ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়াক ৫ দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ…

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়াক ৫ দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ…

সোমবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক পাঁচদিনীয়া চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে। দিল্লীৰ সুৰা নীতিৰ গোচৰত দেওবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। চিবিআইয়ে আদালতত কয় যে ''অতি পৰিকল্পিত আৰু গোপন পদ্ধতিৰে ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। ইফালে ছিচ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদৰ সময়ত অৰ্ধসামৰিক বাহিনীৰ সৈতে সংঘৰ্ষৰ ফলত আপৰ কেইবাজনো কৰ্মীক আটক কৰা হৈছে। বিজেপিয়ে তদন্তকাৰী সংস্থাৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে।
Read More
নীতিশ কুমাৰৰ বাবে বন্ধ হৈ পৰিছে বিজেপিৰ দুৱাৰঃ অমিত শ্বাহ

নীতিশ কুমাৰৰ বাবে বন্ধ হৈ পৰিছে বিজেপিৰ দুৱাৰঃ অমিত শ্বাহ

বিহাৰত ৰাজহুৱা সভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে চিৰদিনৰ বাবে বন্ধ হৈ পৰিছে বিজেপিৰ দুৱাৰ।" লগতে তেওঁ কয়, "গোটেই জীৱন…কংগ্ৰেছ আৰু 'জংগল ৰাজ'ৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছত নীতিশে লালুৰ আৰজেডি আৰু ছোনিয়াৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে। তেওঁ সুবিধাবাদী হৈ পৰিছে।" যোৱা বছৰ বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছিল নীতিশে।
Read More
তুৰস্কৰ পুনৰ ভূমিকম্পৰ জোকাৰণি! শনিবাৰে পুনৰ…

তুৰস্কৰ পুনৰ ভূমিকম্পৰ জোকাৰণি! শনিবাৰে পুনৰ…

পুনৰ ভূমিকম্পই কঁপালে তুৰস্ক। ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি তুৰস্কত শনিবাৰে পুনৰ ৫.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১০ কিলোমিটাৰ (৬.২১ মাইল) গভীৰতাত এই ভূমিকম্পটো সংঘটিত হৈছিল। ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াত সংঘটিত হোৱা ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰাৰ সময়তে এই কথা প্ৰকাশ পাইছে।
Read More
MCD ষ্টেণ্ডিং কমিটিৰ পুনৰ নিৰ্বাচনত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

MCD ষ্টেণ্ডিং কমিটিৰ পুনৰ নিৰ্বাচনত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

সোমবাৰে এমচিডিৰ স্থায়ী সমিতিৰ ছয়জন সদস্যৰ পুনৰ নিৰ্বাচনৰ বাবে মেয়ৰ শ্বেলী ওবেৰয়ৰ জাননী দিল্লী উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিছে। উচ্চ ন্যায়ালয়ে কয় যে শুকুৰবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা নকৰাকৈয়ে মেয়ৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰি আছে, যিটো নিয়ম উলংঘা কৰিছে। বিজেপিৰ কাউন্সিলাৰসকলে দাবী কৰিছিল যে বিজেপি আৰু আপ দুয়োটাই তিনিখন আসন লাভ কৰিছে।
Read More
পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰীক কনভয়ত শিলাক্ৰমণ! TMCৰ বিৰুদ্ধে অভিযোগ…

পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰীক কনভয়ত শিলাক্ৰমণ! TMCৰ বিৰুদ্ধে অভিযোগ…

পশ্চিম বংগৰ কোচবিহাৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিসিথ প্ৰমানিকৰ কনভয়ত টিএমচি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰমানিকৰ কনভয় বুৰিৰহাটৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে টিএমচি আৰু বিজেপি কৰ্মীৰ মাজত ব্যাপক সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষকালত বিজেপি আৰু টিএমচি উভয় কৰ্মীয়ে শিলগুটি নিক্ষেপত লিপ্ত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আৰু লাঠি চাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
Read More
আদানী-হিণ্ডেনবাৰ্গ সম্পৰ্কে বাতৰি পৰিৱেশন নকৰিবলৈ সংবাদ মাধ্যমক নিৰ্দেশ প্ৰদানৰ বাবে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ…

আদানী-হিণ্ডেনবাৰ্গ সম্পৰ্কে বাতৰি পৰিৱেশন নকৰিবলৈ সংবাদ মাধ্যমক নিৰ্দেশ প্ৰদানৰ বাবে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ…

আদালতে ৰায় প্ৰদান নকৰালৈকে আদানী-হিণ্ডেনবাৰ্গ সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন নকৰিবলৈ নিৰ্দেশ দিবৰ বাবে আদালতত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন শুকুৰবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত চলা বিচাৰপীঠে অধিবক্তা মনোহৰ লাল শৰ্মাই দাখিল কৰা পি আই এল নাকচ কৰে। চিজেআইয়ে কয়, ‘আমি সংবাদ মাধ্যমক কোনো নিষেধাজ্ঞা জাৰি কৰিবলৈ যোৱা নাই। আমি অলপতে অৰ্ডাৰ উচ্চাৰণ কৰো।” বিচাৰপীঠত ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাও আছিল।
Read More
বন্ধুৰ আত্মীয়লৈ অশ্লীল ফটো প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ, গ্ৰেপ্তাৰ

বন্ধুৰ আত্মীয়লৈ অশ্লীল ফটো প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ, গ্ৰেপ্তাৰ

ভুৱা ইনষ্টাগ্ৰাম প্ৰফাইল বনাই বন্ধুৰ ভগ্নী আৰু অন্যান্য আত্মীয়লৈ অশ্লীল ছবি আৰু মেছেজ প্ৰেৰণ কৰাৰ অভিযোগত দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক। আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰীগৰাকীয়ে বন্ধুৰ ওপৰত “প্ৰতিশোধ” ল’বলৈ এই কাম কৰিছিল। খবৰ অনুসৰি তেওঁৰ সৈতে হোৱা বিবাদৰ পিছতে এনে কাৰ্য সংঘটিত কৰিছিল ছাত্ৰীগৰাকীয়ে। আৰক্ষীয়ে লগতে কয় যে অশ্লীল বাৰ্তা প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোন আৰু চিম কাৰ্ড উদ্ধাৰ কৰা হৈছে।
Read More
জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক লৈ মন্তব্য TMCৰ সাংসদৰ, ক’লে…

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক লৈ মন্তব্য TMCৰ সাংসদৰ, ক’লে…

সোমবাৰে টিএমচিৰ সাংসদ সৌগত ৰয়ে কয় যে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে তেওঁ ‘চিৰিয়াছ ৰাজনীতিবিদ’ বুলি গণ্য নকৰে। ৰয়ে লগতে কয় যে হয়তো তেওঁ ৰাহুল গান্ধীৰ বাবে এজন ভাল পৰিচালক হিচাপে কাম কৰে। কিন্তু ইয়াৰ বাহিৰেও তেওঁৰ আন কোনো মূল্য নাই। বিৰোধীৰ বৈঠকত টিএমচিয়ে বিজেপিৰ ভাষাত কথা কয় বুলি ৰমেশে কোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে।
Read More
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই মোক হত্যাৰ বাবে চুপাৰী দিছেঃ গুৰুতৰ অভিযোগ সঞ্জয় ৰাউতৰ…

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই মোক হত্যাৰ বাবে চুপাৰী দিছেঃ গুৰুতৰ অভিযোগ সঞ্জয় ৰাউতৰ…

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ পুত্ৰ শ্ৰীকান্ত শিণ্ডেৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সাংসদ সঞ্জয় ৰাউতৰ। শ্ৰীকান্ত শিণ্ডেয়ে তেওঁক হত্যা কৰিবলৈ চুপাৰি দিয়াৰ অভিযোগ তুলি মুম্বাই আৰক্ষী আয়ুক্তলৈ পত্ৰ ৰাউতৰ। ৰাউতে লিখিছে, "শ্ৰীকান্ত শিণ্ডেয়ে মোক হত্যা কৰিবলৈ থানেৰ অপৰাধী ৰাজা ঠাকুৰক চুপাৰী (চুক্তি) দিছে। একেটা সন্দৰ্ভত মই তথ্য নিশ্চিত কৰিছো।" তেওঁ লগতে কয় যে মই আপোনালোকক এজন দায়িত্বশীল নাগৰিক হিচাপে জনাইছো।
Read More
নিৰ্বাচন আয়োগৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ উদ্ধৱ থাকৰে…

নিৰ্বাচন আয়োগৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ উদ্ধৱ থাকৰে…

উদ্ধৱ থাকৰে শিৱসেনাৰ নাম আৰু প্ৰতীক ঘূৰাই পাবলৈ আইনী পথ গ্ৰহণ কৰিলে। নিৰ্বাচন আয়োগৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যায় উদ্ধৱ শিবিৰ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে উদ্ধৱ সেনাক জৰুৰী ভিত্তিত শুনানিৰ বাবে মঙলবাৰে গোচৰটো পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ দিয়ে। আৱেদনখনত শিৱসেনাৰ নাম আৰু প্ৰতীক ব্যৱহাৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিবলৈ অনুৰোধ জনাইছে উদ্ধৱ শিবিৰে। তাৰ লগতে আয়োগে নিৰপেক্ষতা বজাই ৰখাত ব্যৰ্থ হোৱা বুলি গোচৰৰ আবেদনত প্ৰকাশ পাইছে। সংবিধান উলংঘা কৰাৰ অভিযোগো আয়োগৰ বিৰুদ্ধে। সম্প্ৰতি শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ সদস্যপদ বাতিল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। সেই গোচৰৰ ৰায়দান বাকী থকাৰ পাছতো নির্বাচন আয়োগে কেনেদৰে প্রতীকসমূহ বিতৰণ কৰাৰ সিদ্ধান্ত…
Read More