ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মোক মোদীজী বুলি সম্বোধন কৰি মানুহৰ পৰা বিচ্ছিন্ন নকৰিব, মই কেৱল মোদীঃ কাক এই আহ্বান প্ৰধানমন্ত্ৰীৰ…

মোক মোদীজী বুলি সম্বোধন কৰি মানুহৰ পৰা বিচ্ছিন্ন নকৰিব, মই কেৱল মোদীঃ কাক এই আহ্বান প্ৰধানমন্ত্ৰীৰ…

নামৰ পিছত 'জী' লগাই মানুহৰ পৰা মোক বিচ্ছিন্ন নকৰিব। ৩ ৰাজ্যৰ নিৰ্বাচনত বিপুল বিজয়ৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ নেতাসকলৰ ওচৰত জনায় এই আহ্বান। তেওঁৰ বক্তব্য, “মই কেৱল মোদী। মোক মোদীজী বুলি সম্বোধন কৰি মানুহৰ পৰা বিচ্ছিন্ন নকৰিব।” আজি বিজেপিৰ সংসদীয় দলৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সকলো দলীয় কৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে তিনিখন ৰাজ্যত বিজেপিয়ে ব্যাপক বিজয় অৰ্জন কৰিলে। প্ৰধানমন্ত্ৰীয়ে সকলোৰে কামৰ শলাগ লয়। লগতে তেওঁ কয় যে বিজেপিৰ সকলো সাংসদ আৰু মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব লাগিব। ইফালে ৩ খন ৰাজ্যত বিপুল বিজয়ৰ পিছতো বিজেপিয়ে মুখ্যমন্ত্ৰী বাছনি এতিয়াও কৰিব পৰা নাই। বৃহস্পতিবাৰে সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত বিজেপিৰ সংসদীয় দলৰ বৈঠকত…
Read More
ভাৰতক ‘গো-মাতা’ৰ দেশ বুলি কোৱাটো গৌৰৱৰ বিষয়! DMK সাংসদৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ

ভাৰতক ‘গো-মাতা’ৰ দেশ বুলি কোৱাটো গৌৰৱৰ বিষয়! DMK সাংসদৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ডিএমকেৰ সাংসদ ডিএনভি সেনথিল কুমাৰ। হিন্দী বলয়ৰ ৰাজ্যৰ বিৰুদ্ধে বিতৰ্কিত বক্তব্য দিয়াৰ বাবে ডি এম কেৰ সাংসদগৰাকীক লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী শৰ্মাই। শৰ্মাই কয় যে ভাৰত এখন ‘গো মাতা’ৰ দেশ আৰু এই কথা কোৱাটো গৌৰৱৰ বিষয়। সাংবাদিকৰ সৈতে কথা পাতি অসমৰ মুখ্যমন্ত্রী শৰ্মাই কয় যে ডি এম কেৰ সাংসদগৰাকীয়ে ভাৰতক ‘গো মাতাৰ’ দেশ বুলিও আখ্যা দিব লাগিছিল৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আমাৰ দেশক ‘গো মাতাৰ’ দেশ বুলি কোৱাতকৈ ভাল কি হ’ব পাৰে। এইটো নিজৰ মাজতে গৌৰৱৰ বিষয়। ভাৰত এখন ‘গো মাতাৰ’ দেশ। এই সন্দৰ্ভত তৰ্ক কৰাৰ প্ৰয়োজন নাই। ডি এম কেৰ সাংসদগৰাকীয়ে নিজৰ ৰাজ্যখনক…
Read More
তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে ৰেৱন্ত ৰেড্ডীয়ে, বুলডোজাৰেৰে ভাঙিলে…

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে ৰেৱন্ত ৰেড্ডীয়ে, বুলডোজাৰেৰে ভাঙিলে…

বৃহস্পতিবাৰে তেলেংগানাই লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ ৰেৱন্ত ৰেড্ডীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বতে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্যত গঠন হ’ল কংগ্ৰেছ চৰকাৰ। ইফালে মূখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেই ৰেৱন্ত ৰেড্ডীয়ে পালন কৰি দেখুৱালে নিজৰ প্ৰতিশ্ৰুতি। শপত লোৱাৰ পূৰ্বে বুলডজাৰৰ সহায়ত প্ৰগতি ভৱন (মুখ্যমন্ত্ৰীৰ বাসগৃহ)ৰ সমীপৰ দেৱালখন আঁতৰাই ৰেৱন্ত ৰেড্ডীয়ে পূৰণ কৰে প্ৰতিশ্ৰুতি। জনসাধাৰণৰ প্ৰৱেশ আৰু যান-বাহনৰ চলাচল সহজ কৰিবলৈ প্ৰগতি ভৱনৰ সন্মুখত স্থাপন কৰা লোহাৰ বেৰিকেড আঁতৰোৱা হৈছে। বিধায়ক দনাছাৰী সীটককাই টুইটাৰযোগে এক পোষ্টযোগে কয় যে প্ৰগতি ভৱনৰ চেড আৰু গ্ৰীল আঁতৰাই দিয়া হৈছে। উল্লেখ্য যে ৰেৱন্ত ৰেড্ডীয়ে কৈছিল যে প্ৰগতি ভৱনৰ (মুখ্যমন্ত্ৰীৰ বাসগৃহ) দুৱাৰ ৰাইজৰ বাবে খোলা…
Read More
ধূতি পিন্ধাৰ বাবেই যুৱকক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টত, তুমুল বিতৰ্ক

ধূতি পিন্ধাৰ বাবেই যুৱকক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টত, তুমুল বিতৰ্ক

মন আছিল বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টলৈ গৈ ভালকৈ এসাজ খোৱাৰ। কিন্তু এই আশা পূৰণ নহ’ল এজন যুৱকৰ। ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল যুৱকজনক। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ বিয়পি পৰাৰ লগে লগে আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। কিন্তু কিয় বাধা দিয়া হ’ল তামিল যুৱকৰ প্ৰৱেশত? ভিডিঅ’টোত তেওঁ নিজেই সেই কথা কৈছিল। যুৱকজনে ক’লে, তেওঁ মুম্বাইলৈ আহি এখন ফাইভ ষ্টাৰ হোটেলত আছিল। ইয়াৰ পিছত তেওঁ কোনো সময় নষ্ট নকৰাকৈ জুহুলৈ ​​ৰাওনা হয়। উদ্দেশ্য প্ৰিয় তাৰকা কোহলীৰ One8 Commune ৰেষ্টুৰেণ্টত খোৱা। কিন্তু প্ৰৱেশদ্বাৰত বাধা দিয়া হয় যুৱকজনক। যুৱকজনে ধূতি পিন্ধি থকাৰ বাবে ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰে। ৰেষ্টুৰেণ্টৰ…
Read More
প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বায়ু সেনাৰ বিমান, ২ পাইলটৰ মৃত্যু

প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বায়ু সেনাৰ বিমান, ২ পাইলটৰ মৃত্যু

প্ৰশিক্ষণৰ সময়তে সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা। তেলেংগানাত বায়ুসেনাৰ বিমান দুৰ্ঘটনাৰ ফলত নিহত হয় ২ জন পাইলট। জানিব পৰা মতে মৃতসকলৰ এজন প্ৰশিক্ষক আৰু আনজন কেডেট আছিল। দুৰ্ঘটনাৰ পিছতে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে বায়ুসেনাই। বায়ুসেনাৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা তেলেংগানাৰ দণ্ডিগাল বায়ুসেনা ঘাটিত প্ৰশিক্ষণ চলি আছিল। প্ৰশিক্ষাৰ্থীগৰাকীয়ে সচৰাচৰৰ দৰে এজন প্ৰশিক্ষকৰ সৈতে পিলাটাছ পিচি ৭ এম কে আই বিমান উৰুৱাইছিল। হঠাৎ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ ভূপতিত হয়। বায়ুসেনাৰ এক বিবৃতি অনুসৰি এই দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়। পিছত তেওঁলোকৰ মৃত্যু হয়। প্ৰশিক্ষণ বিমানত কিহৰ বাবে এনে মাৰাত্মক দুৰ্ঘটনা সংঘটিত হ’ল সেই কথা জানিবলৈ আৰম্ভ হৈছে এক তদন্ত। উল্লেখ্য যে, পিলাটাছ…
Read More
তিনি ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ পিছত বিৰোধীৰ দাবী- এবাৰ বেলট পেপাৰেৰে অনুষ্ঠিত কৰি চাওক নিৰ্বাচন

তিনি ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ পিছত বিৰোধীৰ দাবী- এবাৰ বেলট পেপাৰেৰে অনুষ্ঠিত কৰি চাওক নিৰ্বাচন

কালি দেশত ভোটগণনা হোৱাৰ পাছত মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়। তেলেংগানা একমাত্ৰ ৰাজ্য য’ত কংগ্ৰেছ চৰকাৰ গঠন হ’বলৈ গৈ আছে। কংগ্ৰেছৰ পৰাজয়ক লৈ ওলাই আহিছে বহু নেতা আৰু ৰাজনৈতিক পণ্ডিতৰ বক্তব্য। একে ক্ৰমতে শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউতৰ বক্তব্যও ওলাইছে, য’ত তেওঁ বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে। তিনিওখন ৰাজ্যতে কংগ্ৰেছৰ পৰাজয়ৰ পিছত INDIA মিত্ৰতাৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছৰ পদ্ধতিক লৈ সকলো দলেই প্ৰশ্ন উত্থাপন কৰি পৰামৰ্শ দিছে যে কংগ্ৰেছে সকলোকে লগত লৈ যাব লাগিব, নহ’লে আগন্তুক নিৰ্বাচনত ডাঙৰ লোকচানৰ সন্মুখীন হ’ব পাৰে। আৰু কেৱল কংগ্ৰেছেই নহয় INDIA মিত্ৰতাও প্ৰভাৱিত হ’ব পাৰে। ইফালে শিৱসেনাৰ…
Read More
আবতৰীয়া বানৰ বিভীষিকা! ধাৰাসাৰ বৰষুণৰ পিছত চেন্নাইৰ ৰাজপথত এনেদৰে উপঙিছে গাড়ী…

আবতৰীয়া বানৰ বিভীষিকা! ধাৰাসাৰ বৰষুণৰ পিছত চেন্নাইৰ ৰাজপথত এনেদৰে উপঙিছে গাড়ী…

মিচং ঘূৰ্ণীবতাহৰ বাবে ৰাজধানী চেন্নাইকে ধৰি তামিলনাডুৰ বহু চহৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধাৰাসাৰ বৰষুণে। এতিয়া চাৰিওফালে কেৱল পানী আৰু পানী। ৰাস্তা-ঘাট আঁঠুলৈকে পানীৰে ভৰি আছে, গতিকে অহা-যোৱাত সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে সাধাৰণ জনতাই। বিশ্বাস কৰা হয় যে মিচং হাৰিকেনৰ বাবে আজি আৰু কাইলৈ ​​অতি কঠিন দিন হ’ব পাৰে, এনে পৰিস্থিতিত চৰকাৰৰ লগতে প্ৰশাসনো সম্পূৰ্ণ সজাগ হৈ পৰিছে। এনে বহু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, য’ত বৰষুণৰ ধ্বংসলীলা স্পষ্টকৈ দেখা গৈছে। বিমানবন্দৰ, ৰেল ষ্টেচন, ৰাস্তাত যদি কিবা দেখা যায় তেন্তে সেয়া কেৱল পানীহে, আকাশৰ পৰা পৰি থকা এই দুৰ্যোগৰ বৰষুণে ৰাইজৰ জীৱনটো কঠিন কৰি তুলিছে। বিমানবন্দৰৰ…
Read More
১১৫ দিন পিছত পুনৰ সংসদলৈ আপ সাংসদ ৰাঘৱ চাদ্দা, প্ৰত্যাহ্বাৰ হ’ল নিলম্বন

১১৫ দিন পিছত পুনৰ সংসদলৈ আপ সাংসদ ৰাঘৱ চাদ্দা, প্ৰত্যাহ্বাৰ হ’ল নিলম্বন

সোমবাৰে নিলম্বিত আম আদমী পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্দাই লাভ কৰিলে ডাঙৰ সকাহ। তেওঁৰ নিলম্বন বাতিল কৰা হৈছে। এই তথ্য স্বয়ং ৰাঘৱ চাদ্দাই কৰিছে সদৰী। তেওঁ কয়, ১১৫ দিনৰ পাছত মোৰ নিলম্বন বাতিল কৰা হৈছে। মোৰ নিলম্বন প্ৰত্যাহাৰ কৰাত মই সুখী। ৰাঘৱ চাদ্দাই কয়, ''১১ আগষ্টত মোক ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হৈছিল। মই মোৰ নিলম্বন বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ গৈছিলো। উচ্চতম ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰে আৰু এতিয়া ১১৫ দিনৰ পিছত মোৰ নিলম্বন বাতিল কৰা হৈছে। মই সুখী যে মোৰ নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে।’’ উল্লেখ্য যে গোচৰৰ শুনানি গ্ৰহণ কৰি থাকোঁতে উচ্চতম ন্যায়ালয়ে কৈছিল যে এইটো একচেটিয়াভাৱে সংসদৰ বিষয়। উচ্চতম ন্যায়ালয়ে ৰাজ্যসভা…
Read More
গোলাঘাটত ২ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ’ইন জব্দ, এজনক আটক

গোলাঘাটত ২ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ’ইন জব্দ, এজনক আটক

গোলাঘাট জিলাত শনিবাৰে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী এক অভিযানত জব্দ কৰা হয় প্ৰায় ২ কোটি টকাৰ হেৰ’ইন। এক গোপন সূত্ৰৰ ভিত্তিত চুঙাজানত এখন বাহনত তালাচী চলাই ১.১৬ কেজি হেৰ’ইন জব্দ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৯০টা চাবোনৰ বাকচত ভৰাই সৰবৰাহ কৰা হৈছিল এই নিষিদ্ধ ড্ৰাগছখিনি। ইফালে এই ঘটনা সন্দৰ্ভত এজন লোককো আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰীজনৰ নাম মঃ আমিন আলী বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে অভিযু্ক্তক জেৰা অব্যাহত ৰখা হৈছে।
Read More
নিয়ন্ত্ৰণহীন হৈ খাৱৈত বাগৰি পৰিল বাছ, এজনৰ মৃত্যু, আহত ২০ জন

নিয়ন্ত্ৰণহীন হৈ খাৱৈত বাগৰি পৰিল বাছ, এজনৰ মৃত্যু, আহত ২০ জন

দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ চেংগলপট্টুৰ সমীপত নিয়ন্ত্ৰণহীন হৈ খাৱৈত বাগৰি পৰে এখন বাছ। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু এজন লোকৰ, আনফালে আহত হৈছে কুৰি জনৰো অধিক যাত্ৰী। বৰ্তমান সময়ত বাছখন ক’ৰ পৰা আহিছিল আৰু ক’লৈ গৈ আছিল সেই সম্পৰ্কে তথ্য লাভ কৰিব পৰা হোৱা নাই। দুৰ্ঘটনাৰ খবৰ লাভৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ।
Read More