27
Oct
কৰ্ণাটকৰ চিক্কাবল্লাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে পুৱা ৭.১৫ বজাত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত, চিত্ৰৱতী যান-বাহন থানাৰ ঠিক সন্মুখত সংঘটিত হয়। এই ঘটনাত ১২ জনৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত আছে ৮ জন পুৰুষ আৰু ৪ গৰাকী মহিলা। সন্মুখৰ পৰা আহি থকা এখন টাটা ছুমোৱে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা টেংকাৰ এখনত খুন্দা মাৰে। টেংকাৰ আৰু ছুমোৰ সংঘৰ্ষৰ পিছত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকৰ মৃত্যু হয়। সূত্ৰ অনুসৰি ঘন কুঁৱলীৰ বাবে গাড়ী চালকজনে পথৰ কাষত ৰখাই থোৱা টেংকাৰখন দেখা নাপায় আৰু তাৰ…
