ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়তে বিৰোধীৰ শ্ল’গান- মোডী-আদানী ভাই-ভাই…

ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়তে বিৰোধীৰ শ্ল’গান- মোডী-আদানী ভাই-ভাই…

বৃহস্পতিবাৰে ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আৰম্ভ কৰাৰ সময়তে বিৰোধী দলৰ সাংসদসকলে “মোডী-আদানি ভাই-ভাই” শ্লোগানেৰে উত্তাল কৰি তোলে। আনকি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিয়াৰ সময়তে একাংশ সদস্যই সদনৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে সদস্যসকলক শিষ্টাচাৰ বজাই ৰাখিবলৈ আৰু আসন গ্ৰহণ কৰিবলৈ কয়। উল্লেখ্য যে, এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই বিশ্বৰ ভিতৰতে চৰ্চিত ধনাঢ্য ব্যক্তি গৌতম আদানীক লৈ এক সুদীৰ্ঘ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে গৌতম আদানীৰ সম্পত্তিৰ ওপৰত তদন্ত চলাবলৈ সংসদত দাবী জনাই আহিছে বিৰোধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কৃপাদৃষ্টিৰ বাবেই বিগত ৯ বছৰৰ ভিতৰত গৌতম আদানী বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত প্ৰৱেশ কৰিবলৈ…
Read More
বৰ্তমান ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰ কোন? কি ক’লে ক্ৰিছ গেইলে…

বৰ্তমান ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰ কোন? কি ক’লে ক্ৰিছ গেইলে…

তেওঁৰ সন্মুখীন হোৱা শ্ৰেষ্ঠ বলাৰ কোন আছিল বুলি সোধাত ক্ৰিছ গেইলে কয় যে তেওঁৰ জন্ম হোৱা নাই। তেওঁ লগতে কয়, “বাহিৰত বহুত ভাল বলাৰ আছে আৰু বহুত ভাল বলাৰক মই ভাঙি পেলাইছো। মই এতিয়াও অপেক্ষা কৰি আছো শ্ৰেষ্ঠ বলাৰজনে মোক বলিং কৰিবলৈ।” গেইলে আৰু কয় যে ৰোহিত শৰ্মা হৈছে তেওঁৰ বৰ্তমান চোৱাৰ প্ৰিয় বেটছমেন।
Read More
কংগ্ৰেছ হৈছে বিজেপিৰ বি টীমঃ মমতা বেনাৰ্জী

কংগ্ৰেছ হৈছে বিজেপিৰ বি টীমঃ মমতা বেনাৰ্জী

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কংগ্ৰেছ দলটোক বিজেপিৰ "বি টিম" বুলি অভিহিত কৰে। বেনাৰ্জীয়ে কয় যে এই কংগ্ৰেছৰ লগত মই এসময়ত জড়িত হৈ থকা নাই। ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে টিএমচিয়ে নিজৰ চাপ বৃদ্ধি কৰিবলৈ বিচৰা ত্ৰিপুৰাত অনুষ্ঠিত এক সভাত ভাষণ দি বিজেপিৰ লগতে কংগ্ৰেছকো সমালোচনা কৰে মমতা বেনাৰ্জীয়ে।
Read More
ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ…

ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ…

ছত্তীশগড়ৰ বিজাপুৰত বিজেপি নেতাক হত্যা মাওবাদীৰ। গাঁৱত বিয়া খাবলৈ যাওতেই অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা বিজেপি নেতাজনক। নিহত লোকজনৰ নাম নীলকান্ত কাকেম বুলি জানিব পৰা গৈছে। উছুৰত বিজেপিৰ প্লক সভাপতি আছিল নিহত কাকেম। পৰিয়ালৰ সৈতে তেওঁ পৈকৰামলৈ বিয়া খাবলৈ গৈছিল। সেই সময়তে পৰিয়ালৰ সন্মুখতে কাকেমক হত্যা কৰে মাওবাদীয়ে।
Read More
কৰ্ণাটকত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ কাৰখানা উদ্বোধন প্ৰধানমন্ত্ৰীৰ…

কৰ্ণাটকত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ কাৰখানা উদ্বোধন প্ৰধানমন্ত্ৰীৰ…

সোমবাৰে কৰ্ণাটকৰ টুমাকুৰুত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ কাৰখানা উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটযোগে কয় যে, ‘এয়া এক নিবেদিত নতুন গ্ৰীণফিল্ড হেলিকপ্টাৰ কাৰখানা, যিয়ে ভাৰতৰ হেলিকপ্টাৰ নিৰ্মাণৰ ক্ষমতা আৰু পৰিৱেশ তন্ত্ৰ বৃদ্ধি কৰিব। এক বিবৃতি অনুসৰি, হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ৰ কাৰখানাই প্ৰথমে লাইট ইউটিলিটি হেলিকপ্টাৰ (এল ইউ এইচ) উৎপাদন কৰিব।
Read More
বিজেপি নেতা পৰেশ ৰাৱালৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল উচ্চ ন্যায়ালয়ৰ…

বিজেপি নেতা পৰেশ ৰাৱালৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল উচ্চ ন্যায়ালয়ৰ…

বাংলা বিৰোধী মন্তব্যৰ অভিযোগত বিজেপি নেতা পৰেশ ৰাৱালৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিলে কলিকতা উচ্চ ন্যায়ালয়ে। ২০২২ চনৰ গুজৰাট নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে অভিনেতাগৰাকীয়ে কৈছিল, "যদি ৰহিংগীয়া প্ৰব্ৰজনকাৰী আৰু বাংলাদেশীয়ে আপোনাৰ চাৰিওফালে থাকিবলৈ আৰম্ভ কৰে তেন্তে কি হ'ব…গেছৰ চিলিণ্ডাৰ লৈ কি কৰিব? বাঙালীৰ বাবে মাছ ৰান্ধিব?" পিছত তেওঁ কয় যে বঙালী বুলি ক’লে তেওঁ অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়াক বুজাইছে।
Read More
প্ৰাক্তন পাক ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু

প্ৰাক্তন পাক ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল (অৱসৰপ্ৰাপ্ত) পাৰভেজ মুশ্বাৰফৰ মৃত্যু। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৭৯ বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ডুবাইৰ এখন হাস্পতালত মৃত্যুক আঁকোৱালি লয়। পাকিস্তানৰ আগশাৰীৰ সংবাদ গোষ্ঠী জিঅ’ নিউজে এই তথ্য প্ৰকাশ কৰে। উল্লেখ্যে যে, তেওঁ ডুবাইৰ এখন চিকিৎসালয়ত অসুস্থতাৰ বাবে বিগত ৯ মাহ ধৰি চিকিৎসাধীন হৈ আছিল মুশ্বাৰফ। পাকিস্তানৰ প্ৰাক্তন নেতাগৰাকীয়ে ১৯৯৮ চনত জেনেৰেল পদবীলৈ উন্নীত হৈ সেনাবাহিনীৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০০১ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৩ চনৰ ১১ আগষ্টত জন্ম গ্ৰহণ কৰিছিল মুশ্বাৰফে।
Read More
বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযানক সমালোচনা আছাদুদ্দিন ওৱেইছিৰ

বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযানক সমালোচনা আছাদুদ্দিন ওৱেইছিৰ

ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে চলোৱা অভিযানক কঠোৰ সমালোচনা কৰে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে। এই অভিযানত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পত্নীৰ যত্ন কোনে ল’ব বুলি ওৱাইচিয়ে প্ৰশ্ন কৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উজনি অসমৰ মানুহক মাটি দিয়াৰ লগতে নামনি অসমতো একে কাম নকৰাৰ অভিযোগ উত্থাপন কৰে এআইএমআইএমৰ মুৰব্বীগৰাকীয়ে। ছয়খন ৰাজ্যৰ বাবে বিজেপিয়ে অসমত শাসন চলাই আহিছে বুলি উল্লেখ কৰি তেওঁ এতিয়ালৈকে কিয় কোনো ব্যৱস্থা লোৱা নহ’ল বুলিও প্রশ্ন উত্থাপন কৰে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কিমানখন বিদ্যালয় স্থাপন কৰিছে সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে ওৱাইছিয়ে। অসম চৰকাৰে ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক দমন চলাইছিল আৰু এতিয়ালৈকে ২০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ…
Read More
টিউশ্যনলৈ যোৱাৰ পথত দশম শ্ৰেণীৰ ছাত্ৰীক ট্ৰাকৰ খুন্দা, মৃত্যু

টিউশ্যনলৈ যোৱাৰ পথত দশম শ্ৰেণীৰ ছাত্ৰীক ট্ৰাকৰ খুন্দা, মৃত্যু

বিহাৰ ছিৱানৰ অৰমা ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। টিউশ্যনলৈ গৈ থকা দশম শ্ৰেণীৰ ছাত্ৰীক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে। দুৰ্ঘটনাত থিতাতে মৃত্যু ছাত্ৰীগৰাকীৰ। ইফালে দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একাংশ ক্ষুব্ধ ৰাইজে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
Read More
মহিলা স্বাস্থ্য বিষয়াৰ দ্বাৰা ফেচ মাচাজ ভাৰপ্ৰাপ্ত চিকিৎসকৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

মহিলা স্বাস্থ্য বিষয়াৰ দ্বাৰা ফেচ মাচাজ ভাৰপ্ৰাপ্ত চিকিৎসকৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

বিহাৰৰ এগৰাকী মহিলা স্বাস্থ্য বিষয়াৰ পৰা মুখৰ মালিচ কৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াৰ ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত মহিলা স্বাস্থ্য বিষয়াগৰাকীয়ে চিকিৎসা বিষয়াগৰাকীক ভিডিঅ’টো নিৰ্মাণ নকৰিবলৈ কোৱা দেখা গৈছে। দুয়োগৰাকী বিষয়াক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰা হৈছে আৰু তদন্ত চলি আছে।
Read More