ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

বিজেপি নেতা পৰেশ ৰাৱালৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল উচ্চ ন্যায়ালয়ৰ…

বিজেপি নেতা পৰেশ ৰাৱালৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল উচ্চ ন্যায়ালয়ৰ…

বাংলা বিৰোধী মন্তব্যৰ অভিযোগত বিজেপি নেতা পৰেশ ৰাৱালৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিলে কলিকতা উচ্চ ন্যায়ালয়ে। ২০২২ চনৰ গুজৰাট নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে অভিনেতাগৰাকীয়ে কৈছিল, "যদি ৰহিংগীয়া প্ৰব্ৰজনকাৰী আৰু বাংলাদেশীয়ে আপোনাৰ চাৰিওফালে থাকিবলৈ আৰম্ভ কৰে তেন্তে কি হ'ব…গেছৰ চিলিণ্ডাৰ লৈ কি কৰিব? বাঙালীৰ বাবে মাছ ৰান্ধিব?" পিছত তেওঁ কয় যে বঙালী বুলি ক’লে তেওঁ অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়াক বুজাইছে।
Read More
প্ৰাক্তন পাক ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু

প্ৰাক্তন পাক ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল (অৱসৰপ্ৰাপ্ত) পাৰভেজ মুশ্বাৰফৰ মৃত্যু। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৭৯ বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ডুবাইৰ এখন হাস্পতালত মৃত্যুক আঁকোৱালি লয়। পাকিস্তানৰ আগশাৰীৰ সংবাদ গোষ্ঠী জিঅ’ নিউজে এই তথ্য প্ৰকাশ কৰে। উল্লেখ্যে যে, তেওঁ ডুবাইৰ এখন চিকিৎসালয়ত অসুস্থতাৰ বাবে বিগত ৯ মাহ ধৰি চিকিৎসাধীন হৈ আছিল মুশ্বাৰফ। পাকিস্তানৰ প্ৰাক্তন নেতাগৰাকীয়ে ১৯৯৮ চনত জেনেৰেল পদবীলৈ উন্নীত হৈ সেনাবাহিনীৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০০১ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৩ চনৰ ১১ আগষ্টত জন্ম গ্ৰহণ কৰিছিল মুশ্বাৰফে।
Read More
বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযানক সমালোচনা আছাদুদ্দিন ওৱেইছিৰ

বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযানক সমালোচনা আছাদুদ্দিন ওৱেইছিৰ

ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে চলোৱা অভিযানক কঠোৰ সমালোচনা কৰে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে। এই অভিযানত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পত্নীৰ যত্ন কোনে ল’ব বুলি ওৱাইচিয়ে প্ৰশ্ন কৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উজনি অসমৰ মানুহক মাটি দিয়াৰ লগতে নামনি অসমতো একে কাম নকৰাৰ অভিযোগ উত্থাপন কৰে এআইএমআইএমৰ মুৰব্বীগৰাকীয়ে। ছয়খন ৰাজ্যৰ বাবে বিজেপিয়ে অসমত শাসন চলাই আহিছে বুলি উল্লেখ কৰি তেওঁ এতিয়ালৈকে কিয় কোনো ব্যৱস্থা লোৱা নহ’ল বুলিও প্রশ্ন উত্থাপন কৰে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কিমানখন বিদ্যালয় স্থাপন কৰিছে সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে ওৱাইছিয়ে। অসম চৰকাৰে ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক দমন চলাইছিল আৰু এতিয়ালৈকে ২০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ…
Read More
টিউশ্যনলৈ যোৱাৰ পথত দশম শ্ৰেণীৰ ছাত্ৰীক ট্ৰাকৰ খুন্দা, মৃত্যু

টিউশ্যনলৈ যোৱাৰ পথত দশম শ্ৰেণীৰ ছাত্ৰীক ট্ৰাকৰ খুন্দা, মৃত্যু

বিহাৰ ছিৱানৰ অৰমা ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। টিউশ্যনলৈ গৈ থকা দশম শ্ৰেণীৰ ছাত্ৰীক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে। দুৰ্ঘটনাত থিতাতে মৃত্যু ছাত্ৰীগৰাকীৰ। ইফালে দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একাংশ ক্ষুব্ধ ৰাইজে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
Read More
মহিলা স্বাস্থ্য বিষয়াৰ দ্বাৰা ফেচ মাচাজ ভাৰপ্ৰাপ্ত চিকিৎসকৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

মহিলা স্বাস্থ্য বিষয়াৰ দ্বাৰা ফেচ মাচাজ ভাৰপ্ৰাপ্ত চিকিৎসকৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

বিহাৰৰ এগৰাকী মহিলা স্বাস্থ্য বিষয়াৰ পৰা মুখৰ মালিচ কৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াৰ ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত মহিলা স্বাস্থ্য বিষয়াগৰাকীয়ে চিকিৎসা বিষয়াগৰাকীক ভিডিঅ’টো নিৰ্মাণ নকৰিবলৈ কোৱা দেখা গৈছে। দুয়োগৰাকী বিষয়াক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰা হৈছে আৰু তদন্ত চলি আছে।
Read More
IPS অনুৰাগ আগৰাৱালক চিআৰপিএফৰ মহাপৰিদৰ্শক নিযুক্তি

IPS অনুৰাগ আগৰাৱালক চিআৰপিএফৰ মহাপৰিদৰ্শক নিযুক্তি

ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে অৱগত কৰে যে আই পি এছ বিষয়া অনুৰাগ আগৰৱালক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক (আই জি) হিচাপে নিযুক্তি দিয়া হৈছে। অসম চৰকাৰৰ মুখ্য সচিবলৈ লিখা এখন পত্ৰত ভাৰত চৰকাৰৰ সচিবগৰাকীয়ে কেন্দ্ৰত এই ভূমিকা গ্ৰহণ কৰাৰ স্বাৰ্থত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীক তৎক্ষণাত নিযুক্তিৰ পৰা সকাহ দিবলৈ অনুৰোধ জনাইছে। ইয়াত লগতে কোৱা হৈছে যে, “ৰাজ্য চৰকাৰক অনুৰোধ কৰা হৈছে যে অনুৰাগ আগৰৱালা, আই পি এছ (এ এম: ১৯৯৮)ক তৎকালীনভাৱে সকাহ দিয়ক যাতে তেওঁ কেন্দ্ৰত নতুন নিযুক্তি গ্ৰহণ কৰিব পাৰে।”
Read More
বিদ্যালয়ৰ অনুশাসন বজাই ৰাখিবলৈ শিক্ষাৰ্থীক শাস্তি বিহিলে সেয়া অপৰাধ নহয়ঃ বোম্বে উচ্চ ন্যায়ালয়

বিদ্যালয়ৰ অনুশাসন বজাই ৰাখিবলৈ শিক্ষাৰ্থীক শাস্তি বিহিলে সেয়া অপৰাধ নহয়ঃ বোম্বে উচ্চ ন্যায়ালয়

বিদ্যালয়ত অনুশাসন বজাই ৰাখিবলৈ যদি কেতিয়াবা শিক্ষকে শিক্ষাৰ্থীক গালি দিব পৰা শাস্তি প্ৰদান কৰিবলগীয়া হয় তেন্তে সেয়া অপৰাধ নহয়। এই ৰায় বোম্বে উচ্চ ন্যায়ালয়ৰ। বোম্বাই উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰপীঠে শুকুৰবাৰে প্ৰদান কৰে এই ৰায়। দুই শিশুক প্ৰহাৰ কৰাৰ অভিযোগত এদিন কাৰাদণ্ড আৰু ১ লাখ জৰিমনা বিহা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দোষী সাব্যস্ত হোৱা ৰায় বাতিল কৰে আদালতে।
Read More
কৰ্কট ৰোগত আক্ৰান্ত গেং লীডাৰৰ চিকিৎসাৰ খৰছৰ বাবে গাড়ী চুৰি কৰি গ্ৰেপ্তাৰ ৪ চোৰ

কৰ্কট ৰোগত আক্ৰান্ত গেং লীডাৰৰ চিকিৎসাৰ খৰছৰ বাবে গাড়ী চুৰি কৰি গ্ৰেপ্তাৰ ৪ চোৰ

কৰ্কট ৰোগত আক্ৰান্ত গেং লীডাৰৰ চিকিৎসাৰ বাবে গাড়ী চুৰি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ ৪ চোৰক। দিল্লী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চোৰ কেইটাক। জানিব পৰা মতে, চোৰৰ এই গেংটোৰ লীডাৰজন কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান এখন ব্যক্তিগত হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে। লীডাৰজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ১০ লাখ টকা যোগাৰ কৰিবলৈকে গাড়ী চুৰি কৰিছিল চোৰ কেইজনে।
Read More
পাকিস্তানৰ মছজিদত আত্মঘাতী বিস্ফোৰণ, ৫০ৰো অধিক আহত

পাকিস্তানৰ মছজিদত আত্মঘাতী বিস্ফোৰণ, ৫০ৰো অধিক আহত

পাকিস্তানৰ পেছাৱাৰৰ পুলিচ লাইনচ এলেকাত এটা ভয়ংকৰ বিস্ফোৰণ খবৰ পোৱা গৈছে। বিস্ফোৰণটো এটা মছজিদত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে সোমবাৰে দুপৰিয়া মছজিদত প্ৰাৰ্থনাৰ কৰি থকা সময়ত এটা বিস্ফোৰণ হয় য’ত বহু লোক আহত হয়। তথ্য অনুসৰি এই বিস্ফোৰণটো আত্মঘাটি বিস্ফোৰণ আছিলে। য’ত ৫০ জনৰো অধিক লোক আহত হৈছে। আহত সকলক পেছাৱাৰৰ এখন হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে দিয়া তথ্য আত্মঘাতী বোমাৰুজনে প্ৰাৰ্থনাৰ সময়ত সাধাৰণ লোক সকলৰ সন্মুখৰ শাৰীতে আছিল। আৰু সেই সময়তে তেওঁ বিস্ফোৰণটো সংঘটিত হৈছিল। চিকিৎসকে জানিবলৈ দিয়া মতে আহতসকলৰ ১৩ জনৰ অৱস্থা অতি সংকটজনক।
Read More
বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোডীৰ…

বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোডীৰ…

বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খবৰ অনুসৰি এই বৈঠকত কেইবাটাও মন্ত্ৰালয়ৰ কাম-কাজৰ পৰ্যালোচনা কৰা হৈছে। ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা হ’ব ২০২৩-২৪ চনৰ কেন্দ্ৰীয় বাজেট, আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এইখন হ’ব পিএম মোডী নেতৃত্বাধীন চৰকাৰৰ শেষ পূৰ্ণাংগ বাজেট।
Read More