22
Oct
মহাৰাষ্ট্ৰৰ বীদ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। বিজেপি বিধায়ক সুৰেশ ধাসৰ পত্নীসহ ৩জন লোকৰ বিৰুদ্ধে ৰুজু হৈছে এক অত্যাচাৰৰ গোচৰ। এগৰাকী জনজাতীয় মহিলাক উলংগ কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়কৰ পত্নীৰ বিৰুদ্ধে। এই গোচৰত আই পি চিৰ ধাৰা ৩৫৪, ৩৫৪ বি, ৩২৩, ৫০৪, ৫০৬, ৩৫৪ এ, ৩৪, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অত্যাচাৰ ধাৰাৰ অধীনত বিজেপি বিধায়ক সুৰেশ ধাস, ৰাহুল জগদালে আৰু ৰঘু পাৱাৰৰ পত্নী প্ৰজাক্ত সুৰেশ ধাস, ৰাহুল জগদালে আৰু ৰঘু পাৱাৰৰ বিৰুদ্ধে বীদৰ আশী থানাত গোচৰ ৰুজু কৰা হৈছে। বিধায়কগৰাকীৰ পত্নীয়ে নিজৰ পূৰ্বপুৰুষৰ মাটি দখল কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী জনজাতীয় মহিলাগৰাকীয়ে। যোৱা দেওবাৰে সংঘটিত…
