21
Oct
২০২৩ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয়খন তালিকাৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এই তালিকাত মুঠ ৩৩ জনৰ নাম ঘোষণা কৰা হৈছে, য’ত মুখ্যমন্ত্ৰী অশোক গেহলটক চৰ্দাৰপুৰাৰ পৰা টিকট দিয়া হৈছে। একে সময়তে টংকৰ পৰা পুনৰ নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে শচীন পাইলটে। লক্ষ্মনগড়ৰ পৰা ৰাজ্যিক সভাপতি গোবিন্দ সিং দোটাছাৰাক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰা হৈছে। ইয়াৰ উপৰিও চি পি যোশীয়ে নাথদ্বাৰাৰ পৰা টিকট লাভ কৰিছে। এইবাৰ কংগ্ৰেছে নোহৰৰ পৰা অমিত চৌহান, কোলায়াতৰ পৰা ভনৱৰ সিং ভোটী, সদলপুৰৰ পৰা কৃষ্ণ পুনিয়া, সুজানগৰৰ পৰা মনোজ মেঘৱাল, মাণ্ডৱাৰ পৰা ৰীতা চৌধুৰী, বিৰাটনগৰৰ পৰা ইন্দ্ৰজ সিং গুৰ্জাৰ, মালভিয়া নগৰৰ পৰা অৰ্চনা শৰ্মা,…