ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মূৰত কোটিটকীয়া স্বৰ্ণ পাদুকা লৈ ১৩০০ কিলোমিটাৰ খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা কলিযুগৰ ‘ভৰত’ৰ

মূৰত কোটিটকীয়া স্বৰ্ণ পাদুকা লৈ ১৩০০ কিলোমিটাৰ খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা কলিযুগৰ ‘ভৰত’ৰ

ৰামায়ণত বনবাসত থকা শ্ৰী ৰামচন্দ্ৰৰ পাদুকা লৈ সিংহাসনত বহিছিল ভাতৃ ভৰত। এইবাৰ কলিযুগত চৰ্চালৈ আহিছে আন এগৰাকী ভৰতৰ। অহা ২২ জানুৱাৰীত অযোধ্যাত মহা উলহ মালহেৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হব ৰাম মন্দিৰৰ। আৰু তাৰ ঠিক পূৰ্বে চৰ্চালৈ আহিছে ৰামচন্দ্ৰৰ স্বৰ্ণ পাদুকা মূৰত লৈ অযোধ্যালৈ ৰাওনা হোৱা কলিযুগৰ ভৰত শ্ৰীনিবাস শাস্ত্ৰীৰ কথা। হায়দৰাবাদৰ চৰলাৰ নিবাসী শ্ৰীনিবাস শাস্ত্ৰীয়ে কোটি টকা মূল্যৰ স্বৰ্ণ পাদুকা মূৰত লৈ ইতিমধ্যে আৰম্ভ কৰিছে যাত্ৰা। ২৮ ডিচেম্বৰত অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাবৰী জিলাৰ বেদুৰপাকা নামৰ এখন গাঁৱৰ পৰা ২০ গৰাকী ৰামভক্তৰ সৈতে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰা শাস্ত্ৰীয়ে ১৩০০ কিলোমিটাৰৰ যাত্ৰা সম্পূৰ্ণ কৰি ১৩ জানুৱাৰীত অযোধ্যাত উপস্থিত হোৱাৰ পৰিকল্পনা কৰিছে। মূৰত…
Read More
মৃত্যুৰ পিছত পুনৰ জনমৰ আশাৰে শ্ৰীলংকাত আত্মহত্যা ধৰ্মগুৰুসহ ৭ জনৰ

মৃত্যুৰ পিছত পুনৰ জনমৰ আশাৰে শ্ৰীলংকাত আত্মহত্যা ধৰ্মগুৰুসহ ৭ জনৰ

মৃত্যুৰ পিছত পুনৰ লভিৱ পাৰি মনুষ্য জীৱন। এই অন্ধ বিশ্বাসৰে বলি হৈ শ্ৰীলংকাত এজন ধৰ্মগুৰুসহ ৭ জন লোকে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃ্ত্যুৰ তদন্তৰ পিছত আৰক্ষীয়ে দাবী কৰা মতে, শীঘ্ৰে পুনৰ জনম লাভৰ মানসেৰেই আত্মহত্যা কৰে আটাইকেইজনে। নিহত সকলৰ ভিতৰত আছে তিনিটা শিশুও। প্ৰাথমিক তদন্ত অনুসৰি, ৪৭ বৰ্ষীয় বৌদ্ধ ধৰ্মগুৰু ৰুৱন প্ৰসন্ন গুণাৰত্নেয়ে প্ৰায়ে তেওঁৰ ধৰ্মসভাত পুনৰ জনমৰ কথা কৈ আহিছিল। শ্ৰীলংকাৰ বিভিন্ন প্ৰান্তত ভুলকৈ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ চলাই অহাৰ অভিযোগ উঠিছিল গুণাৰত্নেয়ে। তেওঁ তেওঁৰ ধৰ্মধ্বনিত দাবী কৰিছিল যে আত্মহত্যাৰ পিছত অতি সোনকালে মনুষ্য জীৱন লাভ কৰিব পাৰি। আৰক্ষীৰ দাবী অনুসৰি, গুণাৰত্নেয়ে প্ৰথমে কেমিকেল লেবত কাম কৰিছিল যদিও পিছত…
Read More
যোগী ৰাজ্যৰ কাৰাগাৰত লাইভ দেখুওৱা হ’ব ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান, নিৰ্দেশনা জাৰি চৰকাৰৰ

যোগী ৰাজ্যৰ কাৰাগাৰত লাইভ দেখুওৱা হ’ব ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান, নিৰ্দেশনা জাৰি চৰকাৰৰ

আৰু মাত্ৰ কেইটামান দিন। ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ অভিষেক। সেইদিনা সমগ্ৰ দেশেই সাক্ষী হ’ব ৰাম মন্দিৰৰ অভিষেকৰ। উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছে যে সেইদিনা ৰাজ্যৰ সকলো কাৰাগাৰতে এই মুহূৰ্তটো লাইভ প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে সকলো জেল অধীক্ষকক এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। ৰাম মন্দিৰৰ অভিষেকক লৈ তেওঁলোকৰ জেলত ‘লাইভ’ দেখুৱাবলৈ ব্যৱস্থা কৰিব লাগে বুলি জনোৱা হৈছে। যোগী ৰাজ্যৰ কাৰাগাৰ আৰু গৃহৰক্ষী ৰাজ্যিক মন্ত্ৰী ধৰমবীৰ প্ৰজাপতিয়ে কয় যে এই ঐতিহাসিক মুহূৰ্তটোৰ সাক্ষী হোৱাটো সকলো কয়দীৰ বাবে গুৰুত্বপূৰ্ণ। গতিকে এই সিদ্ধান্ত লোৱা হৈছে। ইফালে ২২ জানুৱাৰীত ৰাম মন্দিৰ মুকলিৰ সজ্জা অযোধ্যাত পূৰ্ণগতিত চলি আছে। দূৰ-দূৰণিৰ পৰা অনুৰাগী গোট খাবলৈ আৰম্ভ কৰিছে…
Read More
২ কোটি টকাত বিক্ৰী কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ১৫ হাজাৰ টকীয়া পৈত্তৃক সম্পত্তি

২ কোটি টকাত বিক্ৰী কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ১৫ হাজাৰ টকীয়া পৈত্তৃক সম্পত্তি

নিলামত ২ কোটি টকাত বিক্ৰী হ’ল কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ এটুকুৰা পৈত্তৃক ভূমি। শুকুৰবাৰে ১৫ হাজাৰ ৪৪০ টকা দামৰ পৰা আৰম্ভ হোৱা নিলামত এগৰাকী প্ৰাক্তন শিৱ সেনাৰ নেতাই ক্ৰয় কৰে ডাউদ ইব্ৰাহিমৰ পৈত্তৃক কৃষিভূমি টুকুৰা। কুখ্যাত গেংষ্টাৰজনৰ পৰিয়ালৰ ৪টা সম্পত্তিৰ শুকুৰবাৰে নিলাম কৰে স্মাগলাৰ্ছ এণ্ড ফৰেইন এক্সচেঞ্জ ম্যানিপুলেটৰ্ছ (ফৰ ফিচাৰ অব প্রপার্টি) অথৰিটিয়ে। অৱশ্যে নিলামত উঠা দুটা সম্পত্তিৰ বাবে কোনো আগবাঢ়ি নহাৰ বিপৰীতে ৰত্নাগিৰি জিলাৰ মুম্বাই গাঁৱৰ প্ৰায় ১৭০ বৰ্গমিটাৰৰ কৃষিভূমি টুকুৰা ক্ৰয় কৰে এগৰাকী প্ৰাক্তন শিৱসেনাৰ নেতাই। আনহাতে আনটুকুৰা ১,৭৩০ বৰ্গমিটাৰৰ কৃষিভূমি নিলামত বিক্ৰী হয় ৩ লাখ ২৮ হাজাৰ টকাত। শিৱ সেনাৰ প্ৰাক্তন নেতাগৰাকীয়ে ইমান বৃহৎ মূল্যত কৰা ডাউদৰ…
Read More
প্ৰধানমন্ত্ৰীয়ে লক্ষদ্বীপ যাব পাৰে, কিন্তু মণিপুৰলৈ যাব নোৱাৰেঃ মল্লিকাৰ্জুন খৰ্গে

প্ৰধানমন্ত্ৰীয়ে লক্ষদ্বীপ যাব পাৰে, কিন্তু মণিপুৰলৈ যাব নোৱাৰেঃ মল্লিকাৰ্জুন খৰ্গে

আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ল'গ' আৰু শ্লোগান উন্মোচন কৰে। এই সময়ছোৱাত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ উপৰিও দলৰ নেতা আৰু ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশ আৰু কে চি বেনুগোপাল উপস্থিত থাকে। খৰ্গেয়ে কয় যে ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি পাইছে আৰু জাতিগত লোকপিয়ল চলি থকা নাই। খৰ্গেয়ে কয় যে যাত্ৰাৰ সময়ত কংগ্ৰেছ দলে এই দুয়োটা বিষয় উত্থাপন কৰিব। কংগ্ৰেছে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা, নাগৰিক সমাজ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক এই যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। খৰ্গেয়ে কয় যে আমি যাত্ৰা পিছুৱাই দিব লগা হ’ল কাৰণ আমাৰ কোনো বাহিৰলৈ ওলাই অহাৰ পথ…
Read More
মই কোনো দুৰ্নীতি কৰা নাই! গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ…

মই কোনো দুৰ্নীতি কৰা নাই! গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ…

মূৰৰ ওপৰত ওলমি ৰৈছে গ্ৰেপ্তাৰৰ তৰোৱাল। ভয়ত ত্ৰস্তমান তেওঁৰ গোটেই দলটো। কিন্তু অৰবিন্দ কেজৰিৱাল নিজৰ স্থিতিৰ প্ৰতি অটল। তেওঁৰ স্পষ্ট কথা, "মই কোনো দুৰ্নীতি কৰা নাই। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোৰ সততাক কলংকিত কৰিব বিচাৰিছে।" ইডিয়ে ইতিমধ্যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু সাংসদ সঞ্জয় সিঙক। আন এজন মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰত তালাচী চলোৱা হয়। ইণ্ডিয়া মিত্ৰজোঁটৰ কাৰ্যকলাপৰ মাজতে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনাই আপৰ ভিতৰত আলোড়নৰ সৃষ্টি কৰিছে। অৱশ্যে কেজৰিৱালে কয়, ‘মই কোনো দুৰ্নীতি কৰা নাই। দুৰ্নীতি হ’লে সেই কোটি কোটি টকা ক’লৈ গ’ল?” আপ ছুপ্ৰেমোৱে কয়, "মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ল মোৰ…
Read More
ইচ্ছা অনুসৰি কৰিব নোৱাৰিব চমন! উচ্চ ন্যায়ালয়লৈ বিশেষ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

ইচ্ছা অনুসৰি কৰিব নোৱাৰিব চমন! উচ্চ ন্যায়ালয়লৈ বিশেষ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

আদালতৰ ন্যায়াধীশসকলে গোচৰৰ প্ৰয়োজনীয়তাৰ বাবে চৰকাৰী বিষয়াসকলক প্ৰায়ে মাতি আনে। অৱশ্যে এইবাৰ উচ্চ ন্যায়ালয়ে চৰকাৰী বিষয়াক ইচ্ছামতে মাতিব নোৱাৰিব। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বিশেষ নিৰ্দেশনা প্ৰদান কৰে। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে নিৰ্দেশনা জাৰি কৰিছে। গাইডলাইনত উল্লেখ আছে যে যদি কোনো শপতনামা বা নথি ব্যৱহাৰ কৰা হয়, তেন্তে শাৰীৰিক চমন কৰিব নোৱাৰিব। আদালতে অনুভৱ কৰে যে প্ৰদান কৰা প্ৰমাণ পৰ্যাপ্ত নহয়। যদি প্ৰমাণ দমন কৰাৰ চেষ্টা হয়, তেন্তে চৰকাৰী বিষয়াজনক চমন কৰিব পাৰিব। যদিহে বিষয়াজনে দিয়া শপতনামা আৰু আদালতৰ পৰ্যবেক্ষণৰ মিল নাথাকে তেন্তে সেই ভিত্তিত বিষয়াজনক মাতিব নোৱাৰিব। যদি…
Read More
‘অব কী বাৰ ৪০০ পাৰ’! লোকসভা নিৰ্বাচনত নতুন শ্লোগান লৈ এইবাৰ বিজেপিৰ ৰণনীতি

‘অব কী বাৰ ৪০০ পাৰ’! লোকসভা নিৰ্বাচনত নতুন শ্লোগান লৈ এইবাৰ বিজেপিৰ ৰণনীতি

'তিছৰী বাৰ মোডী চৰকাৰ, অব কী বাৰ ৪০০ পাৰ।' ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ এই শ্লোগান। মঙলবাৰে এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। এনে দাবী এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ। মঙলবাৰৰ বৈঠকত উপস্থিত থাকে বিজেপিৰ সভাপতি জে পি নাড্ডা। দুঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ভূপেন্দ্ৰ যাদৱ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদি উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত দলটোৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ‘অব কী বাৰ ৪০০ পাৰ’ শ্লোগানেৰে বিজেপিয়ে আগবাঢ়ি যাব বিচাৰে। প্ৰসংগক্ৰমে যোৱা ডিচেম্বৰ মাহত জনা গৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ নেতাসকলৰ বৈঠক আৰম্ভ…
Read More
কিয় বাতিল কৰা হ’ল মহুৱা মৈত্ৰাৰ সাংসদ পদ? লোকসভা সচিবালয়লৈ জাননী উচ্চতম ন্যায়ালায়ৰ

কিয় বাতিল কৰা হ’ল মহুৱা মৈত্ৰাৰ সাংসদ পদ? লোকসভা সচিবালয়লৈ জাননী উচ্চতম ন্যায়ালায়ৰ

সাংসদ পদ বাতিল সন্দৰ্ভত মহুৱা মৈত্ৰাই দাখিল কৰা গোচৰত উচ্চতম ন্যায়ালয়ে লোকসভা সচিবালয়লৈ জাননী প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ে জানিব বিচাৰিছে যে মহুৱাৰ সাংসদ পদ কিয় বাতিল কৰা হ’ল। সচিবালয়ক ৩ সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কোৱা হৈছে। ১১ মাৰ্চৰ পিছত এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। লোকসভাত কৃষ্ণনগৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে ধনৰ বিনিময়ত প্ৰশ্নৰ অভিযোগ উত্থাপন হৈছিল। নৈতিকতা সমিতিৰ এই প্ৰস্তাৱৰ পিছতে তৃণমূল সাংসদগৰাকীক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হয়। আনকি তেওঁক নিজৰ পক্ষ ৰাখিবলৈও সংসদত সুযোগ প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়। ইয়াৰ পিছতে মহুৱাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। যোৱা মাহত মহুৱাই গোচৰৰ শীঘ্ৰে শুনানি গ্ৰহণৰ বাবেও…
Read More
বছৰৰ আৰম্ভণিতে সীমা-শচীনলৈ ভাল খবৰঃ পুনৰ মাক হ’বলৈ ওলাইছে পাক কন্যা সীমা হায়দাৰ…

বছৰৰ আৰম্ভণিতে সীমা-শচীনলৈ ভাল খবৰঃ পুনৰ মাক হ’বলৈ ওলাইছে পাক কন্যা সীমা হায়দাৰ…

পুনৰ এবাৰ মাতৃ হ’বলৈ ওলাইছে সীমা হায়দৰ। ভাৰতীয় যুৱক শচীনৰ প্ৰেমৰ পৰি যোৱা বছৰৰ জুন মাহত পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল সীমা হায়দৰ। এতিয়া নতুন বছৰৰ আৰম্ভণিতে শচীন-সীমালৈ আহিছে ভাল খবৰ। এইবাৰ শচীনৰ সন্তানৰ মাতৃ হ’বলৈ ওলাইছে পাকিস্তানী কন্যা সীমা। উল্লেখ্য যে, সীমাৰ প্ৰথম স্বামীৰ ফালৰ পৰা তেওঁৰ চাৰিটা সন্তান আছে। উল্লেখ্য যে, পাব-জি মোবাইল গেমৰ জৰিয়তে শচীনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল পাকিস্তানৰ সীমাৰ। ইয়াৰ পিছতে নেপাল হৈ প্ৰেমিক শচীনক লগ কৰিবলৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল তেওঁ। লগত লৈ আহিছিল পূৰ্বৰ স্বামীৰ ৪ সন্তানকো। উল্লেখ্য যে, সীমাৰ ডাঙৰজনী কন্যাৰ বয়স হৈছে ৮ বছৰ। উল্লেখ্য যে যোৱা ৪ জুলাইত অবৈধভাৱে ভাৰতত…
Read More