প্ৰেম প্ৰস্তাৱ দিয়া বুলি দাবী। এক সাক্ষাৎকাৰত চাহট খান্নাই কয় যে তেওঁক প্ৰৱঞ্চনাৰে তিহাৰ জেললৈ লৈ যোৱা হৈছিল, য’ত সুকেশ চন্দ্ৰশেখৰে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিল। তেওঁ লগতে কয়, "মই তেওঁক চিঞৰিছিলো, 'মই বিয়া হৈছো আৰু মোৰ দুটা ল'ৰা-ছোৱালী আছে'। 'কিন্তু তেওঁ কৈছিল যে মোৰ স্বামী মোৰ বাবে উপযুক্ত মানুহ নহয়…মই ইমানেই উদ্বিগ্ন হৈ পৰিলোঁ যে মই কান্দি দিছিলো।’
Read More
মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৪ ভক্তৰ…

মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৪ ভক্তৰ…

ঐতিহাসিক তিৰুমালা মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৪ ভক্তই। বুধবাৰে তিৰুপতিৰ সমীপৰ চন্দ্ৰগিৰি মণ্ডলত ভক্তৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ৪জন লোকে। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ পৰা অহা ভক্তসকলে তিৰুমালালৈ তীৰ্থযাত্ৰা সম্পূৰ্ণ কৰি কানিপাকম মন্দিৰলৈ গৈ থকা অৱস্থাত নৈডুপেট-পুথালাপট্টু ঘাইপথৰ কাষৰ কলৰোডপল্লী গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ইফালে এই দুৰ্ঘটনাত আহত হয় আন তিনিজন লোক। ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধআৰ কৰি তিৰুপতিৰ এছভিআৰআৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত নিহত সকলক অনন্ত থেমবুকৰ, ময়ূৰ, ঋষিকেশ আৰু অজয় বুলি চিনাক্ত কৰা…
Read More