ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

২০০ দিনতকৈও কম সময়ৰ ভিতৰত ৫জি ইন্টাৰনেট সেৱা লাভ কৰিছে ভাৰতৰ ৬০০ খন জিলাই…

২০০ দিনতকৈও কম সময়ৰ ভিতৰত ৫জি ইন্টাৰনেট সেৱা লাভ কৰিছে ভাৰতৰ ৬০০ খন জিলাই…

সোমবাৰে যোগাযোগ ৰাজ্যিক মন্ত্ৰী দেৱুসিংহ চৌহানে কয় যে ২০০ দিনতকৈও কম সময়ত ভাৰতৰ ৬০০ জিলাই ৫জি সেৱা লাভ কৰিছে। চৌহানে কয় যে দেশত ৫জি ৰূপায়ণ “বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুতগতিত”। তেওঁ লগতে কয় যে ভাৰতে তিনি বছৰতকৈও কম সময়ৰ ভিতৰতে থলুৱা 4G আৰু 5G প্ৰযুক্তি বিকশিত কৰি ‘বিশ্বক আচৰিত কৰি তুলিছে’।
Read More
বিজেপি বিধায়ক তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেত্তাৰৰ কংগ্ৰেছত যোগদান

বিজেপি বিধায়ক তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেত্তাৰৰ কংগ্ৰেছত যোগদান

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেত্তাৰে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি সোমবাৰে কংগ্ৰেছ দলত যোগদান কৰে। বেংগালুৰুস্থিত দলীয় কাৰ্যালয়ত দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটক ৰাজ্যৰ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ আৰু ৰাজ্যিক বিধানসভাৰ বিৰোধী দলপতি সিদ্দাৰমাইয়াৰ উপস্থিতিত শ্বেত্তাৰে কংগ্ৰেছত যোগদান কৰে। ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা অমৰ সিং পাটিলেও শ্বেত্োৰৰ সৈতে কংগ্ৰেছত যোগদান কৰে। দলত যোগদান কৰাৰ পিছত শ্বেত্তাৰে কয়, ‘কালি মই বিজেপি এৰি আজি কংগ্ৰেছ দলত যোগদান কৰিলোঁ। এজন বিৰোধী নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতি কংগ্ৰেছত যোগদান কৰাত বহুত আচৰিত হৈছে। বিজেপিয়ে মোক প্ৰতিটো পদ দিছে আৰু দলৰ কৰ্মী হোৱাৰ বাবে মই সদায় দলৰ বৃদ্ধিৰ বাবে…
Read More
আবকাৰী কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

আবকাৰী কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

সোমবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ এতিয়া বাতিল কৰা আবকাৰী নীতিত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত দুটা গোচৰত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰে। চিবিআইৰ সৈতে জড়িত গোচৰটোৰ ন্যায়িক জিম্মা ২৭ এপ্ৰিললৈকে আৰু বলবৎকাৰী সঞ্চালকালয়ৰ সৈতে জড়িত গোচৰৰ ন্যায়িক জিম্মা ২৯ এপ্ৰিললৈকে বৃদ্ধি কৰে আদালতে। এই গোচৰৰ সন্দৰ্ভত ফেব্ৰুৱাৰী মাহত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক। যোৱা ১৬ এপ্ৰিলত একেধৰণৰ গোচৰত চিবিআইয়ে চমন কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তদন্তকাৰী সংস্থাই ৯ ঘণ্টা ধৰি জেৰা কৰে। কেজৰিৱালে কোনো অন্যায়ৰ অস্বীকাৰ কৰি কয় যে তদন্তকাৰী সংস্থাসমূহে তেওঁলোকৰ শপতনামাত মিছা কথা কৈছিল আৰু ছিছ’দিয়াৰ বিৰুদ্ধে এই গোচৰত মিছা অভিযোগ উত্থাপন…
Read More
মহাৰাষ্ট্ৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৩ জনৰ মৃত্যু, আহত ২৭ জন

মহাৰাষ্ট্ৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৩ জনৰ মৃত্যু, আহত ২৭ জন

সংগীতানুষ্ঠান পৰিৱেশন কৰি ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই এখন শিল্পীৰ দল কঢ়িওৱা বাছ দ খাৱৈত বাগৰি পৰাত কমেও ১৩ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ২৭ জনকৈ লোক। পুৱা প্ৰায় ৪.৫০ বজাত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ পুৰণি মুম্বাই-পুনে ঘাইপথত। জানিব পৰা মতে, লোক সংগীত শিল্পীক কঢ়িয়াই অনা বাছখনে পুনেৰ পৰা মুম্বাই অভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ শ্বিংৰোৱা মন্দিৰৰ সমীপৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ‘বাজী প্ৰভু ভাদক গ্ৰুপ’ৰ সদস্যসকলে পুনেৰ পিম্পড়ী চিঞ্চৰৱাড় অঞ্চলত সংগীতানুষ্ঠান পৰিৱেশন কৰি গোৰেগাঁওলৈ উভতি আহিছিল। নিহত সকল মুম্বাইৰ ছিয়ন আৰু গোৰেগাঁও আৰু চুবুৰীয়া পালঘৰ জিলাৰ ভিৰাৰৰ…
Read More
মঞ্চত ভাষণ প্ৰদানৰ সময়তে আক্ৰমণ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক, প্ৰাণৰক্ষা

মঞ্চত ভাষণ প্ৰদানৰ সময়তে আক্ৰমণ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক, প্ৰাণৰক্ষা

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক ৱাকায়ামা চহৰত দিয়া ভাষণৰ সময়ত তেওঁৰ ওপৰত ‘ধোঁৱা বোমা’ নিক্ষেপ কৰাৰ পিছত তেওঁক এটা স্থানৰ পৰা উলিয়াই অনা হয়। কিয়’ডো সংবাদ সংস্থাকে ধৰি কেইবাটাও বাতৰিত কোৱা হৈছে যে “ধোঁৱা বোমা” নিক্ষেপ কৰা হৈছে যদিও সেই স্থানত আঘাত বা ক্ষতিৰ কোনো তাৎক্ষণিক লক্ষণ দেখা পোৱা নাই। স্থানীয় নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থীক উৎসাহিত কৰিবলৈ ৱাকায়ামা প্ৰিফেকচাৰৰ চাইকাজাকি বন্দৰ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী কিছিদাই। শনিবাৰে বহিঃৰাজ্যত দিয়া ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কাষত পাইপ সদৃশ বস্তু নিক্ষেপ কৰা হয়। খবৰ অনুসৰি ঘটনাস্থলীত বিস্ফোৰণৰ দৰে শব্দ শুনা যায়। ইফালে এই ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীক নিৰাপদে উলিয়াই অনা হয়। সূত্ৰই জনোৱা মতে, তেওঁ বিস্ফোৰণস্থলীত আশ্ৰয়…
Read More
দিল্লীৰ মেট্ৰ’ বিহাৰ চকীত উদ্ধাৰ ১০টাকৈ বোমা, এজনক গ্ৰেপ্তাৰ…

দিল্লীৰ মেট্ৰ’ বিহাৰ চকীত উদ্ধাৰ ১০টাকৈ বোমা, এজনক গ্ৰেপ্তাৰ…

উত্তৰ দিল্লীৰ নাৰেলা ঔদ্যোগিক এলেকাত মেট্ৰ’ বিহাৰ চ’কীৰ পৰা ১০টা বোমা উদ্ধাৰৰ সৈতে জড়িত এজন ব্যক্তিক আটক কৰে দিল্লী আৰক্ষীয়ে। খবৰ অনুসৰি ধৃত দিলীপ নামৰ ধৃত ব্যক্তিজনে এটা নলাৰ কাষত গ্ৰেনেড লুকুৱাই ৰাখিছিল। মঙলবাৰে ডিচিপি (উত্তৰ দিল্লী) ৰবি কুমাৰ সিঙে কয় যে, ”আৰক্ষীৰ এটা দলে তেওঁৰ এজন সহযোগী কাশীৰামক গ্ৰেপ্তাৰ কৰিবলৈ হাত আগবঢ়াইছে, যাৰ স্থান মধ্যপ্ৰদেশলৈকে ধৰা পৰিছে।” ”অধিক তদন্ত চলি আছে,” তেওঁ লগতে কয়। ইফালে বুধবাৰে দিল্লীৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ পিছতে উচ্ছেদ কৰা হয়। দিল্লী আৰক্ষীৰ মতে, আজি পুৱা ইণ্ডিয়া পাব্লিক স্কুলৰ চৌহদত বোমা ৰখা বুলি দাবী কৰি ইণ্ডিয়া পাব্লিক স্কুললৈ প্ৰেৰণ কৰা হয়।
Read More
পঞ্জাৱৰ সেনা ছাউনীত সংঘটিত নিৰ্বিচাৰ গুলীবৰ্ষণত নিহত ৪ জোৱান…

পঞ্জাৱৰ সেনা ছাউনীত সংঘটিত নিৰ্বিচাৰ গুলীবৰ্ষণত নিহত ৪ জোৱান…

বুধবাৰে পুৱাই পঞ্জাৱৰ বাথিণ্ডা সামৰিক ষ্টেছনৰ এটা আৰ্টিলাৰী ইউনিটত সংঘটিত গুলীচালনাৰ ঘটনাত নিহত হয় ৪ জনকৈ সেনা জোৱান। এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ৪.৩৫ বজাত ইউনিটৰ বিষয়াৰ মেছ চৌহদত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। প্ৰাথমিক তদন্তত শিৱিৰৰ ভিতৰৰে কোনোৱে এই গুলীচালনা কৰাৰ সন্দেহ কৰা হৈছে। বাতৰি অনুসৰি, দুদিন পৰে শিৱিৰটোৰ পৰা এটা ইনছাছ ৰাইফল আৰু ২৮ জাঁই গুলী চুৰি হৈছিল। পঞ্জাৱৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এছ পি এছ পাৰমাৰে কয় যে, “এয়া সন্ত্ৰাসবাদী আক্ৰমণ নহয়, বাহিৰৰ পৰা আক্ৰমণ নহয়। ই এক ভাতৃঘাতী কাণ্ড”। পঞ্জাৱ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰি অপৰাধীক কৰায়ত্ত কৰিবলৈ অনুসন্ধান অব্যাহত ৰখা বুলিও…
Read More
পাটনাৰ বিমানবন্দৰত বোমাতংক! আৰক্ষীৰ অভিযান…

পাটনাৰ বিমানবন্দৰত বোমাতংক! আৰক্ষীৰ অভিযান…

পাটনাৰ জয় প্ৰকাশ নাৰায়ণ বিমানবন্দৰত বোমাতংক। অচিনাকি ভাবুকি লাভ কৰাৰ পিছতে বিমানবন্দৰত অনুসন্ধান অভিযান আৰক্ষী আৰু বোমা স্কোৱাডৰ। অৱশ্যে কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ অব্যাহত আছে বিমান সেৱা। ইয়াৰ পূৰ্বে দিল্লীৰ এখন ব্যক্তিগত বিদ্যালয়ে মেইলযোগে বোমাৰ ভাবুকি লাভ কৰিছিল আৰু তাৰ পিছত চৌহদটো খালী কৰি তালাচী অভিযান চলাইছিল আৰক্ষীয়ে। সম্প্ৰতি বিদ্যালয় চৌহদৰ ভিতৰত তালাচী অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Read More
কণমানিক জিভা চুহিবলৈ গৈ বিতৰ্কত তিব্বতী ধৰ্মগুৰু দালাই লামা! অৱশেষত বিচাৰিলে ক্ষমা…

কণমানিক জিভা চুহিবলৈ গৈ বিতৰ্কত তিব্বতী ধৰ্মগুৰু দালাই লামা! অৱশেষত বিচাৰিলে ক্ষমা…

তিব্বতী ধৰ্মগুৰু দালাই লামাই এটি কণমানি শিশুক ওঁঠত চুমা খোৱাৰ লগতে ‘জিভা চেলেকিবলৈ’ কোৱাৰ এটা ভিডিঅ’ দেওবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তেওঁৰ ভক্তৰ মাজত সৃষ্টি হয় তীব্ৰ ক্ষোভৰ। যাৰ বাবে অৱশেষত কিশোৰজন আৰু পৰিয়ালৰ ওচৰত ক্ষমা খোজে তিব্বতী ধৰ্মগুৰুগৰাকীয়ে। বৌদ্ধ সন্ন্যাসীগৰাকীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলযোগে টুইট কৰি কয় যে তেওঁৰ কথাৰ দ্বাৰা প্ৰৰোচিত ‘আঘাত’ৰ বাবে তেওঁ অনুশোচিত। লগতে তেওঁ ভাইৰেল ভিডিঅ’টোত থকা কিশোৰজন, তেওঁৰ পৰিয়াল আৰু সমগ্ৰ বিশ্ববাসীৰ ওচৰত ক্ষমা বিচাৰে। দৰাচলতে শেহতীয়াকৈ এখন বৈঠকত এটি কণমানি কিশোৰে পৰম পবিত্ৰ দালাই লামাক সুধিছিল যে তেওঁ তেওঁক সাৱটি ধৰিব পাৰিবনে? ইয়াৰ পিছতে নোবেল বঁটা বিজয়ী দালাই লামাই তেওঁৰ জিভাখন উলিয়াই…
Read More
পুনৰ ভয়াবহ ৰূপ কোভিড-১৯ৰ! ২৪ ঘণ্টাত আক্ৰান্ত ৫,৮৮০ জন…

পুনৰ ভয়াবহ ৰূপ কোভিড-১৯ৰ! ২৪ ঘণ্টাত আক্ৰান্ত ৫,৮৮০ জন…

সমগ্ৰ দেশত পুনৰ এবাৰ ভয়াবহ ভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। সোমবাৰে ভাৰতত যোৱা ২৪ ঘন্টাত ৫,৮৮০ জনলোকৰ দেহত ক’ভিড-১৯ ধৰা পৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ এক অধিসূচনাত নতুন ৰোগীৰ সংখ্যাই দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৫,১৯৯ লৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। সেই সময়ছোৱাত কৰা ৮৫,০৭৬টা পৰীক্ষাৰ ভিতৰত নতুনকৈ কোভিড-১৯ ধৰা পৰে। ভাৰতত কৰা ক্ৰমবৰ্ধমান কোভিড পৰীক্ষা ৯২.২৮ কোটিলৈ বৃদ্ধি পাইছে। তদুপৰি সক্ৰিয় ৰোগীৰ সংখ্যা ০.০৮ শতাংশ। দৈনিক পজিটিভিটিৰ হাৰ ৬.৯১ শতাংশলৈ বৃদ্ধি হোৱাৰ বিপৰীতে সাপ্তাহিক পজিটিভিটিৰ হাৰ ৩.৬৭ শতাংশলৈ বৃদ্ধি পাইছে। ইফালে, দেশত বিগত ২৪ ঘণ্টাত ৩,৪৮১ জন আৰোগ্যৰ তথ্য পোৱা গৈছে, যাৰ ফলত মহামাৰী আৰম্ভ হোৱাৰ পৰা দেশত আৰোগ্য হোৱা…
Read More