ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

কিশোৰী ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত বিজেপি সাংসদ, ২৫ বছৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

কিশোৰী ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত বিজেপি সাংসদ, ২৫ বছৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

এগৰাকী কিশোৰীৰ ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত শাসকীয় বিজেপিৰ এজন সাংসদক ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে আদালতে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰ আদালতে শুকুৰবাৰে দুধী সমষ্টিৰ সাংসদ ৰামদুলাৰ গণ্ডক এই কাৰাদণ্ডৰ শাস্তিৰ নিৰ্দেশ দিয়ে। এই শাস্তিৰ বাবে ৰামদুলাৰে এতিয়া সাংসদ পদো হেৰুৱাব পাৰে। ৰামদুলাৰৰ বিৰুদ্ধে ২০১৪ চনত নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। মেয়ৰপুৰ গাঁৱৰ কিশোৰীগৰাকীয়ে পথাৰলৈ যোৱাৰ সময়তে ৰামদুলাৰে নিৰ্যাতন চলাইছিল কিশোৰীগৰাকীক। সেই সময়ত ৰামদুলাৰ গণ্ড সাংসদ হোৱা নাছিল। কিন্তু তেওঁৰ পত্নী সেই সময়ত গাঁৱৰ মুখীয়াল আছিল। প্ৰথমে POCSO আদালতত গোচৰটো আহিল। কিন্তু ৰামদুলাৰ বিজেপিৰ সাংসদ হোৱাৰ পিছত গোচৰটো সাংসদ-বিধায়ক আদালতলৈ হস্তান্তৰ কৰা হয়। সেই ঘটনাত দোষী সাব্যস্ত হোৱা ৰামদুলাৰক শাস্তি দিয়াৰ…
Read More
নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! চলন্ত বাছত গণধৰ্ষণ যুৱতীক, এজনক গ্ৰেপ্তাৰ

নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! চলন্ত বাছত গণধৰ্ষণ যুৱতীক, এজনক গ্ৰেপ্তাৰ

১১ বছৰ পূৰ্বে সংঘটিত নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি ঘটিল যেন পুনৰ এবাৰ। দিল্লীত সংঘটিত নিৰ্ভয়া গণধৰ্ষণ কাণ্ডৰ দৰেই এইবাৰো চলন্ত বাছৰ ভিতৰত গণধৰ্ষণ চলোৱা হ’ল এগৰাকী যুৱতীক। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ৯ ডিচেম্বৰৰ নিশা উত্তৰ প্ৰদেশৰ পৰা জয়পুৰ অভিমুখে ৰাওনা হৈছিল বাছখন। সেই বাছখনত কানপুৰৰ পৰা জয়পুৰলৈ গৈ আছিল এগৰাকী ২০ বছৰীয়া দলিত যুৱতী। গভীৰ নিশা চলন্ত বাছখনৰ চালকসকলে আন যাত্ৰীসকল শুই থকা অৱস্থাত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত আৰিফ আৰু ললিতে কেবিনৰ ভিতৰতে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায়। ভুক্তভোগীৰ চিঞৰ-বাখৰত যাত্ৰীসকল সাৰ পাই উঠিল। লগে লগে কেবিনলৈ লৰালৰিকৈ গৈ আৰিফক কৰায়ত্ব কৰে।…
Read More
সংসদৰ বাহিৰত নিজৰ শৰীৰত জুই জ্বলাই আত্মজাহৰ পৰিকল্পনা কৰিছিল অভিযুক্ত সাগৰে! জেৰাত ফাদিল ভয়ংকৰ তথ্য

সংসদৰ বাহিৰত নিজৰ শৰীৰত জুই জ্বলাই আত্মজাহৰ পৰিকল্পনা কৰিছিল অভিযুক্ত সাগৰে! জেৰাত ফাদিল ভয়ংকৰ তথ্য

সংসদত স্মোক বোমা আক্ৰমণৰ ঘটনাত অব্যাহত আছে অভিযুক্তৰ জেৰা। এই অভিযুক্তসকলৰ জেৰাৰ সময়তো বহু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি অভিযুক্ত সাগৰে জেৰাৰ সময়ত কয় যে পূৰ্বে তেওঁ সংসদৰ বাহিৰত নিজকে জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু জেল ক্ৰীম ক্ৰয় কৰাৰ বাবে অনলাইন পেমেণ্ট কৰিব নোৱাৰাৰ বাবে তেওঁ এই পৰিকল্পনা বাদ দিবলগীয়া হৈছিল। তদন্তকাৰী সংস্থাসমূহৰ সৈতে জড়িত সূত্ৰসমূহে জনোৱা মতে, লক্ষ্ণৌৰ বাসিন্দা অভিযুক্ত সাগৰ শৰ্মাই জেৰাৰ সময়ত আৰক্ষীক জনাইছিল যে পূৰ্বে তেওঁৰ পৰিকল্পনা আন কিবা আছিল। এই পৰিকল্পনাৰ জৰিয়তে সাগৰে সংসদৰ বাহিৰত নিজকে জুই লগাব লাগিছিল যদিও পিছলৈ এই পৰিকল্পনা পৰিত্যাগ কৰা হ’ল। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ আগত সাগৰে লগতে কয়…
Read More
নিবনুৱা সমস্যাৰ বাবেই সংসদত সংঘটিত হৈছিল স্মোক এটেকঃ মন্তব্য ৰাহুল গান্ধীৰ

নিবনুৱা সমস্যাৰ বাবেই সংসদত সংঘটিত হৈছিল স্মোক এটেকঃ মন্তব্য ৰাহুল গান্ধীৰ

নিবনুৱা সমস্যাৰ কাৰণেই বুধবাৰে সংসদত সংঘটিত হৈছিল স্মোক আক্ৰমণৰ ঘটনা। এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে কেৱল নিবনুৱা সমস্যাৰ বাবেই যুৱকসকলে সংসদত আক্ৰমণ চলাইছিল। তেওঁ কয় যে মুদ্ৰাস্ফীতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে। চৰকাৰৰ নীতিৰ বাবেই এই ঘটনা ঘটিছিল। ভাৰতীয় সংসদত শীতকালীন অধিৱেশন চলি আছে আৰু ইফালে ১৩ ডিচেম্বৰত দুজন যুৱকে ভিতৰত প্ৰৱেশ কৰি তাৰ পিছত সমগ্ৰ কমপ্লেক্সত হালধীয়া ধোঁৱা বিয়পাইছিল। আনকি ধোঁৱাৰ আক্ৰমণত আতংকিত হৈ পৰিছিল সাংসদসকল। বহুতে এই বিষাক্ত ধোঁৱা ওলাইছে বুলি চিঞৰ-বাখৰ কৰা শুনা গৈছিল। অৱশ্যে তেনেকুৱা নাছিল। সংসদত এই আক্ৰমণৰ পিছত ৮ গৰাকী নিৰাপত্তাৰক্ষীক নিলম্বন কৰা হৈছে। এতিয়া সংসদৰ নিৰাপত্তা ভংগৰ ঘটনাৰ…
Read More
সংৰক্ষিত হ’ল ধোনীৰ ৭ নম্বৰ জাৰ্চি! এতিয়াৰে পৰা আন কোনো খেলুৱৈয়ে জাৰ্চিৰ বাবে লাভ নকৰিব এই নম্বৰ

সংৰক্ষিত হ’ল ধোনীৰ ৭ নম্বৰ জাৰ্চি! এতিয়াৰে পৰা আন কোনো খেলুৱৈয়ে জাৰ্চিৰ বাবে লাভ নকৰিব এই নম্বৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ৭ নম্বৰ জাৰ্চিটোক অৱসৰ প্ৰদানৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে। ইয়াৰ ফলত এতিয়াৰে পৰা কোনো অভেষককাৰী খেলুৱৈ বা বৰ্তমানৰ খেলুৱৈয়ে বাছনি কৰিব নোৱাৰিব এই নম্বৰৰ জাৰ্চিটো। ক্ৰিকেট খেলত ধোনীৰ উল্লেখযোগ্য অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে দেখা এই পদক্ষেপে অনুৰাগীৰ প্ৰতিক্ৰিয়া লাভ কৰিছে। একাংশই ইয়াক এক মৰ্মস্পৰ্শী সিদ্ধান্ত হিচাপেও গণ্য কৰিছে। ক্ৰিকেট ব’ৰ্ডে লোৱা এই সিদ্ধান্তই ২০১৭ চনত ভাৰতীয় ক্ৰিকেটত শচীন টেণ্ডুলকাৰৰ প্ৰভাৱক সন্মান জনাই অৱসৰ লোৱাৰ একেধৰণৰ পদক্ষেপৰে পুনৰাবৃত্তি কৰিছে। ফলত খেলুৱৈসকলৰ হাতত এতিয়া ৭ আৰু ১০ বাদ দি ১ৰ পৰা ১০০লৈকে জাৰ্চি নম্বৰৰ পৰিসৰ থাকিব। ‘যুৱ খেলুৱৈ আৰু বৰ্তমানৰ ভাৰতীয় দলৰ খেলুৱৈসকলক…
Read More
২০২৪ত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব মোদীঃ অমিত শ্বাহে কৰিলে ভৱিষ্যদ্বাণী

২০২৪ত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব মোদীঃ অমিত শ্বাহে কৰিলে ভৱিষ্যদ্বাণী

৩ ৰাজ্যত জয়লাভ কৰি প্ৰবল আত্মবিশ্বাসী হৈ আছে বিজেপি। বিজেপি এতিয়া নিশ্চিত যে অহা বছৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডী পুনৰ প্ৰধানমন্ত্ৰী হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই উচ্চস্বৰত দাবী কৰি কয়, "ইণ্ডিয়া মিত্ৰতাত নতুন একো নাই। ২৪ত পুনৰ প্ৰধানমন্ত্ৰী হ’ব মোডী।” অহা সপ্তাহত দিল্লীত অনুষ্ঠিত হ’ব ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক। ঐক্যবদ্ধ বিৰোধীয়ে এতিয়া বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে। কিন্তু শ্বাহে কয় এই মিত্ৰতাত নতুন একো নাই। তেওঁৰ মতে মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, হিমাচল প্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, কৰ্ণাটক আদি ৰাজ্যত কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰত্যক্ষ যুঁজ হ’ব। বিহাৰ, মহাৰাষ্ট্ৰ, তামিলনাডুৰ দৰে ৰাজ্যত বিৰোধী মিত্ৰজোঁটে বিজেপি মিত্ৰজোঁটৰ সৈতে যুঁজ দিছে। বাকী ৰাজ্যসমূহৰ…
Read More
সাংসদৰ নিলম্বন অৰ্থাৎ গণতন্ত্ৰৰ নিলম্বনঃ ১৫ গৰাকী সাংসদৰ নিলম্বনক লৈ প্ৰতিক্ৰিয়া মল্লিকাৰ্জুন খাৰ্গেৰ

সাংসদৰ নিলম্বন অৰ্থাৎ গণতন্ত্ৰৰ নিলম্বনঃ ১৫ গৰাকী সাংসদৰ নিলম্বনক লৈ প্ৰতিক্ৰিয়া মল্লিকাৰ্জুন খাৰ্গেৰ

সংসদৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভুল হোৱাৰ বিষয়টোক লৈ বৃহস্পতিবাৰে দুয়োটা সদনত হুলস্থুলৰ সৃষ্টি কৰে বিৰোধী দলৰ সাংসদসকলে। ইয়াৰ পিছতে লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ১৫ জন সাংসদক অধ্যক্ষ অৱমাননাৰ বাবে চলিত সংসদ অধিৱেশনৰ পৰা নিলম্বন কৰা হয়। এতিয়া কংগ্ৰেছে এই কাৰ্যক লৈ চোকা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে বিৰোধী দলৰ সাংসদক সংসদৰ পৰা নিলম্বন কৰাটো গণতন্ত্ৰৰ নিলম্বন। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি কয় যে বিৰোধী সাংসদক নিলম্বন কৰাটো গণতন্ত্ৰ নিলম্বনৰ সমতুল্য। তেওঁ প্ৰশ্ন কৰে যে সাংসদসকলৰ অপৰাধ কি? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সদনত বক্তব্য দিবলৈ অনুৰোধ কৰাটো অপৰাধ নেকি? নিৰাপত্তা ভংগৰ বিষয়ে আলোচনা কৰাটো অপৰাধ নেকি?…
Read More
জন্মদিনৰ দিনাই ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ভজনলাল শৰ্মাই…

জন্মদিনৰ দিনাই ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ভজনলাল শৰ্মাই…

শুকুৰবাৰে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভজনলাল শৰ্মাই। ঐতিহাসিক এলবাৰ্ট হলৰ বাহিৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাও উপস্থিত থাকিব। ৰাজ্যপাল কলৰাজ মিশ্ৰই মুখ্যমন্ত্ৰী হিচাপে ভজন লাল শৰ্মাক শপত প্ৰদান কৰিব। ইয়াৰ উপৰিও কেবিনেট সদস্য হিচাপে শপত গ্ৰহণ কৰিব দিয়া কুমাৰী আৰু প্ৰেমচান্দ বাইৰৱাই। দলৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এই অনুষ্ঠানৰ বাবে কেন্দ্ৰীয় নেতা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, মঙলবাৰে বিজেপি বিধানসভা দলৰ বৈঠক অনুষ্ঠিত হৈছিল, য’ত ভজনলাল শৰ্মা বিধানসভা দলৰ নেতা নিৰ্বাচিত হৈছিল। দলৰ হৈ বিধায়ক দিয়া কুমাৰী আৰু প্ৰেম চান্দ বাইৰৱাক উপ-মুখ্যমন্ত্ৰী আৰু…
Read More
বিদায় বসুন্ধৰা! ৰাজস্থানত বিধানসভালৈ প্ৰথমবাৰ নিৰ্বাচিত হৈয়ে মুখ্যমন্ত্ৰী হ’ল ভজনলাল শৰ্মা

বিদায় বসুন্ধৰা! ৰাজস্থানত বিধানসভালৈ প্ৰথমবাৰ নিৰ্বাচিত হৈয়ে মুখ্যমন্ত্ৰী হ’ল ভজনলাল শৰ্মা

ছত্তীশগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং, মধ্যপ্ৰদেশৰ বিদায়ী মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক ‘ট্ৰিম’ কৰাৰ পিছত বিজেপি হাইকমাণ্ডেও ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজৰ কাৰ্যকালৰো অন্ত পেলায়। মঙলবাৰে জয়পুৰৰ চৰ্দাৰ পেটেল মাৰ্গত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ নৱ বিজয়ী বিধায়কৰ বৈঠকত তিনিজন কেন্দ্ৰীয় পৰ্যবেক্ষকে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা ব্ৰাহ্মণ নেতা ভজনলাল শৰ্মাৰ নাম নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এইবাৰ তেওঁ প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে! জয়পুৰৰ সংগন বিধানসভাৰ পৰা ৫৬ বছৰীয়া ভজনলালে প্ৰথমবাৰৰ বাবে জয়লাভ কৰে। দলৰ ভিতৰতে তেওঁক ‘সংঘৰ নিকট’ বুলি জনা যায়। ভজনলালৰ লগতে বিজেপিয়ে ছত্তীশগড়ত দুজন উপ-মুখ্যমন্ত্ৰী আৰু ৰাজস্থানতো মধ্যপ্ৰদেশৰ মডেল বাছনি কৰিছে। প্ৰথমজন আছিল জয়পুৰ ৰাজপৰিয়ালৰ…
Read More
প্ৰেমত ব্যৰ্থ হৈ যুৱকে আত্মহত্যা কৰিলে প্ৰেমিকাৰ বিৰুদ্ধে ৰুজু কৰিব নোৱাৰি গোচৰঃ উচ্চ ন্যায়ালয়ৰ ৰায়…

প্ৰেমত ব্যৰ্থ হৈ যুৱকে আত্মহত্যা কৰিলে প্ৰেমিকাৰ বিৰুদ্ধে ৰুজু কৰিব নোৱাৰি গোচৰঃ উচ্চ ন্যায়ালয়ৰ ৰায়…

কোনো প্ৰেমিকে যদি প্ৰেমত ব্যৰ্থ হৈ আত্মহননৰ পথ বাছি লয়, তেন্তে প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাত সহযোগ কৰাৰ গোচৰ ৰুজু কৰিব নোৱাৰিব। শেহতীয়া এটা গোচৰৰ পৰিপ্ৰেক্ষিতত ছত্তীশগড় উচ্চ ন্যায়ালয়ে এনে নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়াধীশ পাৰ্থপ্ৰতীম সৌৰ একক বিচাৰপীঠে কয়, “কোনো পৰীক্ষাত বেয়া ফলাফলৰ বাবে যদি কোনো শিক্ষা্ৰ্থীয়ে আত্মহত্যা কৰে, তেন্তে গোচৰ খাৰিজ কৰা হয়। তাৰ বাবে শিক্ষাৰ্থীজনৰ শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰি।" সেই তুলনা কৰি আদালতে কয় যে এজন যুৱকে যদি প্ৰেমত ব্যৰ্থ হৈ আত্মহত্যা কৰে, তেন্তে প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাত উচটনি দিয়াৰ গোচৰ ৰুজু কৰিব নোৱাৰি। চলিত বৰ্ষৰ ২৩ জানুৱাৰীত ছত্তীশগড়ৰ এজন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হয়। তদন্তই তিনিজন ব্যক্তিৰ ফালে সন্দেহৰ…
Read More