ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

কংগ্ৰেছ ছিজনেল হিন্দু! ৰাম মন্দিৰৰ উদ্বোধনৰ নিমন্ত্ৰণ নাকচ কৰাৰ পিছতে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

কংগ্ৰেছ ছিজনেল হিন্দু! ৰাম মন্দিৰৰ উদ্বোধনৰ নিমন্ত্ৰণ নাকচ কৰাৰ পিছতে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰি বিজেপিৰ ৰাডাৰত কংগ্ৰেছ। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিঙে বিৰোধী দলটোক আক্ৰমণ কৰি কয় যে কংগ্ৰেছীসকল ঋতুভিত্তিক হিন্দু। অযোধ্যালৈ যাবলৈ তেওঁলোকৰ শক্তি নাই। জৱাহৰলাল নেহৰুৰ পিছত কংগ্ৰেছৰ কোনো লোক অযোধ্যালৈ যোৱা নাই। উল্লেখ্য যে, ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধন অনুষ্ঠানৰ বাবে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী আৰু সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে নিমন্ত্ৰণ লাভ কৰিছিল যদিও তেওঁলোকে নাকচ কৰে। কংগ্ৰেছে কয় যে মন্দিৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হোৱা নাই, সেয়েহে বিজেপিয়ে প্ৰথমে উদ্বোধন কৰি নিৰ্বাচনী সুবিধা লাভৰ চেষ্টা কৰিছে। কংগ্ৰেছৰ এক বিবৃতি অনুসৰি ছোনিয়া গান্ধী, দলৰ মুৰব্বী…
Read More
মৰ্মান্তিক! শুই থাকোতেই নিশা বাসগৃহত অগ্নিকাণ্ড, শ্বাস বন্ধ হৈ ৫ শিশুৰ কৰুণ মৃত্যু

মৰ্মান্তিক! শুই থাকোতেই নিশা বাসগৃহত অগ্নিকাণ্ড, শ্বাস বন্ধ হৈ ৫ শিশুৰ কৰুণ মৃত্যু

নিশা শুই থকা সময়তে ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত ধোঁৱাৰ বাবে উশাহ বন্ধ হৈ বিচনাতে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল পাঁচটি শিশুৱে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত। আৰক্ষীৰ তথ্য অনুসৰি, যোৱা সোমবাৰে নিশা ঘৰটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ভিতৰত শুই আছিল ৭ জন লোকে। কিন্তু ধোঁৱাই সমগ্ৰ ঘৰটো বেঢ়ি ধৰাৰ ফলত ৫ টি শিশুৰ মৃত্যু ঘটে। ইফালে পিছদিনা ৰাতিপুৱা ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখি ওচৰ-চুবুৰীয়াৰ সন্দেহ জাগে। তাৰ পিছতে দুৱাৰ ভাঙি ঘৰৰ ভিতৰত সোমোৱাত দুজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি সেই ঘৰৰ মালিক আছিল ৰহিজুদ্দিন। দুৰ্ঘটনাত ৰহিজুদ্দিনৰ তিনি শিশুৰ লগতে তেওঁৰ আত্মীয়ৰ…
Read More
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰম্ভ কৰাত অনুমতি নিদিলে মণিপুৰ চৰকাৰে, ক’ৰ পৰা আৰম্ভ হ’ব যাত্ৰা?

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰম্ভ কৰাত অনুমতি নিদিলে মণিপুৰ চৰকাৰে, ক’ৰ পৰা আৰম্ভ হ’ব যাত্ৰা?

মণিপুৰত কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰাৰ অনুমতি নাই। এন বীৰেণ সিঙৰ চৰকাৰে ইম্ফলৰ পেলেচ খেলপথাৰত এই যাত্ৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। এনে পৰিস্থিতিত উত্থাপিত হোৱা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ৰাহুল গান্ধীয়ে এতিয়া এই যাত্ৰা ক’ৰ পৰা আৰম্ভ কৰিব? কংগ্ৰেছে মণিপুৰ চৰকাৰৰ এই সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। উল্লেখ্য যে, ১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ লগা আছিল ভাৰত জোড়ো ন্যায় যাত্ৰা। ইফালে, মণিপুৰ চৰকাৰে অনুমতি নিদিয়াৰ সন্দৰ্ভত কে চি বেনুগোপালে কয় যে মণিপুৰ চৰকাৰৰ এই সিদ্ধান্ত দুৰ্ভাগ্যজনক। 'এসপ্তাহ পূৰ্বে মণিপুৰ কংগ্ৰেছৰ সভাপতিয়ে মুখ্য সচিবক অনুমতি বিচাৰি এখন পত্ৰ দিছিল। ৫ দিনৰ পিছত সিদ্ধান্ত ল’ম বুলি কৈছিল আৰু ৩ দিনৰ আগতে…
Read More
‘মই নিৰ্বাচন নেখেলো…’! ৰাজনীতিৰ পৰা অৱসৰক লৈ কি ক’লে শৰদ পাৱাৰে

‘মই নিৰ্বাচন নেখেলো…’! ৰাজনীতিৰ পৰা অৱসৰক লৈ কি ক’লে শৰদ পাৱাৰে

ৰাজনীতিৰ পৰা অৱসৰক লৈ চলি থকা জল্পনা কল্পনাৰ মাজতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য এন চি পিৰ নেতা শৰদ পাৱাৰৰ। তেওঁ কয় যে মোৰ ৰাজ্যসভাৰ কাৰ্যকাল ডেৰ-দুবছৰ বাকী আছে। তেতিয়ালৈকে মোক সেৱা কৰিবলৈ দিয়ক। ইয়াৰ পিছত মই কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো। শৰদ পাৱাৰৰ এই বক্তব্য অজিত পাৱাৰৰ সেই বক্তব্যৰ পিছত আহিছে, য’ত তেওঁ তেওঁক বয়সৰ ওপৰত সমালোচনা কৰিছিল। অজিত পাৱাৰে কৈছিল যে বয়সৰ এই পৰ্যায়ত তেওঁ ঘৰতে বহি কেতিয়া অৱসৰ ল’ব নাজানে। অজিত পাৱাৰৰ এই বক্তব্যক প্ৰতিহত কৰি এই বক্তব্য দিছে শৰদ পাৱাৰে। তেওঁ কয় যে অজিত পাৱাৰে মোৰ বয়সৰ সন্দৰ্ভত বাৰে বাৰে বক্তব্য দিয়ে। ৰাজ্যসভাত মোৰ ডেৰ-দুবছৰ বাকী আছে। তেতিয়ালৈকে…
Read More
নৃশংস! ৪ বছৰীয়া পুত্ৰক হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই গোৱাৰ পৰা কৰ্ণাটক পালে মাতৃ, গ্ৰেপ্তাৰ

নৃশংস! ৪ বছৰীয়া পুত্ৰক হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই গোৱাৰ পৰা কৰ্ণাটক পালে মাতৃ, গ্ৰেপ্তাৰ

মমতাময়ী মাতৃৰ কাহিনীয়ে কুটিল পৃথিৱীতো শান্তিৰ বা বলাই আহিছে শতিকা শতিকা ধৰি। কিন্তু এই পৃথিৱীতে এনে মাতৃও আছে, যাৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সন্তানে। তেনে এগৰাকী পাষাণ মাতৃৰ কাহিনীয়ে শেহতীয়াকৈ স্তম্ভিত কৰি তুলিছে সমগ্ৰ দেশবাসীক। নিজৰ পেটৰ সন্তানটোকে কচাইৰ দৰে হত্যা কৰি মাতৃত্বৰ এক ভূলণ্ঠিত দেখুৱালে সূচনা ছেঠে। গোৱাত সংঘটিত এই ঘটনাই সমগ্ৰ ভাৰতত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। উল্লেখ্য যে, হত্যাকাৰী মাতৃগৰাকী বেংগালুৰুৰ এটা আৰ্টিফিচিয়েল ইনটেলিজেন্স ষ্টাৰ্ট আপ কোম্পানীৰ চিইঅ’। আৰক্ষীৰ সূত্ৰ অনুসৰি, স্বামীৰ প্ৰতি থকা ঘৃণাৰ বাবেই পুত্ৰক নিৰ্মমভাৱে হত্যা কৰে ছুটকেছত মৃতদেহ ভৰাই গোৱা এৰিছিল সূচনা ছেঠে। জানিব পৰা মতে, স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত অনাকাংক্ষিতভাৱে পুত্ৰৰ দায়িত্ব…
Read More
ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীক অৰ্জন বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীক অৰ্জন বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

আই চি চি পুৰুষৰ বিশ্বকাপ ২০২৩ত কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰা ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীক মঙলবাৰে অৰ্জুন বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক অনুষ্ঠানৰ সময়ত তেওঁক এই বঁটা প্ৰদান কৰে। ২০২৩ বৰ্ষত ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শনৰ বাবে এই সন্মানীয় বঁটা লাভ কৰা আন খেলুৱৈ কেইগৰাকী হৈছে- ওজাছ প্ৰবীণ দেওতালে- আৰ্চাৰীঅদিতি গোপীচান্দ স্বামী- আৰ্চাৰীশ্ৰীশংকৰ এম- এথলেটিকছপৰুল চৌধুৰী- এথলেটিকছহম্মদ হুছামুদ্দিন- বক্সিংআৰ বৈশালি- ডবাঅনুষ আগৰৱালা - অশ্বাৰোহীদিব্যকৃত সিং- অশ্বাৰোহীড্ৰেছেজ দীক্ষা দাগৰ- গলফকৃষ্ণ বাহাদুৰ পাঠক- হকীপোখৰম্বন সুশিলা চানু- হকীপৱন কুমাৰ- কাবাডিঋতু নেগী- কাবাডিনাছৰীন- খো খোপিংকি- লন ব’লঐশ্বৰী প্ৰতাপ সিং তোমৰ- শ্বুটিংএশা সিং- শ্বুটিংহৰিন্দৰ পাল সিং সন্ধু- স্কোয়াছআয়হিতা মুখাৰ্জী-…
Read More
অভিনেতা যশৰ জন্মদিন উদযাপন কৰিবলৈ গৈ অকাল মৃত্যু ৩ অনুৰাগী যুৱকৰ

অভিনেতা যশৰ জন্মদিন উদযাপন কৰিবলৈ গৈ অকাল মৃত্যু ৩ অনুৰাগী যুৱকৰ

দক্ষিণৰ তাৰকা যশৰ জন্মদিনৰ উদযাপনৰ কৰিবলৈ গৈ মৃত্যুক সাৱটিবলগীয়া হ’ল তিনি অনুৰাগী যুৱকে। কৰ্ণাটকত সংঘটিত এই ঘটনাই মৰ্মাহত কৰিছে সকলোকে। সোমবাৰে ৩৯ বছৰত ভৰি দিয়ে তাৰকা অভিনেতাগৰাকীয়ে। চুপাৰহিট ছবি 'কেজিএফ’ৰ নায়ক যশৰ জন্মদিনক লৈ সমগ্ৰ কৰ্ণাটকতে অনুৰাগীসকলৰ মাজত দেখা যায় ব্যাপক উচ্ছ্বাস। কিন্তু তাৰ মাজতে ৰাজ্যখনৰ গোদাগ জিলাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। য’ত প্ৰিয় নায়কৰ জন্মদিন উদযাপনৰ প্ৰাকক্ষণত প্ৰাণ হেৰুৱাবলগীয়া হয় তিনি যুৱকে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অঞ্চলটোৰ তিনি যুৱক ক্ৰমে মুৰুলী, নবীন আৰু হনুমন্তই প্ৰিয় তাৰকা যশৰ জন্মদিন উপলক্ষ্যে নিৰ্মাণ কৰিছিল এখন বেনাৰ। সোমবাৰে পুৱা সেই বেনাৰখন আঁৰিবলৈ লোৱাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় তিনিওজন যুৱক। যাৰ ফলত তিনিওজন অনুৰাগীৰ ঘটনাস্থলীতে…
Read More
বিলকিছ বানো গোচৰত গুজৰাট চৰকাৰক কঠোৰ সমালোচনা উচ্চতম ন্যায়ালয়ে, ক’লে- এয়া ক্ষমতাৰ অপব্যৱহাৰ

বিলকিছ বানো গোচৰত গুজৰাট চৰকাৰক কঠোৰ সমালোচনা উচ্চতম ন্যায়ালয়ে, ক’লে- এয়া ক্ষমতাৰ অপব্যৱহাৰ

বিলকিছ বানো গোচৰত বিজেপি শাসিত গুজৰাট চৰকাৰক লৈ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। সোমবাৰে উচ্চতম ন্যায়ালয়ে ১১ জন দোষীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত বাতিল কৰে। ন্যায়ালয়ে দোষীক মুকলি কৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্যখনৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে। আদালতে গুজৰাট চৰকাৰৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। উচ্চতম ন্যায়ালয়ে কয় যে ম্যাদ উকলি যোৱাৰ পূৰ্বে ধৰ্ষণকাৰীক মুকলি কৰি দিয়াৰ কোনো আইনী অধিকাৰ গুজৰাট চৰকাৰৰ নাই। আদালতৰ মতে, এই গোচৰত ক্ষমতা দখল আৰু অপব্যৱহাৰ হৈছে। ন্যায়াধীশসকলে লগতে কয় যে বিলকিছৰ গোচৰ আৰু শাস্তি মহাৰাষ্ট্ৰত ঘোষণা কৰা হৈছে। সেই ক্ষেত্ৰত অপৰাধীক মুকলি কৰি দিয়াৰ অধিকাৰ কেৱল মহাৰাষ্ট্ৰ চৰকাৰৰ। শুনানিৰ পিছত…
Read More
ফোন কৰি এনেকৈ কৰা হৈছিল প্ৰৱঞ্চনাৰ চেষ্টা, যুৱতীৰ বুদ্ধিমত্তাই কৰিলে বিফল…

ফোন কৰি এনেকৈ কৰা হৈছিল প্ৰৱঞ্চনাৰ চেষ্টা, যুৱতীৰ বুদ্ধিমত্তাই কৰিলে বিফল…

দেশত বাঢ়িছে অনলাইন জালিয়াতিৰ গোচৰ। এটা মাত্ৰ ভুৱা ফোন কলে নিমিষতে খালী কৰিব পাৰে গ্ৰাহকৰ বেংক একাউণ্ট। ইতিমধ্যেই অনলাইন প্ৰৱঞ্চকৰ বলি হৈ সৰ্বস্ৰান্ত হৈছে বহু লোক। কিন্তু এইবাৰ প্ৰৱঞ্চনাৰ বলি নহয়, বৰং নিজৰ বুদ্ধিমত্তাৰে প্ৰৱঞ্চকৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হ’ল মুম্বাইৰ এগৰাকী যুৱতীয়ে। তাৰ পিছতে সামাজিক মাধ্যমত নিজৰ এই ভয়ংকৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰি ইউপিআই ভুৱা কলৰ পৰা আনকো সাৱধান হ’বলৈ সকিয়াই দিয়ে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীয়ে লিখিছে, "অ' মাই গড, শেহতীয়াকৈ এজনে মোক ইউপিআইৰ জৰিয়তে প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰিছিল।" তেওঁ কয় যে এজন ব্যক্তিয়ে তেওঁক ফোন কৰি কয় যে তেওঁৰ পিতৃয়ে ব্যক্তিজনক তেওঁৰ নম্বৰটো আছিল। ব্যক্তিজনে কয় যে যুৱতীগৰাকীৰ পিতৃক তেওঁ…
Read More
আকাশ মাৰ্গতে খুলি পৰিল যাত্ৰীবাহী বিমানৰ দুৱাৰ, যাত্ৰীৰ মাজত হাহাকাৰ

আকাশ মাৰ্গতে খুলি পৰিল যাত্ৰীবাহী বিমানৰ দুৱাৰ, যাত্ৰীৰ মাজত হাহাকাৰ

বিমান বন্দৰৰ পৰা উৰা মৰাৰ কেইমিনিটমানৰ পিছতে বিমানৰ পৰা বিচ্ছিন্ন হৈ পৰিল বিমানৰ এখন দুৱাৰ। ইয়াৰ পিছতে তীব্ৰ আতংকই বিৰাজ কৰে যাত্ৰীসকলৰ মাজত। আলাস্কা এয়াৰলাইন্সে নিজৰ এক্স হেণ্ডেলৰ জৰিয়তে এই দুৰ্ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে নেটিজনসকলেও আশ্বৰ্য ব্যক্ত কৰিছে। আলাস্কা এয়াৰলাইন্সে প্ৰকাশ কৰা মতে, শনিবাৰে সন্ধিয়া পৰ্টলেণ্ডৰ পৰা কেলিফৰ্ণিয়াৰ অন্টাৰিঅ’লৈ উৰা মাৰিছিল এএছ২৮২ নম্বৰৰ বয়িং ৭৩৭-৯ মেক্স বিমানখনে। কিন্তু বিমানখনে উৰা মৰাৰ মাত্ৰ কেইমিনিটমানৰ পিছতে বিমানখনৰ এক্সিট ড’ৰখন উভালি বিমানৰ পৰা বিচ্ছিন্ন হৈ পৰে। আৰু এই ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকময় পৰিৱশৰ সৃষ্টি হয়। পিছত সুৰক্ষিতভাৱে বিমানখন পৰ্টলেণ্ড বিমান বন্দৰলৈ পুনৰ ওভতাই পঠিওৱা হয়। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে…
Read More