ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিলেও লোকসভা নিৰ্বাচনত ময়েই জয়ী হ’মঃ শশী থাৰুৰ

মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিলেও লোকসভা নিৰ্বাচনত ময়েই জয়ী হ’মঃ শশী থাৰুৰ

কংগ্ৰেছ নেতা শশী থাৰুৰে মঙলবাৰে কয় যে ২০২৪ চনত তিৰুৱনন্তপুৰম লোকসভাৰ আসনৰ পৰা চতুৰ্থবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু, যিটো তেওঁৰ শেষ আসন হ’ব পাৰে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে যুঁজিবলগীয়া হ’লেও যিকোনো ক্ষেত্ৰতে তেওঁ জয়ী হ’ব। থাৰুৰে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত টিভি চেনেলৰ ডিবেটত অংশগ্ৰহণ কৰি এই কথা কয়। তেওঁ কয়, ‘মই ইয়াৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু, কিন্তু চূড়ান্ত সিদ্ধান্ত দলে ল’ব আৰু মোক কোৱা হ’লে কৰিম। এইটোৱেই হ’ব মোৰ লোকসভালৈ শেষ প্ৰতিদ্বন্দ্বিতা।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিৰুৱনন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সন্দৰ্ভত থাৰুৰে কয়, ‘মোদীয়ে মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ’লেও মই জয়ী হ’ম।’ থাৰুৰে লগতে কয়, ‘মই…
Read More
দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, নতুনকৈ আক্ৰান্ত…

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, নতুনকৈ আক্ৰান্ত…

দেশত পুনৰ এবাৰ বৃদ্ধি পাইছে কোভিডৰ আতংক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এটা দিনত ৬২৮ জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনা মহামাৰীত। ইয়াৰ লগে লগে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪০৫৪ লৈ বৃদ্ধি পাইছে। সোমবাৰৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত কেৰালাৰ পৰা এজন নতুনকৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ পিছত কোভিডত মৃত্যু ঘটা ৰোগীৰ সংখ্যা ৫.৩৩ লাখলৈ বৃদ্ধি পাইছে। বৰ্তমান দেশত কোভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪.৫০ কোটি। স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪.৪৪ কোটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ। ৰোগীৰ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি ২২০.৬৭…
Read More
মই দেশদ্ৰোহী হয়নে নহয় সেয়া ভগৱানে বিচাৰ কৰিবঃ সংসদ আক্ৰমণক লৈ প্ৰতিক্ৰিয়া বিজেপি সাংসদ প্ৰতাপ সিমহাৰ

মই দেশদ্ৰোহী হয়নে নহয় সেয়া ভগৱানে বিচাৰ কৰিবঃ সংসদ আক্ৰমণক লৈ প্ৰতিক্ৰিয়া বিজেপি সাংসদ প্ৰতাপ সিমহাৰ

সংসদৰ নিৰাপত্তাৰ ত্ৰুটিক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত অব্যাহত আছে মতানৈক্য। এই বিষয়ত কংগ্ৰেছে বিজেপিক অহৰহ আক্ৰমণ চলাই আছে। কংগ্ৰেছে বিজেপি লোকসভাৰ সদস্য প্ৰতাপ সিমহাক লক্ষ্য কৰি প্ৰশ্নৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে কয় যে কিয় বিজেপি সাংসদ প্ৰতাপ সিমহাই কোৱা নাই যে তেওঁ কেনেকৈ দুজন অনুপ্ৰৱেশকাৰীক সংসদত প্ৰৱেশৰ ব্যৱস্থা কৰিলে। এই বিষয়ত দেওবাৰে বিজেপি সাংসদ প্ৰতাপ সিমহাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আগন্তুক লোকসভা নিৰ্বাচনত জনসাধাৰণে সিদ্ধান্ত ল’ব যে তেওঁ দেশপ্ৰেমিক নে দেশদ্ৰোহী। সিমহাই কয় যে তেওঁ এই বিষয়টো ভগৱান আৰু তেওঁৰ অনুৰাগীৰ ওপৰত এৰি দিছে, গতিকে এতিয়া তেওঁলোকেহে সিদ্ধান্ত ল’ব যে তেওঁ দেশদ্ৰোহী নে দেশপ্ৰেমিক। সাংসদগৰাকীয়ে…
Read More
EVM হেক কৰাটো সম্ভৱ, অতি শীঘ্ৰে মই সকলো ৰাজহুৱাভাৱে উদঙাই দিমঃ ছেম পিট্ৰ’ডা

EVM হেক কৰাটো সম্ভৱ, অতি শীঘ্ৰে মই সকলো ৰাজহুৱাভাৱে উদঙাই দিমঃ ছেম পিট্ৰ’ডা

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ঘনিষ্ঠ হিচাপে পৰিচিত অভাৰচীজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিট্ৰ’ডাই ইলেক্ট্ৰনিক ভোটিং মেছিন চমুকৈ ইভিএম সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে তেওঁ অতি শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সৈতে ইভিএমৰ প্ৰকৃত ৰহস্য উদঙাই দিব। দৰাচলতে ৰাজীৱ গান্ধীৰ বন্ধু তথা দেশৰ তথ্য বিপ্লৱৰ জনক হিচাপে পৰিচিত ছেম পিট্ৰ’ডা ওৰফে সত্যনাৰায়ণ বিশ্বকর্মা ইউ পি এ চৰকাৰৰ জ্ঞান আয়োগৰ অধ্যক্ষও আছিল৷ তেওঁ কয় যে এটা দলৰ সুবিধা অনুসৰি ইভিএম নিয়ন্ত্ৰণ কৰিব পাৰি। ইভিএম হেক কৰাটোও সম্ভৱ বুলি মন্তব্য কৰে পিট্ৰ’ডাই। ছেম পিট্ৰ’ডাই কয় যে বৰ্তমান ভাৰতত ব্যৱহাৰ হৈ থকা ইভিএম মেচিনটো কোনো ষ্টেণ্ড এল’ন মেচিন নহয়। সমস্যাটো আৰম্ভ হৈছিল যেতিয়া VVPAT মেচিন EVM…
Read More
নৱবৰ্ষৰ পূৰ্বে পুনৰ কোভিডৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক লোক, মৃত্যু ৪ জনৰ

নৱবৰ্ষৰ পূৰ্বে পুনৰ কোভিডৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক লোক, মৃত্যু ৪ জনৰ

বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে পুনৰ এবাৰ দেশত আতংকৰ সৃষ্টি কৰিছে কোৰোনাই। মাৰাত্মক ভাইৰাছ JN.1 ৰ এটা নতুন উপ-ভেৰিয়েণ্টে শংকিত কৰিছে সকলোকে। শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে যোৱা ২৪ ঘন্টাত দেশত ৭০০ৰো অধিক লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি এদিনতে ৭৫২ জন লোক কোভিডত আক্ৰান্ত হৈছে। চলিত বৰ্ষৰ ২১ মে’ৰ পিছত দৈনিক এই সংক্ৰমণ সৰ্বাধিক। শুকুৰবাৰৰ প্ৰতিবেদন অনুসৰি এদিনতে আক্ৰান্তৰ সংখ্যা আছিল ৬৪০ জন। কোৱা বাহুল্য যে যোৱা ২৪ ঘণ্টাত এই সংখ্যা বৃদ্ধি পাইছে। আৰু ইয়াৰ বাবেই সক্ৰিয় ৰোগীৰ সংখ্যা ৩৪২০ লৈ বৃদ্ধি পালে। এই ভাইৰাছৰ ফলত এদিনতে চাৰিজন লোকক প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ১৭খন ৰাজ্যই…
Read More
মাত্ৰ ৬০০ টকাতে দখল ৩০ একৰ মাটি দখল কৰিছিল গান্ধী পৰিয়ালেঃ বিস্ফোৰক অভিযোগ স্মৃতি ঈৰাণীৰ

মাত্ৰ ৬০০ টকাতে দখল ৩০ একৰ মাটি দখল কৰিছিল গান্ধী পৰিয়ালেঃ বিস্ফোৰক অভিযোগ স্মৃতি ঈৰাণীৰ

২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পৰাস্ত কৰি আমেঠিৰ পৰা সাংসদ নিৰ্বাচিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ঈৰাণী পুনৰ এবাৰ সৰৱ হৈ পৰিছে কংগ্ৰেছৰ বিৰুদ্ধে। সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপিৰ সাংসদ স্মৃতি ঈৰাণীয়ে অভিযোগ কৰে যে গান্ধী পৰিয়ালে ‘ঔদ্যোগীকৰণ’ৰ নামত আমেঠিৰ কৃষক আৰু অন্যান্য লোকৰ পৰা মাটি দখল কৰিছিল। তেওঁ কয় যে সংখ্যালঘু ছাত্ৰীৰ বাবে ব্যৱহাৰ কৰিবলগীয়া মাটি এটুকুৰা গান্ধী পৰিয়ালে এটা কাৰ্যালয়ৰ বাবে দখল কৰিছিল। স্মৃতি ঈৰাণীয়ে কয় যে মোক আচলতে বিশ্বাস কৰিব পাৰিব বুলি মানুহক পতিয়ন নিয়াবলৈ মোৰ কিছু সময় লাগিছিল। গান্ধী পৰিয়ালে ৰাইজৰ পৰা নিজৰ মাটি লুটি লৈছিল। সংসদত এই কথা…
Read More
চীনত প্ৰবল ভূমিকম্পৰ সংহাৰ! এতিয়ালৈকে ১৪৮ জনৰ মৃত্যু, কেইবা শতাধিক আহত

চীনত প্ৰবল ভূমিকম্পৰ সংহাৰ! এতিয়ালৈকে ১৪৮ জনৰ মৃত্যু, কেইবা শতাধিক আহত

উত্তৰ-পশ্চিম চীনক জোকাৰি যোৱা ৬.২ ৰিখটাৰ স্কেলৰ প্ৰবল ভূমিকম্পত গানছু প্ৰদেশত মৃত্যুৰ সংখ্যা ১১৭ জনলৈ বৃদ্ধি পাইছে। ইফালে কিংহাই প্ৰদেশত হোৱা মৃত্যুকে ধৰি দুয়োখন প্ৰদেশত মুঠ মৃত্যুৰ সংখ্যা ১৪৮ জনলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে পুৱা ৮ বজালৈকে ভূমিকম্পৰ ফলত গানছুত ৭৮১ জন লোক আহত হোৱা বুলি প্ৰাদেশিক ভূমিকম্প সাহায্য মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰিছে। ছিনহুয়া সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি গানছুত আক্ৰান্ত বাসিন্দাসকলৰ বাবে মুঠ ৩১১টা অস্থায়ী শিৱিৰ স্থাপন কৰা হৈছে, আৰু শুকুৰবাৰে দুপৰীয়ালৈকে ১১২,৩৪৬ জন লোকক স্থানান্তৰ কৰা হৈছে। এতিয়ালৈকে চিকিৎসা কৰি ৪৯৯ জন ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে, আনহাতে ২৮২ জন লোক চিকিৎসালয়ত আছে। ইয়াৰে ১৭ জনৰ অৱস্থা সংকটজনক…
Read More
ঝাৰখণ্ডত ৰে’ল লাইনত মাওবাদীৰ আক্ৰমণ, ব্যাহত ৰে’ল চলাচল

ঝাৰখণ্ডত ৰে’ল লাইনত মাওবাদীৰ আক্ৰমণ, ব্যাহত ৰে’ল চলাচল

পুনৰ ঝাৰখণ্ডত সংঘটিত মাওবাদীৰ আক্ৰমণৰ ঘটনা। এইবাৰ ৰে’ল লাইন উৰুৱাই দিলে মাওবাদীয়ে। যাৰ ফলত হাওৰা-মুম্বাই শাখাৰ ৰে’লৰ চলাচল ব্যাহত হৈ পৰে। ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত মাওবাদীয়ে গ’ইলকেৰা আৰু প’ছাইটা ষ্টেচনৰ মাজৰ ৰে’লপথৰ এটা অংশ বিস্ফোৰণ ঘটায়। সেই সময়ত ১৮০৩০ শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছ সেই পথেৰে যোৱাৰ কথা আছিল। কিন্তু তাৰ আগতেই ৰে’ল পথটো চাইড লাইনৰ কাষেৰে পাৰ হৈ যোৱা মালবাহী ট্ৰেইনখনৰ চালক আৰু কো-পাইলটে লক্ষ্য কৰে আৰু লগে লগে গ’ইলকেৰা আৰু পছাইটা ষ্টেচন অধীক্ষকক সতৰ্ক কৰি দিয়ে। এই খবৰ পোৱাৰ পিছতে শালীমাৰ-কুৰ্লা আপ এক্সপ্ৰেছক গয়লকেৰা ষ্টেচনত ৰখাই দিয়া হয়। ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলকো অৱগত কৰা…
Read More
পুনৰ ৰক্তাক্ত কাশ্মীৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৩ জোৱান

পুনৰ ৰক্তাক্ত কাশ্মীৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৩ জোৱান

পুনৰ ভূস্বৰ্গ কাশ্মীৰত সংঘটিত হ’ল সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। বৃহস্পতিবাৰে পুঞ্চত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হয় ৩ গৰাকী ভাৰতীয় সেনাৰ জোৱান। জানিব পৰা মতে, পুঞ্চত সন্ত্ৰাসবাদীয়ে হঠাতে সেনাৰ ট্ৰাকত গুলীচালনা কৰে। এই গুলীবৰ্ষণত গুৰুতৰভাৱে আহত জোৱানক উদ্ধাৰৰ বাবে বিশেষ বাহিনী প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে তিনি গৰাকী জোৱানৰ। মন কৰিবলগীয়া যে ২০১৯ চনত পুলৱামা আক্ৰমণত ৪০ জন লোক শ্বহীদ হৈছিল। সেনাৰ সূত্ৰ অনুসৰি পুঞ্চৰ ডেৰা কী গলি অঞ্চলত বুধবাৰে নিশাৰ পৰা সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ আৰম্ভ হয়। বৃহস্পতিবাৰে বিয়লি সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে সেনাবাহিনীৰ দুখন ট্ৰাকত গুলীচালনা আৰম্ভ কৰে। আহত জোৱানসকলৰ লগত যোগাযোগ কৰাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিল। অৱশেষত বহু চেষ্টাৰ অন্তত…
Read More
সংসদত আক্ৰমণৰ সময়ত পলায়ন কৰিছিল বিজেপিৰ সাংসদ, আজিৰ নিবনুৱাই সময় পাৰ কৰিবলৈ ব্যস্ত আছে ইনষ্টা-ফেচবুকতঃ ৰাহুল গান্ধী

সংসদত আক্ৰমণৰ সময়ত পলায়ন কৰিছিল বিজেপিৰ সাংসদ, আজিৰ নিবনুৱাই সময় পাৰ কৰিবলৈ ব্যস্ত আছে ইনষ্টা-ফেচবুকতঃ ৰাহুল গান্ধী

সংসদত সাংসদ নিলম্বনৰ বিৰোধিতা কৰি আজি যন্তৰ মন্তৰত উপস্থিত হয় ইণ্ডিয়া মিত্ৰজোঁট। কংগ্ৰেছ, এনচিপি, টিএমচি, সমাজবাদী পাৰ্টিকে ধৰি সকলো দলৰ নেতাই এই প্ৰতিবাদত যোগদান কৰিছে। সাংসদৰ নিলম্বনৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে ১৫০ জন সাংসদক নিলম্বন কৰাটো কেৱল তেওঁলোকৰ অপমান নহয় বৰঞ্চ জনসাধাৰণৰ অপমানহে। সংসদত স্মোক এটেক সন্দৰ্ভত ৰাহুলে কয় যে যেতিয়া অনুপ্ৰৱেশ সংঘটিত হৈছিল তেতিয়া বিজেপিৰ সাংসদে পলায়ন কৰিছিল। যুৱক-যুৱতীসকল আজি সংস্থাপনহীন হৈ পৰিছে আৰু সেয়েহে তেওঁলোকে ইনষ্টা-ফেচবুকত সময় পাৰ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰত যুৱক-যুৱতীসকলে ৭.৫ ঘন্টা সময় নিজৰ ফোন আৰু ছ’চিয়েল মিডিয়াত কটায়, কাৰণ তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা…
Read More