ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মেনহ’ল পৰিস্কাৰ কৰিবলৈ গৈ শ্বাসৰুদ্ধ হৈ মৃ্ত্যু ৩ শ্ৰমিকৰ

মেনহ’ল পৰিস্কাৰ কৰিবলৈ গৈ শ্বাসৰুদ্ধ হৈ মৃ্ত্যু ৩ শ্ৰমিকৰ

মঙলবাৰে গুজৰাটৰ ভৰুচ জিলাত চেপ্টিক টেংক চাফা কৰি থকা অৱস্থাত তিনিজন অনাময় কৰ্মীৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, টেংকৰ ভিতৰত সোমোৱাৰ পিছতে শ্ৰমিকসকলে সহায় বিচাৰি চিঞৰিবলৈ আৰম্ভ কৰে। আন লোকে মেনহ’লৰ পৰা উলিয়াব নোৱাৰাৰ বাবে উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল মাতি অনা হয়। কিন্তু শ্ৰমিক কেইজনক উদ্ধাৰ কৰাৰ পূৰ্বেই শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে তিনিওজন শ্ৰমিকৰ।
Read More
ধৰ্মীয় স্থানৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ শিশুসহ একেটা পৰিয়ালৰ ৫ সদস্যৰ

ধৰ্মীয় স্থানৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ শিশুসহ একেটা পৰিয়ালৰ ৫ সদস্যৰ

ৰাজস্থানৰ চুৰু জিলাৰ ৰাজগড় চহৰৰ সমীপত প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ হিছাৰ-ৰাজগড় পথৰ ৰাজগড় চহৰৰ সমীপত এখন ট্ৰাকত খুন্দা মৰাৰ ফলত তিনিটা শিশুসহ এটা পৰিয়ালৰ ৫ জন লোক নিহত হোৱাৰ লগতে ১৮ জন লোক আহত হয়। দুৰ্ঘটনাত নিহত আটাইকেইজন হাৰিয়ানাৰ হিছাৰ জিলাৰ শ্বাহদৱা গাঁৱৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, লোক কেইজনে নিশা এটা ধৰ্মীয় স্থান পৰিদৰ্শন কৰি ছালাছাৰৰ পৰা উভতি আহিছিল। নিহত সকলক বিমলা (৬০), কৃষ্ণ (৪৮), অঞ্জলি (১৩), অংকিত (১০) আৰু দুবছৰীয়া সৃষ্টি বুলি চিনাক্ত কৰা হৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সূত্ৰই জনোৱা মতে, ৰাজস্থানত চলি থকা চিকিৎসকৰ ধৰ্মঘটৰ বাবে কোনো ধৰণৰ চিকিৎসা লাভ কৰিব নোৱাৰিলে…
Read More
লেহত পথ দুৰ্ঘটনাত কৰুণ মৃত্যু কাৰ্গিল যোদ্ধাৰ…

লেহত পথ দুৰ্ঘটনাত কৰুণ মৃত্যু কাৰ্গিল যোদ্ধাৰ…

শনিবাৰে নিশা লেহৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত চুবেদাৰ মেজৰ চেৱাং মুৰোপ, বীৰ চক্ৰ আৰু কাৰ্গিলৰ এজন যুদ্ধ নায়কে কৰুণ ভাৱে প্ৰাণ হেৰুৱায়। টুইটাৰলৈ লৈ ফায়াৰ এণ্ড ফিউৰি কৰ্পছৰ অফিচিয়েল হেণ্ডেলে কয় যে, “ব্ৰেভহাৰ্ট চাব মেজ চেৱাং মৰুপ বীৰ চক্ৰৰ দুখজনক মৃত্যুৰ বাবে ফায়াৰ এণ্ড ফিউৰি কৰ্পছে গভীৰভাৱে দুখ প্ৰকাশ কৰিছে।” ইফালে, ফায়াৰ এণ্ড ফিউৰি কৰ্পছৰ অধিনায়ক লেফটেনেণ্ট জেনেৰেল ৰছিম বালিয়ে তেওঁৰ পিতৃ নাইব চুবেদাৰ চেৰিং মুটিও অশোক চক্ৰ (অৱসৰপ্ৰাপ্ত)কে ধৰি সেনাবাহিনীৰ প্ৰবীণ সৈনিকজনৰ পৰিয়ালক সাক্ষাৎ কৰি ভাৰতীয় সেনাৰ হৈ শোক প্ৰকাশ কৰে বুলি এএনআইয়ে প্ৰকাশ কৰিছে। তদুপৰি সেৱা আগবঢ়োৱা আৰু প্ৰাক্তন ভাৰতীয় সেনা জোৱানসকলে ছ’চিয়েল মিডিয়াত পোষ্টৰ জৰিয়তে মৃত বীৰ…
Read More
বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন, ৭ জনৰ মৃত্যু

বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন, ৭ জনৰ মৃত্যু

শুকুৰবাৰে ওড়িশাৰ সম্ভলপুৰত সংঘটিত হোৱা এক বৃহৎ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় ৭জনকৈ বিবাহ যাত্ৰীয়ে। খবৰ অনুসৰি ওড়িশাৰ সম্ভলপুৰ জিলাৰ সাছানা থানাৰ অন্তৰ্গত বিশালাখিন্দা চাছানা খালৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। বিয়াত অংশগ্ৰহণ কৰি উভতি আহি থকা অৱস্থাত বিবাহ যাত্ৰীৰ বলেৰ’ বাহনখন দুৰ্ঘটনাত পতিত হয়। লাভ কৰা তথ্য অনুসৰি নিশা প্ৰায় ২ বজাত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ঝাৰছুগুড়া জিলাৰ কংকটুৰা লাদাধৰা অঞ্চলৰ পৰা পৰমানপুৰ নিবাসী দৰা কঢ়িয়াই অনা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে বিশালাখিন্দাৰ সমীপৰ সাছানা খালত ডুব যায়। দুৰ্ঘটনাৰ ফলত গাড়ীৰ ভিতৰত থকা যাত্ৰীসকল আবদ্ধ হৈ পৰে আৰু কিছু সময় নামিব পৰা নাছিল। পিছত তেওঁলোকৰ মাজৰ…
Read More
মোডী বিৰোধী পোষ্টাৰ লগোৱাৰ অপৰাধত ৮ জনক গ্ৰেপ্তাৰ গুজৰাট আৰক্ষীৰ…

মোডী বিৰোধী পোষ্টাৰ লগোৱাৰ অপৰাধত ৮ জনক গ্ৰেপ্তাৰ গুজৰাট আৰক্ষীৰ…

আহমেদাবাৰ ৰাজহুৱা স্থান আৰু চৰকাৰী সম্পত্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক পোষ্টাৰ লগোৱাৰ অভিযোগত গুজৰাট আৰক্ষীয়ে ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে কয় যে “মোডী হাটাও দেশ বাচাও”ৰ দৰে বৃহস্পতিবাৰে চহৰৰ বিভিন্ন প্ৰান্তত পোষ্টাৰ লগাইছিল অভি়যুক্তকেইজনে। তদন্তৰ সময়ত আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে গুজৰাট আম আদমী পাৰ্টিৰ সভাপতি ইছুোন গাধৱীয়ে গ্ৰেপ্তাৰ হোৱা কৰ্মীসকল দলীয় কৰ্মী বুলি উল্লেখ কৰি আৰক্ষীৰ এই কাৰ্যই বিজেপি ভয় খোৱাটো দেখুৱাইছে বুলি অভিযোগ উত্থাপন কৰে। গাধৱীয়ে টুইট কৰি কয়, “চাওক বিজেপিৰ একনায়কত্ববাদ! গুজৰাটত আম আদমি পাৰ্টিৰ কৰ্মীসকলক মোডী হাটাও দেশ বাচাওৰ পোষ্টাৰ সন্দৰ্ভত আইপিচিৰ বিভিন্ন শাখাৰ অধীনত জেলত ভৰোৱা হৈছে! যদি…
Read More
ৰাম নৱমীৰ আনন্দৰ মাজতে মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা, ১৩ ভক্তৰ মৃত্যু

ৰাম নৱমীৰ আনন্দৰ মাজতে মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা, ১৩ ভক্তৰ মৃত্যু

মধ্য প্ৰদেশৰ ইন্দোৰত ভয়ংকৰ ঘটনা। মন্দিৰত কুঁৱাৰ ওপৰত নিৰ্মাণ কৰা মজিয়া খহি মৃত্যু ১৩ গৰাকী ভক্তৰ। ৰাম নৱমীৰ আৰাধনাৰ মাজতে এই শোকাবহ ঘটনা সংঘটিত হয় ইন্দোৰৰ স্নেহ নগৰ অঞ্চলস্থিত শ্ৰী বালেশ্বৰ মন্দিৰত। জানিব পৰা মতে, বৃহস্পতিবাৰে ৰাম নৱমী উপলক্ষ্যে অগনন ভক্তৰ সমাগম ঘটিছিল মন্দিৰটোলৈ। সকলো ভগৱানক আৰাধনাত ব্যস্ত থকাৰ সময়তে মন্দিৰ চৌহদত এটা কুঁৱাৰ ওপৰত নিৰ্মাণ কৰা মজিয়াখন খহি পৰে। এই দুৰ্ঘটনাত ১৩ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাগৰাকীও ভক্ত। ঘটনাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা মতে, এই মুহূৰ্তলৈকে ১০ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে।
Read More
১০ মে’ত অনুষ্ঠিত হ’ব মেঘালয়, পঞ্জাৱ, ওড়িশা, উত্তৰ প্ৰদেশৰ বিধানসভাৰ উপ-নিৰ্বাচন

১০ মে’ত অনুষ্ঠিত হ’ব মেঘালয়, পঞ্জাৱ, ওড়িশা, উত্তৰ প্ৰদেশৰ বিধানসভাৰ উপ-নিৰ্বাচন

বুধবাৰে নিৰ্বাচন আয়োগে মেঘালয়, পঞ্জাৱ, ওড়িশা, উত্তৰ প্ৰদেশকে ধৰি সংসদীয় আৰু বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে। পঞ্জাৱৰ জলন্ধৰ সংসদীয় সমষ্টি আৰু ওড়িশাৰ ঝাৰছুগুডাৰ বিধানসভা সমষ্টিৰ বাবে হ’ব উপ-নিৰ্বাচন। আনহাতে উত্তৰ প্ৰদেশৰ ছানবে আৰু ছুৱাৰ; আৰু মেঘালয়ৰ ছ’হিয়ঙত ১০ মে’ত অনুষ্ঠিত হ’ব বুলি আজি সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে জনায়। একেটাৰ বাবেই ১৩ মে’ত ফলাফল ঘোষণা কৰা হ’ব বুলিও তেওঁ আৰু কয়। উল্লেখযোগ্য যে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু গণনাৰ তাৰিখ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ তাৰিখৰ সৈতে মিল আছে। ইয়াৰ পূৰ্বে আজি ইচিয়ে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন ১০ মে’ নিৰ্ধাৰণ কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভাগ কৰা পৰিসংখ্যা অনুসৰি মুঠ…
Read More
আদালতৰ শাস্তি-বিতৰ্কৰ মাজতে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু ৰাহুল গান্ধী…

আদালতৰ শাস্তি-বিতৰ্কৰ মাজতে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু ৰাহুল গান্ধী…

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে মোডীক লৈ বিতৰ্কিত মন্তব্য কৰা ঠাইৰ পৰাই কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। ১০ মে’ত কৰ্ণাটকত বিধানসভা নিৰ্বাচন। ৫ এপ্ৰিলত কোলাৰত সমদল উলিয়াই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব ৰাহুলে। ইয়াতেই ২০১৯ চনত ৰাহুলে কৈছিল, সকলো মোডী চোৰ। এই মন্তব্যৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ সাংসদ পদো বৰ্খাস্ত কৰা হয়। কৰ্ণাটক নিৰ্বাচনৰ সঠিক তাৰিখ বুধবাৰে ঘোষণা কৰা হয়। তেতিয়া কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কয়, “কোলাৰৰ পৰা কংগ্ৰেছৰ হৈ ৰাহুল গান্ধীয়ে ৰেলী আৰম্ভ কৰিব।” আমি তেওঁক কোলাৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছো। এইখিনিতে ৰাহুলৰ মন্তব্যক বিজেপিয়ে গৰিহণা দিছিল, সেইবাবেই কোলাৰৰ পৰাই ৰাহুলে যাত্ৰা আৰম্ভ…
Read More
কুনো ৰাষ্ট্ৰীয় উদ্যানত আনন্দৰ জোৱাৰ! নামিবিয়াৰ পৰা অনা মাইকী চিতাই জন্ম দিলে ৪টা পোৱালি…

কুনো ৰাষ্ট্ৰীয় উদ্যানত আনন্দৰ জোৱাৰ! নামিবিয়াৰ পৰা অনা মাইকী চিতাই জন্ম দিলে ৪টা পোৱালি…

ডিজিটেল ডেস্কঃ তিনিদিন পূৰ্বে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা অনা এটা মাইকী চিতাৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে উদ্যানখনত। কিন্তু এই শোকৰ মাজতে এইবাৰ আহিল এটা ভাল খবৰ। নামিবিয়াৰ এটা মাইকী চিতাই চাৰিটা পোৱালি জন্ম দিলে উদ্যানখনত। কেন্দ্ৰীয় মন্ত্ৰী ভূপিন্দৰ যাদৱে বুধবাৰে টুইটযোগে এই ভাল খবৰ প্ৰদান কৰিছে। বন বিভাগৰ সূত্ৰ অনুসৰি কেইবাদিনো ধৰি বনকৰ্মী সকলে গৰ্ভৱতী চিতাজনীৰ বিশেষ যত্ন লৈ আছিল। অৱশেষত আজিৰ দিনটোতে চাৰিটা পোৱালি জন্ম দিয়ে। মাক আৰু পোৱালিবোৰ সুস্থ হৈ আছে। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয়, ‘অভিনন্দন! অমৃত কাল (স্বাধীনতাৰ অমৃত উৎসৱ)ৰ সময় আমাৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত…
Read More
চোৰ, ডকাইত, দুৰ্নীতিগ্ৰস্ত সকলো লোক আছে বিজেপিতঃ পুনৰ সৰৱ দিল্লীৰ মুখ্যমন্ত্ৰী…

চোৰ, ডকাইত, দুৰ্নীতিগ্ৰস্ত সকলো লোক আছে বিজেপিতঃ পুনৰ সৰৱ দিল্লীৰ মুখ্যমন্ত্ৰী…

বিজেপিৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ পৰিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ সকলো ৰাজনৈতিক বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাৰ সময়তে এইবাৰ কেজৰিৱালৰ মন্তব্য- বিজেপিতে আছে সকলো চোৰ, ডকাইত। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, “চোৰ, ডকাইত আৰু দুৰ্নীতিগ্ৰস্ত সকলো লোক এটা দলতেই আছে। সেয়া হৈছে বিজেপি।’’ তেওঁ পুনৰ কয়, ”যিদিনা নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী নহ’ব, সেইদিনা ভাৰত দুৰ্নীতিমুক্ত হ’ব।’’ কেজৰিৱালে কয় যে যিহেতু সকলো দুৰ্নীতিগ্ৰস্ত লোক এটা দলত আছে, সেয়েহে তেওঁলোকক ধৰিবলৈ সহজ হ’ব।
Read More