ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

বিয়াৰ ৩ দিন পিছতে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু নৱ বিবাহিত দম্পতীৰ…

বিয়াৰ ৩ দিন পিছতে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু নৱ বিবাহিত দম্পতীৰ…

বিয়াৰ মাত্ৰ ৩ দিন পিছতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এহাল নৱ বিবাহিত দম্পতীয়ে। বিবাহ সম্পন্ন কৰি দম্পতীহালে ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় অন্ধ্ৰপ্ৰদেশৰ বেৰহামপুৰত। নিহত দম্পতীহালক বেৰহামপুৰৰ নিৱাসী চিএইছ প্ৰণিতা আৰু ইছাপুৰৰ নিৱাসী জি বেনু বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, যোৱা ১০ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল প্ৰণিতা আৰু বেণু। বিয়াৰ তিনিদিন পিছত অৰ্থাৎ সোমবাৰে তেওঁলোকে বাইকেৰে বেৰহামপুৰলৈ উভতি আহিছিল। কিন্তু দম্পতীহাল অহাৰ পথত গোলানথাৰা আৰক্ষী থানাৰ সন্মুখত এটা টাৰ্ণিং লোৱাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে দম্পতীহালৰ। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা প্ৰণিতা…
Read More
‘লগান’খ্যাত প্ৰবীণ অভিনেতা জাভেদ খান আমৰোহীৰ মৃত্যু

‘লগান’খ্যাত প্ৰবীণ অভিনেতা জাভেদ খান আমৰোহীৰ মৃত্যু

‘লগান’, ‘চক দে ইণ্ডিয়া’ আদিৰ দৰে চুপাৰহিট ছবিৰ জৰিয়তে সকলোৰে মাজত পৰিচিত হৈ পৰা বলিউডৰ জ্যেষ্ঠ অভিনেতা জাভেদ খান আমৰোহীৰ বিয়োগ। মঙলবাৰে মুম্বাইস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে। জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা জাভেদ খান আমৰোহী উশাহ-নিশাহৰ অসুবিধাত ভুগি আছিল। অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৫০ বছৰ। উল্লেখ্য যে, জাভেদ খান আমৰোহীয়ে ‘চক দে ইণ্ডিয়া’, ‘লগান’, ‘আন্দাজ অপনা অপনা’ আদিৰ দৰে ছুপাৰহিট ছবিত অভিনয় কৰি দৰ্শকৰ মাজত সমাদৃত হৈছিল। অভিনয় জীৱনত ১৫০ খনৰো অধিক ছবিত অভিনয় কৰা জ্যেষ্ঠ অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ছড়ক-২ শীৰ্ষক ছবিখনত। লগান ছবিত কৰা তেওঁৰ অভিনয়ৰ বাবে অকাডেমী বঁটাৰ বাবেও…
Read More
বিধানসভাৰ পৰা অযোগ্য ঘোষণা সমাজবাদী পাৰ্টীৰ বিধায়ক আব্দুল্লা আজম খানক…

বিধানসভাৰ পৰা অযোগ্য ঘোষণা সমাজবাদী পাৰ্টীৰ বিধায়ক আব্দুল্লা আজম খানক…

সোমবাৰে ১৫ বছৰীয়া এক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত বুধবাৰে ৰাজ্যৰ বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে সমাজবাদী পাৰ্টীৰ বিধায়ক আব্দুল্লা আজম খানক। ২০০৮ চনত ৰাজ্যিক ঘাইপথত যাতায়ত বন্ধ কৰাৰ অপৰাধত বিশেষ আদালতে তেওঁৰ পিতৃ আৰু সমাজবাদী পাৰ্টীৰ নেতা আজম খানৰ সৈতে খানক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল, কাৰণ তেওঁলোকৰ অশ্বাৰোহী দলটো আৰক্ষীয়ে পৰীক্ষাৰ বাবে ৰখাই দিছিল।
Read More
ছত্তীশগড়ত একেলগে আত্মসমৰ্পণ ৩৩ জন নক্সালবাদীৰ…

ছত্তীশগড়ত একেলগে আত্মসমৰ্পণ ৩৩ জন নক্সালবাদীৰ…

ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত অঞ্চল সুকমাত আয়োজন কৰা এখন ৰাজহুৱা সভাত ৩৩ জন নক্সালবাদীয়ে একেলগে আত্মসমৰ্পণ কৰে। এনে বহু পুৰস্কাৰ নক্সালবাদীও অন্তৰ্ভুক্ত কৰা হৈছে। আৰক্ষী অধীক্ষকৰ উপস্থিতিত আত্মসমৰ্পণ কৰে নক্সালবাদী কেইজনে। সুকমা আৰক্ষী অধীক্ষক সুনীল শৰ্মাই জানিবলৈ দিয়া মতে, মঙলবাৰে জিলাখনৰ ডব্বামাৰকা শিবিৰত আয়োজন কৰা ‘জন দৰ্শন’ কাৰ্যসূচীৰ সময়ত মাওবাদীয়ে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত আছে দণ্ডকাৰণ্য আদিবাসী কিষাণ মজদুৰ সংগঠনৰ সভাপতি দিৰ্দো মুডা, চেতনা নাট্য মণ্ডলী (নক্সালৰ সাংস্কৃতিক সংগঠন)ৰ সভাপতি হিদমা আৰু মিলিচীয়া অধিনায়ক ৱাজাম হিদমা। প্ৰত্যেকৰে ওপৰত এক লাখ টকাৰ পুৰস্কাৰ আছিল। তেওঁ নিজৰ নিষিদ্ধ সংগঠনৰ “ফোকা মতাদৰ্শ”ৰ প্ৰতি মোহভংগ হোৱা বুলি কয় আৰু মূলসুঁতিত যোগদান কৰিবলৈ…
Read More
নাচিক-পুনে ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত ৫ মহিলাৰ মৃত্যু…

নাচিক-পুনে ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত ৫ মহিলাৰ মৃত্যু…

মঙলবাৰে মহাৰাষ্ট্ৰৰ পুনে জিলাত নাচিক-পুনে ঘাইপথ অতিক্ৰম কৰি থকা অৱস্থাত এখন তীব্ৰবেগী এছ ইউ ভি গাড়ীয়ে তেওঁলোকক খুন্দা মৰাৰ ফলত পাঁচগৰাকী মহিলা নিহত হোৱাৰ লগতে তিনিগৰাকী মহিলা আহত হয়। পুনে চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ শিৰোলি গাঁৱৰ সমীপত নিশা প্ৰায় ১০.৪৫ বজাত ১৭ জনীয়া মহিলাৰ এটা দলে ঘাইপথ পাৰ হৈ কেটাৰিং কামৰ বাবে এটা বিবাহ হলত উপস্থিত হোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে। “পুনে-নাছিক ঘাইপথৰ কাষত অৱস্থিত এটা মেৰেজ হলত কেটাৰিং কামৰ বাবে পুনে চহৰৰ পৰা আহিছিল এই মহিলাসকল। ঘাইপথ পাৰ হৈ যোৱাৰ সময়তে এখন এছ ইউ ভি দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ পিছত এছ ইউ…
Read More
তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ ফলত মৃত্যু ২১ হাজাৰৰো অধিক লোকৰ…

তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ ফলত মৃত্যু ২১ হাজাৰৰো অধিক লোকৰ…

তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা বৃদ্ধি ২১ হাজাৰলৈ। তুৰস্কত ১৯৯৯ চনত সংঘটিত হোৱা এক ভয়ংকৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা অতিক্ৰম কৰিছে এই ভূমিকম্পত নিহতৰ সংখ্যাই। ছিৰিয়াত কৰ্তৃপক্ষই ৩,৩৭৭ জন লোকৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে। ভূমিকম্পৰ পিছত প্ৰথমবাৰৰ বাবে বিদ্ৰোহীৰ অধীনস্থ উত্তৰ-পশ্চিম ছিৰিয়াত প্ৰৱেশ কৰে ৰাষ্ট্ৰসংঘৰ সাহায্যৰ কনভয়। কিন্তু বহুতৰে বাবে সহায় অপৰ্যাপ্ত আৰু বহু দেৰিকৈ আহিছে। ভূমিকম্পৰ চতুৰ্থ দিনা জীৱিত লোকৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাসকলৰ আত্মীয়ই সাহায্যৰ বাবে অপেক্ষা কৰি আছে যদিও উদ্ধাৰ অভিযান পলম হোৱাৰ লগে লগে অধিক লোকৰ মৃত্যুৰ আশংকা বৃদ্ধি পাইছে। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে…
Read More
বন্ধুৰ বিয়ালৈ আহি পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৩ অভিন্ন বন্ধুৰ…

বন্ধুৰ বিয়ালৈ আহি পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৩ অভিন্ন বন্ধুৰ…

বন্ধুৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ আহি থকা সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৩ বন্ধুৱে। এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় ৰাজস্থানৰ বনছাৰৰ হেজামল পথত। তিনি বন্ধুৱে যাত্ৰা কৰা বাহনখনত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰেইলাৰ ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱায় তিনিওজনে। জানিব পৰা মতে, গুজৰাটৰ সুখচৰৰ নিৱাসী তিনি বন্ধুৱে ৰাজস্থানৰ বনছাৰত থকা বন্ধুৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ আহি আছিল। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তিনিওজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ট্ৰেইলাৰখনৰ চালকজনক।
Read More
বিদ্যালয় ছুটীৰ পিছত অটোৰে ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী ট্ৰাকে নিলে মহটিয়াই, ৭ শিশুৰ মৃত্যু

বিদ্যালয় ছুটীৰ পিছত অটোৰে ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী ট্ৰাকে নিলে মহটিয়াই, ৭ শিশুৰ মৃত্যু

বিদ্যালয় ছুটীৰ পিছত অটোৰে ঘৰলৈ আহি থকাৰ সময়ত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱালে ৭টা কণমানি শিশুৱে। এই হৃদয়বিদাৰক দুৰ্ঘটনা বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় ছত্তীশগড়ৰ কাংকেৰৰ ভানুপ্ৰতাৰৰ কোৰেৰৰ সমীপত। ছাত্ৰ-ছাত্ৰী কেইগৰাকী আহি থকা অটোখনত বিপৰীত দিশৰ পৰা অহা ট্ৰাকে খুন্দা মৰাত দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় ৭টা শিশুৱে। ইফালে এই দুৰ্ঘটনাত আন এটা শিশু গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে, বিদ্যালয় ছুটীৰ পিছত বিয়লি প্ৰায় ৩ বজাত ৮টা শিশুৱে সদায়ৰ দৰে অটোৰে ঘৰলৈ উভতিছিল। ট্ৰাকৰ খুন্দাত বহু দূৰৈত চিটিকি পৰে অটোখন। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত শিশুটিক প্ৰাথমিক চিকিৎসাৰ বাবে ধনলীকানহাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। তাৰ পৰা…
Read More
তেলৰ টেংকাৰ পৰিস্কাৰ কৰিবলৈ প্ৰৱেশ কৰোতেই শ্বাহৰুদ্ধ হৈ মৃত্যু ৭ জন শ্ৰমিকৰ

তেলৰ টেংকাৰ পৰিস্কাৰ কৰিবলৈ প্ৰৱেশ কৰোতেই শ্বাহৰুদ্ধ হৈ মৃত্যু ৭ জন শ্ৰমিকৰ

অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাত শোকাবহ ঘটনা। তেলৰ টেংকাৰ পৰিস্কাৰ কৰিবলৈ সোমাই শ্বাহৰুদ্ধ হৈ মৃত্যু ৭ শ্ৰমিকৰ। কাকিনাড়া জিলাৰ পেড্ডাপুৰম মণ্ডলৰ জি ৰাগাম্পেটাৰ অম্বতি চুব্বন্না তেল কাৰখানাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, টেংকাৰৰ ভিতৰত শ্ৰমিক কেইজনে এজন এজনকৈ প্ৰৱেশ কৰিছিল আৰু শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লয়। বিষাক্ত গেছৰ বাবেই শ্ৰমিক কেইজনৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে। নিহত শ্ৰমিক কেইজনক ভেচাংগী কৃষ্ণ, ভেচাংগী নৰসিংহম, ভেচাংগী সাগৰ, কোৰাথাডু বঞ্জী বাবু, কাৰি ৰামা ৰাও, কট্টামুৰি জগদীশ আৰু প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, আটাইকেইজনে ১০ দিন পূৰ্বে তেল কাৰখানাটোত যোগদান কৰিছিল। বাতৰি অনুসৰি তেল কাৰখানাটো ফেক্টৰী আইন অনুসৰি পঞ্জীয়ন কৰা হোৱা…
Read More
চাৰিচকীয়া বাহনক প্ৰচণ্ড খুন্দা ট্ৰেইলাৰৰ, একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

চাৰিচকীয়া বাহনক প্ৰচণ্ড খুন্দা ট্ৰেইলাৰৰ, একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

ৰাজস্থানৰ বনছোৱাৰা জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনত প্ৰচণ্ড খুন্দা ট্ৰেইলাৰ ট্ৰাকৰ। দুৰ্ঘটনাত নিহত ৩ জনকৈ লোক। জানিব পৰা মতে, জিলাখনৰ হেজামাল পথত বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত সকলক গুজৰাটৰ সুখছৰৰ নিৱাসী বুলি জানিব পৰা গৈছে। ৰাজস্থানত আত্মীয় এক বিবাহ অনুষ্ঠানত অংশ ল’বলৈ আহিছিল পৰিয়ালটোৱে।
Read More