23
Dec
২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পৰাস্ত কৰি আমেঠিৰ পৰা সাংসদ নিৰ্বাচিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ঈৰাণী পুনৰ এবাৰ সৰৱ হৈ পৰিছে কংগ্ৰেছৰ বিৰুদ্ধে। সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপিৰ সাংসদ স্মৃতি ঈৰাণীয়ে অভিযোগ কৰে যে গান্ধী পৰিয়ালে ‘ঔদ্যোগীকৰণ’ৰ নামত আমেঠিৰ কৃষক আৰু অন্যান্য লোকৰ পৰা মাটি দখল কৰিছিল। তেওঁ কয় যে সংখ্যালঘু ছাত্ৰীৰ বাবে ব্যৱহাৰ কৰিবলগীয়া মাটি এটুকুৰা গান্ধী পৰিয়ালে এটা কাৰ্যালয়ৰ বাবে দখল কৰিছিল। স্মৃতি ঈৰাণীয়ে কয় যে মোক আচলতে বিশ্বাস কৰিব পাৰিব বুলি মানুহক পতিয়ন নিয়াবলৈ মোৰ কিছু সময় লাগিছিল। গান্ধী পৰিয়ালে ৰাইজৰ পৰা নিজৰ মাটি লুটি লৈছিল। সংসদত এই কথা…
