04
Aug
উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত বৃহস্পতিবাৰে নিশা হোৱা প্ৰচণ্ড বৰষুণৰ ফলত দুখন দোকান ভাঙি প্ৰায় এক ডজন লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষক বিশাখাই এএনআইক জনোৱা মতে, ১০ জনতকৈ অধিক লোকৰ অৱস্থিতি এতিয়াও জানিব পৰা হোৱা নাই। নিৰুদ্দেশ হোৱা লোকৰ সন্ধান উলিয়াবলৈ অব্যাহত আছে এক অনুসন্ধান অভিযান। "এই ঘটনাৰ খবৰ মাজনিশাৰ আশে-পাশে। ভূমিস্খলনৰ পিছত দহজনতকৈ অধিক লোক নিৰুদ্দেশ হোৱা বুলি কোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা এতিয়াও জানিব পৰা হোৱা নাই।" নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিয়াবলৈ অপাৰেচন চলি আছে বুলিও তেওঁ কয়। তদুপৰি দুৰ্যোগ ব্যৱস্থাপনা এজন বিষয়াই জনাইছে যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি…
