ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

বিজেপি সাংসদৰ ৰেফাৰেন্সত সদনত প্ৰৱেশ কৰিছিল অভিযুক্ত! চটিয়াইছিল স্মোক বোমা…

বিজেপি সাংসদৰ ৰেফাৰেন্সত সদনত প্ৰৱেশ কৰিছিল অভিযুক্ত! চটিয়াইছিল স্মোক বোমা…

বুধবাৰে সংসদৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংঘটিত হ’ল এক বৃহৎ গাফিলতি। লোকসভাৰ কার্যক্ৰমৰ সময়তে দুজন ব্যক্তিয়ে সদনত জপিয়াই পৰে৷ যুৱক দুজনে সদনৰ ভিতৰত স্মোক বোমা স্প্ৰে’ কৰাৰ পিছতে সৃষ্টি হয় হূলস্থলূৰ পৰিৱেশ। সাংসদসকলে এই ঘটনাক এক বৃহৎ নিৰাপত্তাজনিত ক্ৰুটি বুলি অভিহিত কৰিছে। ইফালে, তথ্য পোহৰলৈ আহিছে যে যিজন সাংসদৰ পাছ ব্যৱহাৰ কৰি অভিযুক্তই সংসদত প্ৰৱেশ কৰিছিল তেওঁ হৈছে প্ৰতাপ সিনহা। তেওঁ বিজেপিৰ নেতা। সাংসদ প্ৰতাপ সিনহাৰ ৰেফাৰেন্সতে সদনত প্ৰৱেশ কৰিছিল অভিযুক্ত। উল্লেখ্য যে, 'পাছ’ৰ তলত সাংসদজনৰ নাম লিখা থাকে। কৰ্ণাটকৰ মহীশূৰৰ সাংসদ প্ৰতাপ সিনহা। দ্বিতীয়বাৰৰ বাবে মহীশূৰক প্ৰতিনিধিত্ব কৰিছে তেওঁ। অভিযুক্তৰ নাম সাগৰ। তেওঁক ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। প্ৰতাপ সিনহাই ৰাজনীতিত…
Read More
সংসদৰ নিৰাপত্তাত গাফিলতি! শীতকালীন অধিৱেশনৰ মাজতে সদনৰ ভিতৰত স্মোক বোমা নিক্ষেপ অচিনাক্ত যুৱকৰ

সংসদৰ নিৰাপত্তাত গাফিলতি! শীতকালীন অধিৱেশনৰ মাজতে সদনৰ ভিতৰত স্মোক বোমা নিক্ষেপ অচিনাক্ত যুৱকৰ

সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে বুধবাৰে লোকসভাৰ নিৰাপত্তাত সংঘটিত হ’ল বৃহৎ গাফিলতি। সদনৰ কাৰ্য্যবিধিৰ সময়তে দুজন অচিনাক্ত ব্যক্তিয়ে সদনৰ ভিতৰত প্ৰৱেশ কৰি কিবা এটা স্প্ৰে’ কৰিবলৈ আৰম্ভ কৰে। ব্যক্তি দুজনে সদনত প্ৰৱেশৰ লগে লগে বিৰোধী সাংসদসকলে হুলস্থুলৰ সৃষ্টি কৰিলে। সাংসদ দনিশ আলীয়ে কয়, হঠাতে প্ৰাৰ্থনা বাঢ়িবলৈ ধৰিলে। তেওঁ দাবী কৰে যে এজন ব্যক্তিৰ নাম সাগৰ। ঘটনাৰ পিছতে লোকসভাৰ কাৰ্য্যবিধি স্থগিত ৰখা হয়। সাংসদ হনুমান বেনিৱাল আৰু মালুক নগৰে কৰায়ত্ত কৰে অভিযুক্তক। সদনৰ বাহিৰতো সংঘটিত হৈছে এক ঘটনা। সংসদৰ গেটত এই ঘটনা সংঘটিত হৈছিল। দুয়োটা ঘটনাতে স্মোক বোমা ব্যৱহাৰ কৰা হয়। সমাজবাদী পাৰ্টীৰ সাংসদ ডিম্পল যাদৱে কয় যে ইয়ালৈ যিয়েই…
Read More
সাংসদ পদ খাৰিজৰ পিছত এইবাৰ মহুৱাই হেৰুৱাব পাৰে চৰকাৰী বাংলো!

সাংসদ পদ খাৰিজৰ পিছত এইবাৰ মহুৱাই হেৰুৱাব পাৰে চৰকাৰী বাংলো!

সাংসদ পদ খাৰিজ হোৱাৰ পিছত এইবাৰ চৰকাৰী আৱাস গৃহ হেৰুৱাব পাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰাই। সূত্ৰ অনুসৰি তেওঁক কিছুদিনৰ ভিতৰত সাংসদ বাংলোৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। জানিব পৰা মতে, লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে বিশেষ কোটাৰ অধীনত মহুৱাক সাংসদ বাংলো আবণ্টন কৰা হৈছিল। কিন্তু যোৱা সপ্তাহত সাংসদ পদ খাৰিজ হোৱাৰ পিছত তৃণমূলৰ নেত্ৰীগৰাকীয়ে হয়তো বাংলো খালী কৰিব লাগিব পাৰে। সংসদত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত নৈতিকতা সমিতিৰ পৰামৰ্শ মতে তৃণমূলৰ মাহুৱাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হয়। যোৱা শুকুৰবাৰে তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অৱশ্যে…
Read More
সবৰীমালা মন্দিৰত প্ৰচণ্ড ভিৰ! ঢলি পৰি মৃত্যু ১১ বছৰীয়া কিশোৰীৰ

সবৰীমালা মন্দিৰত প্ৰচণ্ড ভিৰ! ঢলি পৰি মৃত্যু ১১ বছৰীয়া কিশোৰীৰ

সবৰীমালা মন্দিৰত ভক্তৰ প্ৰচণ্ড ঠেলা হেচাত মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী কিশোৰীয়ে। শুকুৰবাৰে নিশাৰ পৰাই কেৰালাৰ এই মন্দিৰত বৃহৎ সংখ্যক লোকৰ সমাগম হ’বলৈ আৰম্ভ কৰে। কিন্তু ভিৰ নিয়ন্ত্ৰণৰ বাবে কোনো পৰ্যাপ্ত ব্যৱস্থা নাছিল। স্বাভাৱিকতে হুলস্থুল আৰম্ভ হয়। যাৰ বাবে এঘাৰ বছৰীয়া ছোৱালীজনী শাৰীত থিয় হৈ অসুস্থ হৈ পৰে। শনিবাৰে নিশা চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে, মৃত কিশোৰীগৰাকী তামিলনাডুৰ চেলেমৰ বাসিন্দা। তিনি বছৰ বয়সৰ পৰাই তেওঁ হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল। শনিবাৰে নিশালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰক্ষী আৰু দেৱস্বম ব’ৰ্ড কৰ্তৃপক্ষই। যাৰ বাবে তীৰ্থযাত্ৰীসকলে বহু সময় (১৮ ঘণ্টালৈকে) শাৰী পাতি থিয় হ’বলগীয়া হয়। ফলত অধৈৰ্য্যতাৰ বাবে বহু লোকে ঠেলি ঠেলি…
Read More
মুখ্যমন্ত্ৰীৰ গুণ্ডাই মোক শাৰীৰিক নিগ্ৰহৰ চেষ্টা চলাইছেঃ কেৰালাৰ ৰাজ্যপালৰ বিস্ফোৰক অভিযোগ

মুখ্যমন্ত্ৰীৰ গুণ্ডাই মোক শাৰীৰিক নিগ্ৰহৰ চেষ্টা চলাইছেঃ কেৰালাৰ ৰাজ্যপালৰ বিস্ফোৰক অভিযোগ

শাৰীৰিক নিগ্ৰহৰ চেষ্টা চলাইছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে। সোমবাৰে ৰাজ্যপালৰ কনভয়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এছ এফ আইৰ কৰ্মীৰ বিৰুদ্ধে। ইয়াৰ পিছতে ক্ষুব্ধ ৰাজ্যপালগৰাকীয়ে তিৰুৱনন্তপুৰমলৈ যোৱাৰ পথত মুখ্যমন্ত্ৰীৰ গুণ্ডাই শক্তি দেখুৱাইছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে তিৰুৱনন্তপুৰমত ৰাজ্যপালক ক’লা পতাকা দেখুৱাই এছ এফ আইৰ কৰ্মীসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। সোমবাৰে কেৰালাৰ ৰাজ্যপাল তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ গৈ দিল্লীলৈ বিমান ধৰিবলৈ গৈছিল। সেই সময়ত এছ এফ আই সমৰ্থকে তেওঁৰ গাড়ীখন ঘেৰাও কৰি ক’লা পতাকাৰে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। লগতে গাড়ীৰো ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যপালৰ কনভয়ত তিনিবাৰকৈ আক্ৰমণ কৰা বুলি জানিব…
Read More
‘মুখত এতিয়া মোৰ গালি ফুটিব…’ হঠাৎ কিয় খং উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

‘মুখত এতিয়া মোৰ গালি ফুটিব…’ হঠাৎ কিয় খং উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

কালি সোমবাৰে উচ্চতম ন্যায়ালয়ে ভাৰত চৰকাৰৰ ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক সমৰ্থন কৰে। আদালতৰ সিদ্ধান্তৰ দিনটোত জম্মু-কাশ্মীৰ সম্পূৰ্ণ হাই এলাৰ্টত আছিল। এই সময়ছোৱাত জম্মু-কাশ্মীৰৰ আঞ্চলিক নেতাসকলক গৃহবন্দী কৰি ৰখাৰ খবৰ আহিছিল। পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী মেহবুবা মুফটিক গৃহবন্দী কৰি ৰখাৰ দাবীৰ পিছতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ এই মন্তব্য আৰু তেওঁ গৃহবন্দীৰ কথা সম্পূৰ্ণৰূপে নাকচ কৰে। ইয়াৰ পিছত নিশা ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, য’ত তেওঁ নিজৰ ঘৰৰ এটা অংশৰ পৰা চিঞৰি ওলাই আহি সংবাদ মাধ্যমৰ সৈতে কথা পতা দেখা গ’ল। ওমৰ আব্দুল্লাই কয় যে এল জি চাহেব, জম্মু-কাশ্মীৰ পুলিচে মিছা কথা…
Read More
যেন চিনেমাৰ কাহিনী! হত্যাৰ অপৰাধত কাৰাবন্দী যুৱক, অৱশেষত আইনৰ শিক্ষা লৈ নিজকে সাব্যস্ত কৰিলে দোষমুক্ত…

যেন চিনেমাৰ কাহিনী! হত্যাৰ অপৰাধত কাৰাবন্দী যুৱক, অৱশেষত আইনৰ শিক্ষা লৈ নিজকে সাব্যস্ত কৰিলে দোষমুক্ত…

ঠিক যেনেকৈ বলীউডৰ জনপ্ৰিয় চিনেমাৰ চিত্ৰনাট্য। মাত্ৰ ১৮ বছৰ বয়সতে দুজন কনিষ্টবলক হত্যা কৰি ৰাইফল লুট কৰাৰ অপৰাধত জেললৈ যাবলগীয়া হৈছিল। তেওঁৰ ‘আলিবি’ আছিল অনস্বীকাৰ্য। কিন্তু ইয়াক আওকাণ কৰা হ’ল, আদালতত প্ৰমাণ কৰিব পৰা নগ’ল। কিন্তু যুৱক অমিত চৌধুৰীয়ে নকৰা অপৰাধৰ বাবে কাৰাদণ্ড মানি ল’ব পৰা নাছিল। তেওঁ বুজি পাইছিল যে এই অন্ধকাৰ জীৱনৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ’ল ‘জ্ঞানৰ পোহৰ’। সেই জ্ঞানৰ আলোক হৈছে আইনৰ জ্ঞান। তাৰ পিছত কাৰাগাৰৰ কুঠৰীৰ পৰাই অমিতে আৰম্ভ কৰিছিল মুক্তিৰ আলোকৰ সন্ধান। অৱশেষত ১২ বছৰৰ পাছত তেওঁ স্বাধীনতা বিচাৰিলে। অমিত পোহৰলৈ ঘূৰি আহিল। যদিও ১২টা বহুমূলীয়া জীৱন ঘূৰাই নাপাব, তথাপিও আজি অমিত মুক্ত।…
Read More
সংসদৰ সদস্যপদ বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ মহুৱা মৈত্ৰা…

সংসদৰ সদস্যপদ বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ মহুৱা মৈত্ৰা…

তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰাই সংসদৰ নিজৰ সদস্যপদ বাতিলৰ পিছতে দাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ। তেওঁক বহিস্কাৰ কৰাৰ কৰ্তৃত্ব নৈতিকতা সমিতিৰ নাছিল বুলি যুক্তি দাঙি ধৰি ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা ধন লোৱাৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাই বুলি দাবী কৰিছে মহুৱাই। লগতে মৈত্ৰাই হিৰণানন্দনী আৰু তেওঁৰ প্ৰাক্তন সংগী জয় অনন্ত দেহাদ্ৰাইক ক্ৰছ-একজামিনেচন কৰিবলৈ নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰে। মৈত্ৰাক অপসাৰণৰ বাবে পেনেলৰ পৰামৰ্শ হিৰণানন্দনীৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছিল য’ত তেওঁ আদানী গোটক লক্ষ্য কৰি প্ৰশ্ন কৰিবলৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল। মৈত্ৰাই নিজৰ পক্ষ ৰক্ষা কৰি কয় যে তেওঁ নিজৰ কৰ্মচাৰীসকলক পৰ্টেলত তেওঁলোকৰ প্ৰশ্ন টাইপ কৰাত সহায় কৰিবলৈ লগ ইন…
Read More
কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা! ‘ৰাহুল গান্ধী কিয় নিমাত?’- প্ৰশ্ন অমিত শ্বাহৰ

কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা! ‘ৰাহুল গান্ধী কিয় নিমাত?’- প্ৰশ্ন অমিত শ্বাহৰ

কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ সাহুৰ সৈতে জড়িত একাধিক গোপন স্থানত আয়কৰ বিভাগে চলোৱা অভিযানত উদ্ধাৰ হৈছে কোটি কোটি টকা। ইফালে নগদ ধন লাভৰ সন্দৰ্ভত ইণ্ডিয়া মিত্ৰজোঁটৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয়, ‘স্বাধীনতাৰ পিছত কোনো দলৰ সাংসদৰ ঘৰৰ পৰা ইমান বৃহৎ পৰিমাণৰ নগদ ধন জব্দ নহ’লহেঁতেন৷ সাংসদগৰাকীৰ ঘৰত শ শ কোটি টকাৰ নগদ ধন উদ্ধাৰ হৈছে। এই দুৰ্নীতিৰ ওপৰত সমগ্ৰ ইণ্ডিয়া মিত্ৰজোঁট নিমাত। তেখেতৰ সহযোগীসকলক ক'ব বিচাৰিছো যে কংগ্ৰেছৰ মৌনতা বুজিব পৰা কাৰণ তেওঁলোকৰ স্বভাৱটোৱেই দুৰ্নীতি, কিন্তু টিএমচি, জেডিইউ, ডিএমকে, এছপিকে ধৰি এই দলসমূহ মৌন হৈ বহি আছে। কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা…
Read More
৩৭০ অনুচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দান, জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ..

৩৭০ অনুচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দান, জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ..

৩৭০ অনুচ্ছেদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। আদালতে কয় যে যুদ্ধৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩৭০ অনুচ্ছেদৰ ব্যৱস্থা কৰা হৈছে। এয়া অস্থায়ী আৰু ইয়াক সলনি কৰিব পৰা যাব। শুদ্ধ পদ্ধতিৰে কেন্দ্ৰীয় চৰকাৰে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জম্মু-কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। ভাৰতৰ সংবিধানৰ ১ আৰু ৩৭০ অনুচ্ছেদৰ পৰা এই কথা স্পষ্ট। উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰক জম্মু-কাশ্মীৰৰ ৰাজ্যিক অৱস্থা পুনৰ ঘূৰাই আনিবলৈ নিৰ্দেশ দিছে। সহজ ভাষাত ক’বলৈ গ’লে কেন্দ্ৰীয় চৰকাৰে ৩৭০ ধাৰা আঁতৰোৱাৰ সিদ্ধান্তক বৈধ বুলি বিবেচনা কৰিছে আদালতে। এই বিশেষ মৰ্যাদা বিলুপ্ত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বুলি…
Read More