ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ। ৪০ লাখ টকাৰ উৎকোচ গ্ৰহণৰ সময়তে লোকায়ুক্তৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ কৰ্ণাটকৰ বিজেপি বিধায়ক মাদাল বিৰুপাকক্ষাৰ পুত্ৰ প্ৰশান্ত মাদল। ইয়াৰ পিছতে অভিযুক্ত প্ৰশান্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ লোকায়ুক্ত আদালতৰ। ৪০ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত বৃহস্পতিবাৰে প্ৰশান্তক গ্ৰেপ্তাৰ কৰে লোকায়ুক্তৰ বিষয়াসকলে। উল্লেখযোগ্য যে বেংগালুৰুত তেওঁৰ বাসগৃহত অভিযান চলাই প্ৰায় ৬ কোটি টকা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে।
Read More
নিলম্বিত IAS পূজা সিংঘাল কেলেংকাৰী! ঝাৰখণ্ডত ৩ কোটি নগদ ধন জব্দ EDৰ

নিলম্বিত IAS পূজা সিংঘাল কেলেংকাৰী! ঝাৰখণ্ডত ৩ কোটি নগদ ধন জব্দ EDৰ

নিলম্বিত আই এ এছ বিষয়া পূজা সিংঘাল বিৰুদ্ধে মানি লণ্ডাৰিঙৰ তদন্ত অব্যাহত। তদন্তৰ মাজতে শুকুৰবাৰে নিলম্বিত বিষয়াগৰাকীৰ সৈতে সম্পৰ্কিত ৩ কোটি টকা নগদ ধন জব্দ ইডিৰ। ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ এটা স্থানত তালাচীৰ সময়ত ইডিয়ে ৩ কোটি টকাৰ নগদ ধন জব্দ কৰে। জানিব পৰা মতে, মহম্মদ আনছাৰী নামৰ এজন ব্যক্তিৰ চৌহদৰ পৰা ৫০০ আৰু ২০০০ টকীয়া নোটৰ এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হয়।
Read More
গ্ৰীচত দুখন ৰে’লৰ ভয়ংকৰ সংঘৰ্ষত কমেও ৩৬ জন নিহত…

গ্ৰীচত দুখন ৰে’লৰ ভয়ংকৰ সংঘৰ্ষত কমেও ৩৬ জন নিহত…

এখন মালবাহী আৰু এখন যাত্ৰীবাহী ৰে’লৰ মাজত সংঘটিত প্ৰচণ্ড সংঘৰ্ষই অকাল মৃত্যু মাতি আনিলে ৩৬ জন যাত্ৰীলৈ। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গ্ৰীচৰ লাৰিছা চহৰত। ইফালে দুয়োখন ৰে’লৰ সংঘৰ্ষৰ পিছতে সংঘটিত হোৱা অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় আন বহু যাত্ৰী। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। আহত সকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। জানিব পৰা মতে, যাত্ৰীবাহী ৰে’লখন ৰাজধানী এথেন্সৰ পৰা উত্তৰ গ্ৰীচৰ থেছালনিক চহৰলৈ গৈ থকা সময়ত লাৰিছা চহৰৰ সমীপৰ সুংৰগ পথৰ পৰা ওলাই অহাৰ সময়তে মালবাহী ৰে’লখনৰ সৈতে সংঘৰ্ষ ঘটে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে কৰ্তব্যত গাফিলতিৰ অভিযোগত…
Read More
কাশ্মীৰী পণ্ডিতৰ হত্যাৰ পিছতে কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

কাশ্মীৰী পণ্ডিতৰ হত্যাৰ পিছতে কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে কাশ্মীৰী পণ্ডিত। এনে পৰিস্থিতিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ অধিক ক্ষীপ্ৰ অভিযান আৰম্ভ কৰিছে সেনাই। মঙলবাৰে এনে অভিযানত এজন সন্ত্ৰাসবাদী নিহত হয়। সংবাদ সংস্থা এএনআইৰ মতে, মঙলবাৰে কাশ্মীৰৰ অৱন্তিপোৰাত এটা সন্ত্ৰাসবাদী শিবিৰৰ বিষয়ে গোপন খবৰ লাভ কৰে সেনাই। ইয়াৰ পিছতে সেনা, অৰ্ধসামৰিক বাহিনী আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰে। নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ কথা জানিব পাৰি জেহাদীসকলে গুলীচালনা আৰম্ভ কৰে। জোৱানেও উত্তৰ দিয়ে। দীৰ্ঘসময় ধৰি চলা এই সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। জানিব পৰা মতে যোৱা দেওবাৰে নিহত হোৱা কাশ্মীৰী পণ্ডিতজনৰ হত্যাৰ সৈতে জড়িত আছিল নিহত সন্ত্ৰাসবাদীজন। মন কৰিবলগীয়া যে যোৱা দেওবাৰে পুৱা পুলৱামাত সঞ্জয় শৰ্মা…
Read More
নিজৰ ভিতৰৰ মানুহেই হত্যা কৰিব পুটিনকঃ দাবী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ…

নিজৰ ভিতৰৰ মানুহেই হত্যা কৰিব পুটিনকঃ দাবী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ…

নিজৰ ভিতৰৰ মানুহেই এদিন হত্যা কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক। এই দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে। ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত থকা উত্তপ্ত পৰিস্থিতিৰ মাজতে জেলেনস্কিয়ে কয়, 'চিকাৰীয়ে এদিন চিকাৰীক হত্যা কৰিব। ইহঁতে এজন হত্যাকাৰীক হত্যা কৰাৰ কাৰণ বিচাৰি পাব।" দ্য টাইমছৰ এক প্ৰতিবেদন অনুসৰি ইউক্ৰেইনৰ ‘বছৰ’ শীৰ্ষক তথ্যচিত্ৰখনত এই মন্তব্য কৰে জেলেনস্কিয়ে।
Read More
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়াক ৫ দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ…

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়াক ৫ দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ…

সোমবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক পাঁচদিনীয়া চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে। দিল্লীৰ সুৰা নীতিৰ গোচৰত দেওবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। চিবিআইয়ে আদালতত কয় যে ''অতি পৰিকল্পিত আৰু গোপন পদ্ধতিৰে ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। ইফালে ছিচ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদৰ সময়ত অৰ্ধসামৰিক বাহিনীৰ সৈতে সংঘৰ্ষৰ ফলত আপৰ কেইবাজনো কৰ্মীক আটক কৰা হৈছে। বিজেপিয়ে তদন্তকাৰী সংস্থাৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে।
Read More
নীতিশ কুমাৰৰ বাবে বন্ধ হৈ পৰিছে বিজেপিৰ দুৱাৰঃ অমিত শ্বাহ

নীতিশ কুমাৰৰ বাবে বন্ধ হৈ পৰিছে বিজেপিৰ দুৱাৰঃ অমিত শ্বাহ

বিহাৰত ৰাজহুৱা সভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে চিৰদিনৰ বাবে বন্ধ হৈ পৰিছে বিজেপিৰ দুৱাৰ।" লগতে তেওঁ কয়, "গোটেই জীৱন…কংগ্ৰেছ আৰু 'জংগল ৰাজ'ৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছত নীতিশে লালুৰ আৰজেডি আৰু ছোনিয়াৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে। তেওঁ সুবিধাবাদী হৈ পৰিছে।" যোৱা বছৰ বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছিল নীতিশে।
Read More
তুৰস্কৰ পুনৰ ভূমিকম্পৰ জোকাৰণি! শনিবাৰে পুনৰ…

তুৰস্কৰ পুনৰ ভূমিকম্পৰ জোকাৰণি! শনিবাৰে পুনৰ…

পুনৰ ভূমিকম্পই কঁপালে তুৰস্ক। ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি তুৰস্কত শনিবাৰে পুনৰ ৫.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১০ কিলোমিটাৰ (৬.২১ মাইল) গভীৰতাত এই ভূমিকম্পটো সংঘটিত হৈছিল। ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াত সংঘটিত হোৱা ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰাৰ সময়তে এই কথা প্ৰকাশ পাইছে।
Read More
MCD ষ্টেণ্ডিং কমিটিৰ পুনৰ নিৰ্বাচনত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

MCD ষ্টেণ্ডিং কমিটিৰ পুনৰ নিৰ্বাচনত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

সোমবাৰে এমচিডিৰ স্থায়ী সমিতিৰ ছয়জন সদস্যৰ পুনৰ নিৰ্বাচনৰ বাবে মেয়ৰ শ্বেলী ওবেৰয়ৰ জাননী দিল্লী উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিছে। উচ্চ ন্যায়ালয়ে কয় যে শুকুৰবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা নকৰাকৈয়ে মেয়ৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰি আছে, যিটো নিয়ম উলংঘা কৰিছে। বিজেপিৰ কাউন্সিলাৰসকলে দাবী কৰিছিল যে বিজেপি আৰু আপ দুয়োটাই তিনিখন আসন লাভ কৰিছে।
Read More
পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰীক কনভয়ত শিলাক্ৰমণ! TMCৰ বিৰুদ্ধে অভিযোগ…

পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰীক কনভয়ত শিলাক্ৰমণ! TMCৰ বিৰুদ্ধে অভিযোগ…

পশ্চিম বংগৰ কোচবিহাৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিসিথ প্ৰমানিকৰ কনভয়ত টিএমচি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰমানিকৰ কনভয় বুৰিৰহাটৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে টিএমচি আৰু বিজেপি কৰ্মীৰ মাজত ব্যাপক সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষকালত বিজেপি আৰু টিএমচি উভয় কৰ্মীয়ে শিলগুটি নিক্ষেপত লিপ্ত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আৰু লাঠি চাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
Read More